--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ ঘৰলৈ আহিল লখিমী। কালি এটি কন্যা সন্তান লাভ কৰিলে ৰণবীৰ-আলিয়াই। কাপুৰ আৰু ভাট পৰিয়ালত আৰম্ভ হৈছে আনন্দ উদযাপন। আলিয়াই নিজেই নেটিজেনক দিছিল ভাল খবৰটো। তেওঁ কৈছিল ‘মেজিকেল গাৰ্ল’ তেওঁৰ কোলালৈ আহিছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ৰণবীৰ আৰু আলিয়া ভাটৰ কন্যাৰ নামক লৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে। জানেনে, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে বহু আগতেই শিশুটিৰ নাম ঠিক কৰি ৰাখিছিল। সেই নামটো কি? জানো আহক।

ৰণবীৰ আৰু আলিয়াই আৰম্ভণিৰে পৰাই ছোৱালী এজনীৰ আশা কৰিছিল। সেইবাবেই এই দম্পতীয়ে এটা অনন্য নাম আগতেই ভাবি ৰাখিছিল। নামটো আলিয়া আৰু ৰণবীৰৰ নামৰ আখৰেৰে গঠিত। এই নামটো আলিয়াই নিজেই প্ৰকাশ কৰিছিল। এই পুৰণি সাক্ষাৎকাৰটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। গংগুবাঈ কঠিয়াৱাৰীৰ প্ৰচাৰৰ সময়ত আলিয়াক এই বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল। তাৰ পিছত আলিয়াই ক'লে, "মোৰ প্ৰিয় নাম আয়ৰা। এই নামটো মোৰ বৰ ভাল লাগে।"

আলিয়াই লগতে জনাইছে যে নামটো ৰণবীৰ আৰু তেওঁৰ নামৰ আখৰেৰে গঠিত। ফলত এতিয়া নেটিজেনৰ এটা অংশই দাবী কৰিছে যে আলিয়া আৰু ৰণবীৰে নিজৰ কন্যাৰ নাম আয়ৰা ৰাখিব। এইবাৰ প্ৰশ্ন, আয়ৰা নামটোৰ অৰ্থ কি? আলিয়াৰ প্ৰিয় নামটো যিমানেই ধুনীয়া যেন লাগে, তাৰ অৰ্থও সিমানেই ধুনীয়া। এই নামৰ অৰ্থ হৈছে 'সন্মানীয়'। অৰ্থাৎ সন্মান লাভ কৰিব পৰাজনেই হৈছে আয়ৰা। এই নামৰ আন এটা অৰ্থ হৈছে সৰস্বতী। এতিয়া লক্ষ্যণীয় হ’ব ৰণবীৰ আৰু আলিয়াই নিজৰ কন্যাৰ নাম প্ৰজ্ঞাৰ দেৱীৰ নামেৰে ৰাখিব নে নাই।

উল্লেখযোগ্য যে পুৱা প্ৰায় ৭:৩০ বজাত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট গিৰগাঁৱৰ এইচ এন ৰিলায়েন্স হাস্পতালত উপস্থিত হৈছিল। তেওঁলোকৰ ক’লা ৰঙৰ ৰেঞ্জ ৰভাৰখন চিকিৎসালয়ৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে কৰ্মচাৰীসকলৰ ব্যস্ততা দেখা গৈছিল। জানিব পৰা গ’ল যে আলিয়াই প্ৰসৱৰ বাবে চিকিৎসালয়লৈ ততাতৈয়াকৈ আহিছিল। আলিয়া আৰু ৰণবীৰৰ পৰিয়ালটোৱে জুনিয়ৰ কাপুৰক আদৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। ইতিমধ্যে দুয়োগৰাকী তাৰকাক অভিনন্দন জ্ঞাপন কৰিছে বলীউডৰ চেলিব্ৰিটিসকলৰ লগতে অগণন অনুৰাগীয়ে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক