--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ ঘৰলৈ আহিল লখিমী। কালি এটি কন্যা সন্তান লাভ কৰিলে ৰণবীৰ-আলিয়াই। কাপুৰ আৰু ভাট পৰিয়ালত আৰম্ভ হৈছে আনন্দ উদযাপন। আলিয়াই নিজেই নেটিজেনক দিছিল ভাল খবৰটো। তেওঁ কৈছিল ‘মেজিকেল গাৰ্ল’ তেওঁৰ কোলালৈ আহিছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ৰণবীৰ আৰু আলিয়া ভাটৰ কন্যাৰ নামক লৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে। জানেনে, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে বহু আগতেই শিশুটিৰ নাম ঠিক কৰি ৰাখিছিল। সেই নামটো কি? জানো আহক।

ৰণবীৰ আৰু আলিয়াই আৰম্ভণিৰে পৰাই ছোৱালী এজনীৰ আশা কৰিছিল। সেইবাবেই এই দম্পতীয়ে এটা অনন্য নাম আগতেই ভাবি ৰাখিছিল। নামটো আলিয়া আৰু ৰণবীৰৰ নামৰ আখৰেৰে গঠিত। এই নামটো আলিয়াই নিজেই প্ৰকাশ কৰিছিল। এই পুৰণি সাক্ষাৎকাৰটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। গংগুবাঈ কঠিয়াৱাৰীৰ প্ৰচাৰৰ সময়ত আলিয়াক এই বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল। তাৰ পিছত আলিয়াই ক'লে, "মোৰ প্ৰিয় নাম আয়ৰা। এই নামটো মোৰ বৰ ভাল লাগে।"

আলিয়াই লগতে জনাইছে যে নামটো ৰণবীৰ আৰু তেওঁৰ নামৰ আখৰেৰে গঠিত। ফলত এতিয়া নেটিজেনৰ এটা অংশই দাবী কৰিছে যে আলিয়া আৰু ৰণবীৰে নিজৰ কন্যাৰ নাম আয়ৰা ৰাখিব। এইবাৰ প্ৰশ্ন, আয়ৰা নামটোৰ অৰ্থ কি? আলিয়াৰ প্ৰিয় নামটো যিমানেই ধুনীয়া যেন লাগে, তাৰ অৰ্থও সিমানেই ধুনীয়া। এই নামৰ অৰ্থ হৈছে 'সন্মানীয়'। অৰ্থাৎ সন্মান লাভ কৰিব পৰাজনেই হৈছে আয়ৰা। এই নামৰ আন এটা অৰ্থ হৈছে সৰস্বতী। এতিয়া লক্ষ্যণীয় হ’ব ৰণবীৰ আৰু আলিয়াই নিজৰ কন্যাৰ নাম প্ৰজ্ঞাৰ দেৱীৰ নামেৰে ৰাখিব নে নাই।

উল্লেখযোগ্য যে পুৱা প্ৰায় ৭:৩০ বজাত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট গিৰগাঁৱৰ এইচ এন ৰিলায়েন্স হাস্পতালত উপস্থিত হৈছিল। তেওঁলোকৰ ক’লা ৰঙৰ ৰেঞ্জ ৰভাৰখন চিকিৎসালয়ৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে কৰ্মচাৰীসকলৰ ব্যস্ততা দেখা গৈছিল। জানিব পৰা গ’ল যে আলিয়াই প্ৰসৱৰ বাবে চিকিৎসালয়লৈ ততাতৈয়াকৈ আহিছিল। আলিয়া আৰু ৰণবীৰৰ পৰিয়ালটোৱে জুনিয়ৰ কাপুৰক আদৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। ইতিমধ্যে দুয়োগৰাকী তাৰকাক অভিনন্দন জ্ঞাপন কৰিছে বলীউডৰ চেলিব্ৰিটিসকলৰ লগতে অগণন অনুৰাগীয়ে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু