--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হঠাৎ চৰ্চালৈ আহিল কৰ্ণাটকৰ এজন যুৱকৰ নাম। সোমবাৰে লোৱা এক সিদ্ধান্ত অনুসৰি ৰাম মন্দিৰৰ বাবে নিৰ্বাচিত হৈছে কৰ্ণাটকৰ বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ প্ৰতিমূৰ্তি। ইয়াৰ পূৰ্বেও অৰুণ যোগীৰাজে ইতিমধ্যে দেশৰ বহু গুৰুত্বপূৰ্ণ স্থান আৰু মন্দিৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। আনকি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও তেওঁৰ কামৰ শলাগ লয়।

অৰুণ যোগীৰাজে নিৰ্মাণ কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিৰ পিছফালে থকা গ্ৰেণ্ড কেন’পিত স্থাপন কৰা হৈছে। স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদানক সন্মান জনাই এই প্ৰতিমূৰ্তি তেওঁৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকীৰ পূৰ্বে স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

হিন্দুসকলৰ বিশ্বাসৰ কেন্দ্ৰ কেদাৰনাথ ধামত প্ৰতিষ্ঠিত আদি শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে। এই মূৰ্তিটোৰ ওজন প্ৰায় ৩০ টন। এই মূৰ্তিটো ক’লা গ্ৰেনাইট শিলৰ।

মহীশূৰ জিলাৰ চুঞ্চনকাট্টেৰ বাবে অৰুণ যোগীৰাজৰ ২১ ফুট উচ্চতাৰ হনুমান মূৰ্তি, সংবিধান নিৰ্মাতা ড° বি আৰ আম্বেদকাৰৰ ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি, মহীশূৰৰ স্বামী ৰামকৃষ্ণ পৰমহংসৰ বগা অমৃতাশিলা প্ৰতিমূৰ্তি, নন্দীৰ ছয় ফুট উচ্চতাৰ একক মূৰ্তি, ছয় ফুট উচ্চতাৰ বানাশংকৰী দেৱীৰ প্ৰতিমূৰ্তি মহীশূৰ ৰজা জয়চমৰাজেন্দ্ৰ ৱোদেয়াৰৰ ১৪.৫ ফুট উচ্চতাৰ বগা অমৃতাশিলা মূৰ্তিকে ধৰি আন বহুতো প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে যোগীৰাজে। মহীশূৰৰ বিখ্যাত ভাস্কৰ্য শিল্পীৰ পৰিয়ালৰ পঞ্চম প্ৰজন্ম অৰুণ যোগীৰাজ। তেওঁৰ দ্বাৰা নিৰ্মিত ভাস্কৰ্য্যসমূহ দেশৰ বিভিন্ন ৰাজ্যত স্থাপন কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু