--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হঠাৎ চৰ্চালৈ আহিল কৰ্ণাটকৰ এজন যুৱকৰ নাম। সোমবাৰে লোৱা এক সিদ্ধান্ত অনুসৰি ৰাম মন্দিৰৰ বাবে নিৰ্বাচিত হৈছে কৰ্ণাটকৰ বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ প্ৰতিমূৰ্তি। ইয়াৰ পূৰ্বেও অৰুণ যোগীৰাজে ইতিমধ্যে দেশৰ বহু গুৰুত্বপূৰ্ণ স্থান আৰু মন্দিৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। আনকি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও তেওঁৰ কামৰ শলাগ লয়।

অৰুণ যোগীৰাজে নিৰ্মাণ কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিৰ পিছফালে থকা গ্ৰেণ্ড কেন’পিত স্থাপন কৰা হৈছে। স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদানক সন্মান জনাই এই প্ৰতিমূৰ্তি তেওঁৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকীৰ পূৰ্বে স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

হিন্দুসকলৰ বিশ্বাসৰ কেন্দ্ৰ কেদাৰনাথ ধামত প্ৰতিষ্ঠিত আদি শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে। এই মূৰ্তিটোৰ ওজন প্ৰায় ৩০ টন। এই মূৰ্তিটো ক’লা গ্ৰেনাইট শিলৰ।

মহীশূৰ জিলাৰ চুঞ্চনকাট্টেৰ বাবে অৰুণ যোগীৰাজৰ ২১ ফুট উচ্চতাৰ হনুমান মূৰ্তি, সংবিধান নিৰ্মাতা ড° বি আৰ আম্বেদকাৰৰ ১৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি, মহীশূৰৰ স্বামী ৰামকৃষ্ণ পৰমহংসৰ বগা অমৃতাশিলা প্ৰতিমূৰ্তি, নন্দীৰ ছয় ফুট উচ্চতাৰ একক মূৰ্তি, ছয় ফুট উচ্চতাৰ বানাশংকৰী দেৱীৰ প্ৰতিমূৰ্তি মহীশূৰ ৰজা জয়চমৰাজেন্দ্ৰ ৱোদেয়াৰৰ ১৪.৫ ফুট উচ্চতাৰ বগা অমৃতাশিলা মূৰ্তিকে ধৰি আন বহুতো প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে যোগীৰাজে। মহীশূৰৰ বিখ্যাত ভাস্কৰ্য শিল্পীৰ পৰিয়ালৰ পঞ্চম প্ৰজন্ম অৰুণ যোগীৰাজ। তেওঁৰ দ্বাৰা নিৰ্মিত ভাস্কৰ্য্যসমূহ দেশৰ বিভিন্ন ৰাজ্যত স্থাপন কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক