--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বাবে জনাজাত। ভাৰতৰ সৌন্দৰ্য এইখিনিতে নিহিত হৈ আছে যে ইয়াত বিভিন্ন ধৰ্মৰ লোকে একেলগে বাস কৰে। ভাৰতত সৰ্বাধিক জনসংখ্যা হিন্দু ধৰ্মৰ আৰু তাৰ পাছত মুছলমান ধৰ্মৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশত ৯৬.৬৩ কোটি হিন্দু আৰু ১৭.২২ কোটি মুছলমান লোক বাস কৰে। কিন্তু আপুনি জানেনে ভাৰতৰ কোনখন ৰাজ্যত মুছলমান জনসংখ্যা সৰ্বাধিক আৰু সৰ্বনিম্ন?


লোকপিয়ল অনুসৰি মিজোৰামত দেশৰ ভিতৰতে সৰ্বনিম্ন মুছলমান আছে।উল্লেখযোগ্য যে মিজোৰামৰ মুছলমান জনসংখ্যা ৰাজ্যখনৰ জনসংখ্যাৰ ১.৪ শতাংশ। মিজোৰামৰ পাছত ছিকিমত মুছলমান জনসংখ্যা দেশৰ ভিতৰতে সৰ্বনিম্ন, য’ত ১.৬ শতাংশ মুছলমান ধৰ্মৰ লোকে বাস কৰে। সৰ্বনিম্ন মুছলমান জনসংখ্যাৰ ভিতৰত তৃতীয় স্থানত আছে হিমাচল প্ৰদেশ, য’ত ২.২ শতাংশ মুছলমান ধৰ্মৰ লোকে বাস কৰে। লগতে এই তালিকাত ওড়িশা চতুৰ্থ স্থানত থকাৰ বিপৰীতে নগালেণ্ড পঞ্চম স্থানত আছে। ওড়িশাত ২.২ শতাংশ মুছলমান বাস কৰাৰ বিপৰীতে নগালেণ্ডত ২.৫ শতাংশ মুছলমান বাস কৰে।


সৰ্বাধিক মুছলমান জনসংখ্যাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে। য'ত ২১ কোটিৰো অধিক মুছলমানে বাস কৰে। যিটো মুঠ জনসংখ্যাৰ ১৪.২৩ শতাংশ। ৰাজ্যৰ কথা ক’লে দেশৰ সৰ্বাধিক মুছলমান জনসংখ্যা উত্তৰ প্ৰদেশত বাস কৰে। য'ত ১৯.৩ শতাংশ মুছলমান বাস কৰে। একে সময়তে ২৫ শতাংশ মুছলমান লোক বাস কৰা এই তালিকাত দ্বিতীয় স্থানত আছে পশ্চিম বংগৰ নাম। ১৬.৯ শতাংশ মুছলমান জনসংখ্যা বসবাস কৰা তালিকাত তৃতীয় স্থানত বিহাৰৰ নাম। তালিকাত মহাৰাষ্ট্ৰ চতুৰ্থ আৰু অসম পঞ্চম স্থান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক