--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বাবে জনাজাত। ভাৰতৰ সৌন্দৰ্য এইখিনিতে নিহিত হৈ আছে যে ইয়াত বিভিন্ন ধৰ্মৰ লোকে একেলগে বাস কৰে। ভাৰতত সৰ্বাধিক জনসংখ্যা হিন্দু ধৰ্মৰ আৰু তাৰ পাছত মুছলমান ধৰ্মৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশত ৯৬.৬৩ কোটি হিন্দু আৰু ১৭.২২ কোটি মুছলমান লোক বাস কৰে। কিন্তু আপুনি জানেনে ভাৰতৰ কোনখন ৰাজ্যত মুছলমান জনসংখ্যা সৰ্বাধিক আৰু সৰ্বনিম্ন?


লোকপিয়ল অনুসৰি মিজোৰামত দেশৰ ভিতৰতে সৰ্বনিম্ন মুছলমান আছে।উল্লেখযোগ্য যে মিজোৰামৰ মুছলমান জনসংখ্যা ৰাজ্যখনৰ জনসংখ্যাৰ ১.৪ শতাংশ। মিজোৰামৰ পাছত ছিকিমত মুছলমান জনসংখ্যা দেশৰ ভিতৰতে সৰ্বনিম্ন, য’ত ১.৬ শতাংশ মুছলমান ধৰ্মৰ লোকে বাস কৰে। সৰ্বনিম্ন মুছলমান জনসংখ্যাৰ ভিতৰত তৃতীয় স্থানত আছে হিমাচল প্ৰদেশ, য’ত ২.২ শতাংশ মুছলমান ধৰ্মৰ লোকে বাস কৰে। লগতে এই তালিকাত ওড়িশা চতুৰ্থ স্থানত থকাৰ বিপৰীতে নগালেণ্ড পঞ্চম স্থানত আছে। ওড়িশাত ২.২ শতাংশ মুছলমান বাস কৰাৰ বিপৰীতে নগালেণ্ডত ২.৫ শতাংশ মুছলমান বাস কৰে।


সৰ্বাধিক মুছলমান জনসংখ্যাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে। য'ত ২১ কোটিৰো অধিক মুছলমানে বাস কৰে। যিটো মুঠ জনসংখ্যাৰ ১৪.২৩ শতাংশ। ৰাজ্যৰ কথা ক’লে দেশৰ সৰ্বাধিক মুছলমান জনসংখ্যা উত্তৰ প্ৰদেশত বাস কৰে। য'ত ১৯.৩ শতাংশ মুছলমান বাস কৰে। একে সময়তে ২৫ শতাংশ মুছলমান লোক বাস কৰা এই তালিকাত দ্বিতীয় স্থানত আছে পশ্চিম বংগৰ নাম। ১৬.৯ শতাংশ মুছলমান জনসংখ্যা বসবাস কৰা তালিকাত তৃতীয় স্থানত বিহাৰৰ নাম। তালিকাত মহাৰাষ্ট্ৰ চতুৰ্থ আৰু অসম পঞ্চম স্থান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু