ডিজিটেল
ডেস্ক : আয়ুৰ্বেদ ভাৰতৰ অন্যতম পুৰণি চিকিৎসা পদ্ধতি, ইয়াৰ ঔষধবোৰ বহু ধৰণৰ ৰোগৰ
চিকিৎসাত অতি ফলপ্ৰসূ বুলি বিবেচিত হৈছে। চিকিৎসা বিজ্ঞানেও বহুতো ঔষধ অধ্যয়নত যথেষ্ট
উপকাৰী আৰু ৰোগত অতি ফলপ্ৰসূ স্তৰৰ বুলি বিবেচনা কৰিছে। অশ্বগন্ধা এনে এটা ফলপ্ৰসূ
ঔষধ যিটো বছৰ বছৰ ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে।
আয়ুৰ্বেদৰ অন্যতম গুৰুত্বপূৰ্ণ বনৌষধি অশ্বগন্ধা। মানসিক চাপৰ পৰা উপশম পাবলৈ, শক্তিৰ মাত্ৰা বৃদ্ধি কৰিবলৈ, একাগ্ৰতা বৃদ্ধি কৰিবলৈ অশ্বগন্ধাক হাজাৰ হাজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি আহিছে।
অশ্বগন্ধা সম্পৰ্কে কৰা অধ্যয়নত বিজ্ঞানীসকলে এই কথাও জানিব পাৰিছে যে ইয়াত বিভিন্ন ধৰণৰ যৌগ থাকে যিবোৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়তে যথেষ্ট প্ৰভাৱ পেলাব পাৰে। অশ্বগন্ধা সেৱন কৰিলে শৰীৰৰ শক্তি বৃদ্ধিত বিশেষভাৱে উপকাৰী হ’ব পাৰে। ষ্ট্ৰেছ-ডিপ্ৰেছনৰ দৰে বহু ধৰণৰ মানসিক স্বাস্থ্যজনিত সমস্যাতো অশ্বগন্ধা সেৱন কৰিলে বিশেষ উপকাৰ হ’ব পাৰে। অশ্বগন্ধাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে বিতংভাৱে বুজি পাওঁ।
১.
শাৰীৰিক শক্তিৰ উন্নতি-
খেলুৱৈসকলৰ
ওপৰত কৰা অধ্যয়নত দেখা গৈছে যে অশ্বগন্ধা সেৱন কৰিলে খেলুৱৈৰ প্ৰদৰ্শনত হ’ব পাৰে।
পুৰুষ আৰু মহিলাৰ ওপৰত কৰা এই অধ্যয়নৰ পৰা কৰা গৱেষণাৰ বিশ্লেষণে প্ৰকাশ কৰিছে যে
অশ্বগন্ধা পৰিপূৰকে ব্যায়ামৰ সময়ত শক্তি আৰু অক্সিজেনৰ ব্যৱহাৰকে ধৰি শাৰীৰিক ক্ষমতা
বৃদ্ধি কৰিব পাৰে। পাঁচটা গৱেষণাৰ বিশ্লেষণত দেখা গৈছে যে অশ্বগন্ধা গ্ৰহণ কৰিলে সুস্থ
প্ৰাপ্তবয়স্ক আৰু খেলুৱৈৰ তেজত অক্সিজেনৰ মাত্ৰাও উন্নত হয়।
২.
মানসিক স্বাস্থ্যজনিত সমস্যাত উপকাৰিতা-
অধ্যয়নত
দেখা গৈছে যে অশ্বগন্ধাই মানুহৰ হতাশাকে ধৰি অন্যান্য মানসিক স্বাস্থ্যজনিত অৱস্থাৰ
লক্ষণসমূহো হ্ৰাস কৰাত সহায় কৰিব পাৰে। এটা অধ্যয়নত গৱেষকসকলে ৬৬জন স্কিজ’ফ্ৰেনিয়া
ৰোগীৰ ওপৰত অশ্বগন্ধাৰ ব্যৱহাৰ কৰিছিলি। তেওঁলোকে দেখিলে যে ১২সপ্তাহ ধৰি দৈনিক ১০০০
মিলিগ্ৰামপৰ্যন্ত অশ্বগন্ধা সেৱনৰ ফলত তেওঁলোকৰ লক্ষণসমূহ দ্ৰুতগতিত উন্নতি হৈছিল।
মানসিক চাপ আৰু উদ্বেগৰ সমস্যা দূৰ কৰাতো এই ঔষধৰ আচৰিত উপকাৰিতা দেখা গৈছে।
৩.
ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী-
গৱেষকসকলে
প্ৰকাশ কৰিছে যে অশ্বগন্ধা সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী হ’ব পাৰে। তেজৰ
শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত অশ্বগন্ধা উপযোগী বুলি বিবেচিত হৈছে। ডায়েবেটিছ ৰোগীৰ
ওপৰত ক্লিনিকেল অধ্যয়নকে ধৰি ২৪টা অধ্যয়নৰ পৰ্যালোচনাত দেখা গৈছে যে অশ্বগন্ধাই তেজৰ
চেনি, হিম’গ্লবিন A1c (HbA1c), ইনচুলিন, তেজৰ লিপিড, অক্সিডেটিভ ষ্ট্ৰেছ মাৰ্কাৰ হ্ৰাস
কৰাত সহায় কৰে। অৱশ্যে ইয়াৰ অধ্যয়ন এতিয়াও সীমিত।
৪.
প্ৰজনন ক্ষমতাত উপকাৰিতা-
অশ্বগন্ধাৰ
পৰিপূৰকেও পুৰুষৰ প্ৰজনন ক্ষমতা আৰু কিছুমান গৱেষণাত টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি কৰে
বুলি প্ৰমাণিত হৈছে। ৪০-৭০ বছৰ বয়সৰ পুৰুষৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে ইয়াক
সেৱন কৰিলে ক্লান্তিৰ লক্ষণসমূহ হ্ৰাস আৰু শক্তিবৰ্ধক হিচাপে সহায় কৰিব পাৰে। অশ্বগন্ধা
সেৱনৰ লগে লগে টেষ্টষ্টেৰন উৎপাদনৰ সুফল দেখা পোৱা গৈছিল। অংশগ্ৰহণকাৰীসকলৰ টেষ্টষ্টেৰনৰ
পৰিমাণো ১৪.৭% বেছি বৃদ্ধি পাইছিল।