--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত গণেশজীৰ এক বিশেষ স্থান আছে। যিকোনো শুভ কামৰ আগত গণেশৰ পূজা কৰা হয়। যাতে সকলো কাম সুকলমে সম্পন্ন কৰিব পৰা যায়। ভাদ্ৰপদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত গণেশৰ জন্ম হৈছিল আৰু এই দিনটোত অতি আড়ম্বৰেৰে গণেশ চতুৰ্থী পালন কৰা হয়। স্থান বিশেষে গণেশ মহোৎসৱ ১০দিনলৈ পালন কৰা হয়।

চতুৰ্থীৰ দিনা গণপতিক পূজাৰ সময়ত তেওঁৰ প্ৰিয় বস্তুবোৰ আগবঢ়োৱা হয়। গণেশক সন্তুষ্ট হৈ ভক্তসকলৰ সকলো সুখ-কষ্ট দূৰ কৰি সকলো কাম সুকলমে সম্পন্ন কৰিবলৈ আশীৰ্বাদ দিয়ে। এনে অৱস্থাত এই ১০দিনৰ বাবে বাপ্পাক তেওঁৰ প্ৰিয় বস্তু যেনে-মোদক, লাড়ু আদি আগবঢ়োৱা হয়। গণেশ চতুৰ্থীত বাপ্পাক ঘৰলৈ অনাৰ আগতে গণেশৰ মূৰ্তি কিনাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে জানো আহক।

গণেশৰ মূৰ্তি কিনাৰ সময়ত এইবোৰ কথা মনত ৰাখিব-

১. গণেশজীৰ বিভিন্ন মূৰ্তিৰ বিভিন্ন গুৰুত্ব জ্যোতিষশাস্ত্ৰত আছে। লগতে বাপ্পাৰ আকাৰ অনুযায়ী এটা সুকীয়া বৈশিষ্ট্য আছে। জ্যোৰ্তিবিজ্ঞান অনুসৰি চাকৰি বা ব্যৱসায়ৰ লগত জড়িত সমস্যাবোৰ দূৰ কৰিবলৈ হ’লে সেন্দূৰ ৰূপৰ ভগৱান গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব লাগে। এনে মূৰ্তি স্থাপনে ব্যক্তিজনৰ ভাগ্যৰ বন্ধ দুৱাৰ খুলি দিয়ে।

২. গণপতিৰ মূৰ্তি ক্ৰয় কৰাৰ সময়ত বিশেষ মন কৰিবলগীয়া কথাটো হ’ল-গণেশে বহি থকা মূৰ্তি কিনিব লাগে। গণেশ চতুৰ্থীৰ সময়ত এনে প্ৰতিমা প্ৰতিষ্ঠা কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।

৩. বাস্তুশাস্ত্ৰৰ মতে বাপ্পাৰ নৃত্য কৰা মূৰ্তি ঘৰত একেবাৰেই আনিব নালাগে। কোৱা হয় যে যদি কোনো ব্যক্তিয়ে এনে মূৰ্তি ঘৰলৈ আনে তেন্তে ঘৰৰ বিবাদ বৃদ্ধিৰ লগতে সুখ-শান্তি বিঘ্নিত হয় বুলি কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’