--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৭ চনৰ পিছত ২০২৪ চনত। ভাৰতে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপত জয়লাভ কৰে। ভাৰতীয় ক্ৰিকেট দলটোৱে এদিনীয়া আৰু টি-২০ত চতুৰ্থবাৰৰ বাবে বিশ্বকাপ জয় কৰে। শনিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা ফাইনেলত ৯টা নজিৰৰ সৃষ্টি হয়। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ব্যক্তিগত কৃতিত্ব অৰ্জন কৰাৰ উপৰিও ভাৰতে দল হিচাপে বহু নজিৰ গঢ়ি তুলিছে।

১) এইবাৰ ভাৰতীয় দলটোৱে বিশ্বকাপত কোনো মেচত পৰাস্ত হোৱা নাছিল। কানাডাৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে। ফাইনেলকে ধৰি বাকী আঠখন খেলতে ভাৰতীয় দলটোৱে জয়লাভ কৰে। বিশ্ব টি-২০ত অপৰাজিত হৈ জয়লাভ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত।

২) ভাৰত দ্বিতীয় বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰা তৃতীয় দেশ হিচাপে পৰিগণিত হয়। ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বাহিৰে আন কোনো দেশৰ এই কৃতিত্ব নাই। ইংলেণ্ডে ২০১০ আৰু ২০২২ চনত চেম্পিয়ন হৈছিল। ২০১২ আৰু ২০১৬ চনত ৱেষ্ট ইণ্ডিজ চেম্পিয়ন হৈছিল। ২০০৭ চনৰ পিছত ২০২৪ চনত ভাৰত পুনৰ চেম্পিয়ন হয়।

৩) দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা। ২০০৭ চনৰ চেম্পিয়ন দলৰ একমাত্ৰ সদস্য আছিল অধিনায়ক ৰোহিত। আন কোনো ভাৰতীয় ক্ৰিকেটাৰৰ এই কৃতিত্ব নাই।

৪) বিৰাট কোহলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ তিনিটা বৃহৎ চেম্পিয়নশ্বিপ লাভ কৰা দ্বিতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। এদিনীয়া বিশ্বকাপ, চেম্পিয়নছ ট্ৰফীৰ পিছত কোহলিয়ে টি-২০ বিশ্বকাপতো জয়লাভ কৰে। এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ  মহেন্দ্ৰ সিং ধোনী।

৫) ভাৰতৰ তৃতীয় অধিনায়ক হিচাপে ৰোহিতে বিশ্বকাপ জয় কৰে। কপিল দেৱ আৰু ধোনীৰ পিছতে তেওঁ ছিনিয়ৰ পৰ্যায়ত বিশ্ব চেম্পিয়নশ্বিপলৈ লৈ যোৱা তৃতীয়জন অধিনায়ক।

৬) শনিবাৰে ৰোহিতে ৫০ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত জয়ী হোৱা বিশ্বৰ প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়। ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি তেওঁ পাকিস্তানৰ বাবৰ আজমৰ অভিলেখ (৪৮ মেচ) ভংগ কৰে।

৭) ৰোহিতে এই বিশ্বকাপত অধিনায়ক হিচাপে ৮ টি-২০ প্ৰতিযোগিতাৰ ফাইনেল খেলিছিল। অধিনায়ক ৰোহিতে আঠখন ফাইনেলতে জয়লাভ কৰে। এনে নজিৰ আন কাৰো নাই।

৮) দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত ভাৰতে ১৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে কোনো দলে টি-২০ বিশ্বকাপৰ ফাইনেলত ইমান ৰান সংগ্ৰহ কৰা নাই। ২০২১ চনৰ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে ১৭৩ ৰান সংগ্ৰহ কৰিছিল। এৰন ফিঞ্চৰ দলৰ অভিলেখ ভংগ কৰিছে ৰোহিতবাহিনীয়ে৷

৯) ৩৭ বছৰীয়া ৰোহিত টি-২০ বিশ্বকাপ জয় কৰা আটাইতকৈ বয়সীয়াল অধিনায়ক। ইয়াৰ পূৰ্বে আন কোনো অধিনায়কে এই বয়সত ২০ অভাৰ ক্ৰিকেটত দেশখনক বিশ্ব চেম্পিয়ন কৰিব পৰা নাছিল। ক্ৰিকেটৰ সকলো ধৰণৰ ক্ৰিকেটত বিশ্বকাপ জয় কৰা বিশ্বৰ দ্বিতীয় বয়সীয়াল অধিনায়ক ৰোহিত। ১৯৯২ চনত ৩৯ বছৰ বয়সত ইমৰাণ খানে পাকিস্তানৰ অধিনায়কত্ব কৰি ৱান ডে বিশ্বকাপ খিতাপ দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান