--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৭ চনৰ পিছত ২০২৪ চনত। ভাৰতে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপত জয়লাভ কৰে। ভাৰতীয় ক্ৰিকেট দলটোৱে এদিনীয়া আৰু টি-২০ত চতুৰ্থবাৰৰ বাবে বিশ্বকাপ জয় কৰে। শনিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা ফাইনেলত ৯টা নজিৰৰ সৃষ্টি হয়। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ব্যক্তিগত কৃতিত্ব অৰ্জন কৰাৰ উপৰিও ভাৰতে দল হিচাপে বহু নজিৰ গঢ়ি তুলিছে।

১) এইবাৰ ভাৰতীয় দলটোৱে বিশ্বকাপত কোনো মেচত পৰাস্ত হোৱা নাছিল। কানাডাৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে। ফাইনেলকে ধৰি বাকী আঠখন খেলতে ভাৰতীয় দলটোৱে জয়লাভ কৰে। বিশ্ব টি-২০ত অপৰাজিত হৈ জয়লাভ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত।

২) ভাৰত দ্বিতীয় বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰা তৃতীয় দেশ হিচাপে পৰিগণিত হয়। ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বাহিৰে আন কোনো দেশৰ এই কৃতিত্ব নাই। ইংলেণ্ডে ২০১০ আৰু ২০২২ চনত চেম্পিয়ন হৈছিল। ২০১২ আৰু ২০১৬ চনত ৱেষ্ট ইণ্ডিজ চেম্পিয়ন হৈছিল। ২০০৭ চনৰ পিছত ২০২৪ চনত ভাৰত পুনৰ চেম্পিয়ন হয়।

৩) দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা। ২০০৭ চনৰ চেম্পিয়ন দলৰ একমাত্ৰ সদস্য আছিল অধিনায়ক ৰোহিত। আন কোনো ভাৰতীয় ক্ৰিকেটাৰৰ এই কৃতিত্ব নাই।

৪) বিৰাট কোহলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ তিনিটা বৃহৎ চেম্পিয়নশ্বিপ লাভ কৰা দ্বিতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। এদিনীয়া বিশ্বকাপ, চেম্পিয়নছ ট্ৰফীৰ পিছত কোহলিয়ে টি-২০ বিশ্বকাপতো জয়লাভ কৰে। এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ  মহেন্দ্ৰ সিং ধোনী।

৫) ভাৰতৰ তৃতীয় অধিনায়ক হিচাপে ৰোহিতে বিশ্বকাপ জয় কৰে। কপিল দেৱ আৰু ধোনীৰ পিছতে তেওঁ ছিনিয়ৰ পৰ্যায়ত বিশ্ব চেম্পিয়নশ্বিপলৈ লৈ যোৱা তৃতীয়জন অধিনায়ক।

৬) শনিবাৰে ৰোহিতে ৫০ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত জয়ী হোৱা বিশ্বৰ প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়। ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি তেওঁ পাকিস্তানৰ বাবৰ আজমৰ অভিলেখ (৪৮ মেচ) ভংগ কৰে।

৭) ৰোহিতে এই বিশ্বকাপত অধিনায়ক হিচাপে ৮ টি-২০ প্ৰতিযোগিতাৰ ফাইনেল খেলিছিল। অধিনায়ক ৰোহিতে আঠখন ফাইনেলতে জয়লাভ কৰে। এনে নজিৰ আন কাৰো নাই।

৮) দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত ভাৰতে ১৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে কোনো দলে টি-২০ বিশ্বকাপৰ ফাইনেলত ইমান ৰান সংগ্ৰহ কৰা নাই। ২০২১ চনৰ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে ১৭৩ ৰান সংগ্ৰহ কৰিছিল। এৰন ফিঞ্চৰ দলৰ অভিলেখ ভংগ কৰিছে ৰোহিতবাহিনীয়ে৷

৯) ৩৭ বছৰীয়া ৰোহিত টি-২০ বিশ্বকাপ জয় কৰা আটাইতকৈ বয়সীয়াল অধিনায়ক। ইয়াৰ পূৰ্বে আন কোনো অধিনায়কে এই বয়সত ২০ অভাৰ ক্ৰিকেটত দেশখনক বিশ্ব চেম্পিয়ন কৰিব পৰা নাছিল। ক্ৰিকেটৰ সকলো ধৰণৰ ক্ৰিকেটত বিশ্বকাপ জয় কৰা বিশ্বৰ দ্বিতীয় বয়সীয়াল অধিনায়ক ৰোহিত। ১৯৯২ চনত ৩৯ বছৰ বয়সত ইমৰাণ খানে পাকিস্তানৰ অধিনায়কত্ব কৰি ৱান ডে বিশ্বকাপ খিতাপ দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু