--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিল্ম ফেয়াৰ বঁটাত সমালোচকৰ শ্ৰষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা  বিক্ৰান্ত মাছিয়ে তেওঁৰ টুৱেলভ ফেইল ছবিত কৰা অভিনয়ৰে বহুতৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ছবি খনৰ   বাবে  তেওঁ দৰ্শকৰ যথেষ্ট মৰম আৰু প্ৰশংসা লাভ কৰি আহিছে। বিধু বিনোদ চোপ্ৰাই  পৰিচালনা কৰা মনোজ কুমাৰ শৰ্মাৰ বাস্তৱ জীৱনৰ যাত্ৰাকলৈ  নিৰ্মাণ কৰা ছবি খনত নায়কে  শৌচালয় পৰিষ্কাৰ কৰাৰ  পৰা আৰম্ভ কৰি  পুথিভঁৰালত কাম কৰা  আৰু পিছলৈ  প্ৰতিটো বাধা অতিক্ৰম কৰি এজন আইপিএছ বিষয়া হোৱাৰ কাহিনী দাঙি ধৰা হৈছে। 

এক সাক্ষাৎকাৰত বিক্ৰান্তে ছবি  উদ্যোগটোত তেওঁৰ প্ৰাৰম্ভিক দিনবোৰৰ বিষয়ে মুকলিকৈ  কৈছে। অভিনেতাজনে সেই সময়ৰ বিষয়েও কৈছে  যেতিয়া তেওঁ  চিনেমাত ভাগ্য পৰীক্ষা কৰিবলৈ এটা সফল টিভি কেৰিয়াৰ এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। বিক্ৰান্তে লগতে কয়  যে তেওঁ মাহে ৩৫ লাখ টকা  উপাৰ্জন কৰিছিল ।অভিনেতাজনে কয় , "মই টিভিত যথেষ্ট উপাৰ্জন কৰিছিলো। মই ২৪ বছৰ বয়সত মোৰ প্ৰথম ঘৰটো কিনিছিলো। কিন্তু টিভিৰ সেই  জগতৰ পৰা ওলাই আহি  মই চিনেমাত মোৰ ভাগ্য পৰীক্ষা  কৰাৰ সিদ্ধান্ত লৈছিলো। মই অনুভৱ কৰিছিলো যে যদিও মই আৰ্থিকভাৱে সুৰক্ষিত হৈ পৰিছিলো, ই মোক ভালদৰে টোপনি যোৱাত সহায় কৰা নাছিল।  মই মোৰ পিতৃ-মাতৃ আৰু আনসকলৰ প্ৰতি মোৰ সকলো বিত্তীয় দায়িত্ব পালন কৰিছিলোঁ ।" 

তেওঁ লগতে কয়, "যেতিয়া মই তেওঁলোকক কৈছিলো যে মই ছবিত কাম কৰা  পুনৰ আৰম্ভ কৰিম তেতিয়া মোৰ মা-দেউতা হতবাক হৈ পৰিছিল। কাৰণ সেই সময়ত মই বহুত টকা উপাৰ্জন কৰি আছিলো। ২৪  বছৰ বয়সত  মই প্ৰতি মাহে ৩৫  লাখ টকা  উপাৰ্জন কৰি আছিলো।  মধ্যবিত্ত পৰিয়ালৰ পৰা পৰা অহা ব্যক্তিৰ বাবে সেয়া বহুত টকা আছিল। মই সেই সময়ত টিভি এৰিছিলো যেতিয়া মোৰ হাতত প্ৰতি মাহে ৩৫ লাখ টকাৰ  চুক্তি আছিল। মই ভাল কাম কৰিবলৈ আৰু শান্তি বিচাৰিবলৈ টিভি এৰাৰ  সিদ্ধান্ত লৈছিলো।" 

অভিনেতাজনে কয় , "মোৰ সঞ্চয় এবছৰত শেষ হৈ গৈছিল আৰু তাৰ পিছত মোৰ পত্নী শীতলে (সেই সময়ত তেওঁৰ প্ৰেমিকা) মোক অডিচনৰ বাবে পকেট মানি দিছিল।" বিক্ৰান্ত আৰু শীতলে ২০২২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। দম্পতীহালে অলপতে তেওঁলোকৰ প্ৰথমটো  পুত্ৰ সন্তানক  আদৰণি  জনাইছে।  
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ