--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিল্ম ফেয়াৰ বঁটাত সমালোচকৰ শ্ৰষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা  বিক্ৰান্ত মাছিয়ে তেওঁৰ টুৱেলভ ফেইল ছবিত কৰা অভিনয়ৰে বহুতৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ছবি খনৰ   বাবে  তেওঁ দৰ্শকৰ যথেষ্ট মৰম আৰু প্ৰশংসা লাভ কৰি আহিছে। বিধু বিনোদ চোপ্ৰাই  পৰিচালনা কৰা মনোজ কুমাৰ শৰ্মাৰ বাস্তৱ জীৱনৰ যাত্ৰাকলৈ  নিৰ্মাণ কৰা ছবি খনত নায়কে  শৌচালয় পৰিষ্কাৰ কৰাৰ  পৰা আৰম্ভ কৰি  পুথিভঁৰালত কাম কৰা  আৰু পিছলৈ  প্ৰতিটো বাধা অতিক্ৰম কৰি এজন আইপিএছ বিষয়া হোৱাৰ কাহিনী দাঙি ধৰা হৈছে। 

এক সাক্ষাৎকাৰত বিক্ৰান্তে ছবি  উদ্যোগটোত তেওঁৰ প্ৰাৰম্ভিক দিনবোৰৰ বিষয়ে মুকলিকৈ  কৈছে। অভিনেতাজনে সেই সময়ৰ বিষয়েও কৈছে  যেতিয়া তেওঁ  চিনেমাত ভাগ্য পৰীক্ষা কৰিবলৈ এটা সফল টিভি কেৰিয়াৰ এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। বিক্ৰান্তে লগতে কয়  যে তেওঁ মাহে ৩৫ লাখ টকা  উপাৰ্জন কৰিছিল ।অভিনেতাজনে কয় , "মই টিভিত যথেষ্ট উপাৰ্জন কৰিছিলো। মই ২৪ বছৰ বয়সত মোৰ প্ৰথম ঘৰটো কিনিছিলো। কিন্তু টিভিৰ সেই  জগতৰ পৰা ওলাই আহি  মই চিনেমাত মোৰ ভাগ্য পৰীক্ষা  কৰাৰ সিদ্ধান্ত লৈছিলো। মই অনুভৱ কৰিছিলো যে যদিও মই আৰ্থিকভাৱে সুৰক্ষিত হৈ পৰিছিলো, ই মোক ভালদৰে টোপনি যোৱাত সহায় কৰা নাছিল।  মই মোৰ পিতৃ-মাতৃ আৰু আনসকলৰ প্ৰতি মোৰ সকলো বিত্তীয় দায়িত্ব পালন কৰিছিলোঁ ।" 

তেওঁ লগতে কয়, "যেতিয়া মই তেওঁলোকক কৈছিলো যে মই ছবিত কাম কৰা  পুনৰ আৰম্ভ কৰিম তেতিয়া মোৰ মা-দেউতা হতবাক হৈ পৰিছিল। কাৰণ সেই সময়ত মই বহুত টকা উপাৰ্জন কৰি আছিলো। ২৪  বছৰ বয়সত  মই প্ৰতি মাহে ৩৫  লাখ টকা  উপাৰ্জন কৰি আছিলো।  মধ্যবিত্ত পৰিয়ালৰ পৰা পৰা অহা ব্যক্তিৰ বাবে সেয়া বহুত টকা আছিল। মই সেই সময়ত টিভি এৰিছিলো যেতিয়া মোৰ হাতত প্ৰতি মাহে ৩৫ লাখ টকাৰ  চুক্তি আছিল। মই ভাল কাম কৰিবলৈ আৰু শান্তি বিচাৰিবলৈ টিভি এৰাৰ  সিদ্ধান্ত লৈছিলো।" 

অভিনেতাজনে কয় , "মোৰ সঞ্চয় এবছৰত শেষ হৈ গৈছিল আৰু তাৰ পিছত মোৰ পত্নী শীতলে (সেই সময়ত তেওঁৰ প্ৰেমিকা) মোক অডিচনৰ বাবে পকেট মানি দিছিল।" বিক্ৰান্ত আৰু শীতলে ২০২২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। দম্পতীহালে অলপতে তেওঁলোকৰ প্ৰথমটো  পুত্ৰ সন্তানক  আদৰণি  জনাইছে।  
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু