--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কমেডিয়ানসকলে অহৰহ দৰ্শকক হহুঁৱাই অথবা হাঁহিবলৈ বাধ্য কৰায়। কিন্তু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কাহিনী প্ৰায়ে হাঁহিৰে আৱৰি নাথাকে। ব্যক্তিগত যন্ত্ৰণাও কৌতুকৰ আৱৰণত ঢাকি ৰখা হয়। বলীউডৰ আইকনিক কমেডিয়ান জনী লিভাৰৰ ক্ষেত্ৰত এই কথা অতি সত্য। ৩০০ৰো অধিক ছবিত কাম কৰিলে। কিন্তু নিজৰ জীৱনৰ এটা অধ্যায় আন্ধাৰেৰে আবৃত। জীৱনৰ প্ৰতি তেওঁৰ ইমানেই বিতৃষ্ণা আছিল যে তেওঁ নিজকে হত্যা কৰিবলৈ চেষ্টা কৰিছিল।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত কমেডিয়ানগৰাকীয়ে তেওঁৰ জীৱনৰ এনে এটা অধ্যায়ৰ কথা কৈছিল। মাত্ৰ ১৩ বছৰ বয়সতে জনীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। বিষণ্ণতাই তেওঁক আগুৰি ধৰিলে। জীৱনৰ প্ৰতি তেওঁৰ বিতৃষ্ণা আছিল। জনীয়ে কয় যে মই ভাবিছিলো - ''মই জীয়াই থাকিলে অধিক কষ্ট পাম। গতিকে মই সিদ্ধান্ত লৈছিলো যে মই নিজে শেষ কৰিলে দুখবোৰ অলপ হ’লেও কমি যাব। ৰেল লাইনত শুই থাকিলোঁ ৰেলৰ বাবে অপেক্ষা কৰি। কিন্তু চুবুৰীৰ মানুহে মোক ৰক্ষা কৰিলে।”

পৰ্দাত সকলো সময়তে হাঁহি থকাজনে কিয় পৃথিৱী এৰি যোৱাৰ কথা ভাবিছিল? জনীয়ে কৈছিল যে দেউতাকৰ বাবেই তেওঁ কিবা কাৰণত ডিপ্ৰেছনত পৰিছিল। অৱশ্যে ইয়াৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰা নাই। জনীয়ে কয় যে তেওঁৰ জীৱনটোৱে শৈশৱৰ পৰা সম্পূৰ্ণ বেলেগ ৰূপ লৈছিল। তেওঁ এনে এখন ঠাইত বাস কৰিছিল, সেয়া হৈছে অপৰাধীৰ বাস। চকুৰ সন্মুখত বহু হত্যাকাণ্ড দেখিছিল। তেওঁ অভিনেতাৰ সলনি অপৰাধী হ’ব পাৰিলেহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু