--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুমুখৰ পৰা উভতি আহিল অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্না। ৰশ্মিকাৰ সৈতে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ভাগ্যক্ৰমে মৃত্যুৰ পৰা ৰক্ষা পৰিল অভিনেত্ৰীগৰাকী। তেওঁ নিজেই এই তথ্য শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল যে তেওঁ মৃত্যুৰ পৰা ৰক্ষা পৰিছে। 

অৱশ্যে যিখন বিমানেৰে যাত্ৰা কৰি আছিল সেই বিমানখনৰ মুখপাত্ৰই নিজৰ ভাষ্য সদৰী কৰিছে। পাইলটৰ মতে, ৰশ্মিকাই প্ৰকাশ কৰা ধৰণে ঘটনাটো ইমানো বেছি ডাঙৰ নাছিল। কিন্তু হয়, বিমানখনত কিছু সমস্যা হৈছিল, যিটো সময়ত ঠিক কৰা হৈছিল।

ৰশ্মিকা মুম্বাইৰ পৰা হায়দৰাবাদলৈ গৈ আছিল। কিন্তু বিমানখনত কিছু সমস্যা হৈছিল। ইয়াৰ পিছত বিমানখনে ইমাৰ্জেন্সি লেণ্ডিং কৰে। পাছত আন এখন বিমানত সকলো যাত্ৰীৰ সৈতে ৰশ্মিকাক হায়দৰাবাদলৈ পঠিওৱা হৈছিল। ৰশ্মিকাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ফটো শ্বেয়াৰ কৰি লিখিছে - 

‘আপোনালোকক জনাও যে, আজি আমি এনেদৰেই মৃত্যুৰ পৰা ৰক্ষা পৰিলোঁ...’ ফটোখনত ৰশ্মিকাই সকাহ পাই হাঁহি থকা দেখা গৈছে। বিমানখনত তেওঁৰ সৈতে আছিল দক্ষিণৰ অভিনেত্ৰী শ্ৰদ্ধা দাস। ফটোখনত দুয়োকে বিমানৰ ভিতৰত পোজ দিয়া দেখা গৈছে। যদিও ৰশ্মিকা সুৰক্ষিত, কিন্তু তেওঁৰ এই ফটোখন দেখি অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি হয়। সকলোৱে তেওঁৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰা দেখা গ’ল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ