--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাই আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে যিয়ে প্ৰতিদিনে ৫-১০ কোটি টকা উপাৰ্জন কৰে!  লক্ষ্যণীয় কথাটো হ’ল গ্ৰেপ্তাৰ হোৱা লোকজনে কেৱল দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। তেওঁ এটা দলক নেতৃত্ব দি আহিছিল।  এই দলটোৰ সদস্যসকল দেশৰ বহু চহৰত বিয়পি আছে। দলটোৱে পুৰুষতকৈ মহিলাসকলক বেছিকৈ লুটপাতৰ  লক্ষ্য কৰি লৈছিল। বহু মহিলা-যুৱতীক দলটোৱে মিছা গোচৰত জড়িত কৰাৰ ভাবুকি দি প্ৰতাৰণা কৰিছিল।

এনেদৰে এই দলটোৱে প্ৰতিদিনে কোটি কোটি টকা উপাৰ্জন কৰি আহিছিল বুলি আৰক্ষীয়ে প্ৰাশ কৰিছে। মুম্বাইৰ শীৰ্ষ আৰক্ষী বিষয়া অজয় কুমাৰ বানচালে কয় যে শ্ৰীনিবাস ৰাও দাদী (৪৯) নামৰ লোক জনক  হায়দৰাবাদৰ এখন বিলাসী হোটেলৰ পৰা বাংগুৰ নগৰ আৰক্ষী থানাৰ এটা দলে আটক কৰবলৈ সক্ষম হৈছে। তেওঁ কেৱল দ্বাদশ শ্ৰেণীলৈকেহে অধ্যয়ন কৰিছিল, কিন্তু প্ৰযুক্তিবিদ্যাত তেওঁ যেন বিশেষজ্ঞ। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে শ্ৰীনিবাসৰ লগতে তেওঁৰ দলটোৰ আৰু চাৰিজন সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে। 

তেওঁলোকৰ দুজনক থানেৰ পৰা আৰু দুজনক কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।অজয় কুমাৰ বানচালে কয় যে দলটোৱে মহিলা-যুৱতীক প্ৰৱঞ্চনাৰ কৰিবলৈ আৰক্ষীৰ ছদ্মবেশ গ্ৰহণ কৰিছিল।  দলটোৱে যিসকলক বিভিন্ন  অভিযোগৰ বাবে মাতিছিল তেওঁলোকৰ  বেছিভাগেই  মহিলা। যিসকলক মাতি অনা হৈছিল তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকলৈ অনলাইন যোগে অহা  পাৰ্চেলত  ড্ৰাগছ বা অস্ত্ৰ আছে।

দলটোৱে এনে অভিযোগ অনাৰ পিছতে তেনে মহিলা বা পুৰুষৰ  বেংক একাউণ্টৰ বিৱৰণ বিচাৰিছিল । বেংকৰ বিৱৰণ পোৱাৰ পিছত তেওঁলোকে কুৰিয়াৰটো কোনে প্ৰেৰণ কৰিছে সেয়া বিচাৰি উলিয়াব বুলি কথা দিছিল।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে বেছিভাগ মানুহে তেওঁলোকৰ পৰা ফোন কল পাই  ভয় খাইছিল আৰু তেওঁলোকৰ বেংকৰ তথ্য  দলটোক দিছিল। ইয়াৰ পিছত দলটোৱে প্ৰতিদিনে বহু লোকৰ বেংক  একাউণ্টৰ পৰা ধন উলিয়াই নিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ