--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাই আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে যিয়ে প্ৰতিদিনে ৫-১০ কোটি টকা উপাৰ্জন কৰে!  লক্ষ্যণীয় কথাটো হ’ল গ্ৰেপ্তাৰ হোৱা লোকজনে কেৱল দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। তেওঁ এটা দলক নেতৃত্ব দি আহিছিল।  এই দলটোৰ সদস্যসকল দেশৰ বহু চহৰত বিয়পি আছে। দলটোৱে পুৰুষতকৈ মহিলাসকলক বেছিকৈ লুটপাতৰ  লক্ষ্য কৰি লৈছিল। বহু মহিলা-যুৱতীক দলটোৱে মিছা গোচৰত জড়িত কৰাৰ ভাবুকি দি প্ৰতাৰণা কৰিছিল।

এনেদৰে এই দলটোৱে প্ৰতিদিনে কোটি কোটি টকা উপাৰ্জন কৰি আহিছিল বুলি আৰক্ষীয়ে প্ৰাশ কৰিছে। মুম্বাইৰ শীৰ্ষ আৰক্ষী বিষয়া অজয় কুমাৰ বানচালে কয় যে শ্ৰীনিবাস ৰাও দাদী (৪৯) নামৰ লোক জনক  হায়দৰাবাদৰ এখন বিলাসী হোটেলৰ পৰা বাংগুৰ নগৰ আৰক্ষী থানাৰ এটা দলে আটক কৰবলৈ সক্ষম হৈছে। তেওঁ কেৱল দ্বাদশ শ্ৰেণীলৈকেহে অধ্যয়ন কৰিছিল, কিন্তু প্ৰযুক্তিবিদ্যাত তেওঁ যেন বিশেষজ্ঞ। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে শ্ৰীনিবাসৰ লগতে তেওঁৰ দলটোৰ আৰু চাৰিজন সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে। 

তেওঁলোকৰ দুজনক থানেৰ পৰা আৰু দুজনক কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।অজয় কুমাৰ বানচালে কয় যে দলটোৱে মহিলা-যুৱতীক প্ৰৱঞ্চনাৰ কৰিবলৈ আৰক্ষীৰ ছদ্মবেশ গ্ৰহণ কৰিছিল।  দলটোৱে যিসকলক বিভিন্ন  অভিযোগৰ বাবে মাতিছিল তেওঁলোকৰ  বেছিভাগেই  মহিলা। যিসকলক মাতি অনা হৈছিল তেওঁলোকক কোৱা হৈছিল যে তেওঁলোকলৈ অনলাইন যোগে অহা  পাৰ্চেলত  ড্ৰাগছ বা অস্ত্ৰ আছে।

দলটোৱে এনে অভিযোগ অনাৰ পিছতে তেনে মহিলা বা পুৰুষৰ  বেংক একাউণ্টৰ বিৱৰণ বিচাৰিছিল । বেংকৰ বিৱৰণ পোৱাৰ পিছত তেওঁলোকে কুৰিয়াৰটো কোনে প্ৰেৰণ কৰিছে সেয়া বিচাৰি উলিয়াব বুলি কথা দিছিল।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে বেছিভাগ মানুহে তেওঁলোকৰ পৰা ফোন কল পাই  ভয় খাইছিল আৰু তেওঁলোকৰ বেংকৰ তথ্য  দলটোক দিছিল। ইয়াৰ পিছত দলটোৱে প্ৰতিদিনে বহু লোকৰ বেংক  একাউণ্টৰ পৰা ধন উলিয়াই নিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস