--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত এতিয়া বলিছে নিৰ্বাচনী বতাহ। ৰাজ্য খনত বৃহস্পতিবাৰে আৰম্ভ হৈছে পৌৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। এনে সময়তে পৌৰ নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থী সঞ্জয় দুবেই লিখা বুলি প্ৰচাৰ হৈছে এখন চিঠিৰ কথা।  

অৱশ্যে তেওঁ দাবী কৰিছে  যে তেওঁ  চিঠিখন  লিখা নাছিল। সেয়ে তেওঁ ভাইৰেল পত্ৰখন লৈ  নিৰ্বাচন আয়োগৰ কাষ চাপিছে। তেওঁ বিষয়টোৰ  তদন্তৰ বাবে এখন পত্ৰও লিখিছে।বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ পৌৰ নিৰ্বাচন আৰম্ভ হৈছে। এনে সময়তে  কানপুৰৰ ৩০ নং ৱাৰ্ডৰ প্ৰাৰ্থীৰ নামত লিখা এখন পত্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

Letter to RO

পত্ৰ খনে  যথেষ্ট আলোড়ণৰো সৃষ্টি কৰিছে। পত্ৰখন ৰিটাৰ্ণিং বিষয়ালৈ লিখা হৈছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে পত্ৰখনৰ সত্যতা আৰু ভিডিঅ'টোৰ সত্যতাও  প্ৰমাণিত কৰা নাই।

 ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পত্ৰখনত ৰিটাৰ্ণিং বিষয়াজনক সম্বোধন কৰি লিখা হৈছে, "মহাশয়, মই আম্বেদকাৰনগৰ কাকাদেৱৰ ৩০ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী । ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ এগৰাকী ৰাছিয়ান মহিলাৰ নৃত্য আৰু সুৰাপানৰ ব্যৱস্থা কৰিব বিচাৰো। অনুগ্ৰহ কৰি অনুমতি দিয়ে যেন। এগৰাকী ৰাছিয়ান মহিলাই  নৃত্য কৰি থকা ভিডিঅ’ও  চিঠিখনৰ সৈতে  ভাইৰেল হৈ পৰিছিল।  ফলত প্ৰশাসন বিচলিত হৈ পৰিছে।

প্ৰাৰ্থীৰ  সঞ্জয় দুবেৰ পৰা  অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে। কানপুৰত ১১ মে'ত পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ  অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে প্ৰাৰ্থীৰ নামত লিখা পত্ৰখনে চহৰখনত হুলস্থূলৰ সৃষ্টি কৰিছে। চিঠিখন দেখি আৰক্ষীও হতবাক হৈ পৰিছে। আৰক্ষীয়ে প্ৰাৰ্থী সঞ্জয়কো এই সন্দৰ্ভত সোধা-পোছা কৰিছে। ভাইৰেল হোৱা ভিডিঅ'টো ক’ৰ পৰা আহিল সেই বিষয়েও  আৰক্ষীয়েও অনুসন্ধান কৰি আছে। যদি সঞ্জয়ে চিঠিখন লিখা নাছিল তেন্তে সেয়া কোনে  লিখিছিল? আৰক্ষীয়ে এতিয়া বিষয়টো অনুসন্ধান কৰি আছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল