--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত এতিয়া বলিছে নিৰ্বাচনী বতাহ। ৰাজ্য খনত বৃহস্পতিবাৰে আৰম্ভ হৈছে পৌৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। এনে সময়তে পৌৰ নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থী সঞ্জয় দুবেই লিখা বুলি প্ৰচাৰ হৈছে এখন চিঠিৰ কথা।  

অৱশ্যে তেওঁ দাবী কৰিছে  যে তেওঁ  চিঠিখন  লিখা নাছিল। সেয়ে তেওঁ ভাইৰেল পত্ৰখন লৈ  নিৰ্বাচন আয়োগৰ কাষ চাপিছে। তেওঁ বিষয়টোৰ  তদন্তৰ বাবে এখন পত্ৰও লিখিছে।বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ পৌৰ নিৰ্বাচন আৰম্ভ হৈছে। এনে সময়তে  কানপুৰৰ ৩০ নং ৱাৰ্ডৰ প্ৰাৰ্থীৰ নামত লিখা এখন পত্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

Letter to RO

পত্ৰ খনে  যথেষ্ট আলোড়ণৰো সৃষ্টি কৰিছে। পত্ৰখন ৰিটাৰ্ণিং বিষয়ালৈ লিখা হৈছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে পত্ৰখনৰ সত্যতা আৰু ভিডিঅ'টোৰ সত্যতাও  প্ৰমাণিত কৰা নাই।

 ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পত্ৰখনত ৰিটাৰ্ণিং বিষয়াজনক সম্বোধন কৰি লিখা হৈছে, "মহাশয়, মই আম্বেদকাৰনগৰ কাকাদেৱৰ ৩০ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী । ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ এগৰাকী ৰাছিয়ান মহিলাৰ নৃত্য আৰু সুৰাপানৰ ব্যৱস্থা কৰিব বিচাৰো। অনুগ্ৰহ কৰি অনুমতি দিয়ে যেন। এগৰাকী ৰাছিয়ান মহিলাই  নৃত্য কৰি থকা ভিডিঅ’ও  চিঠিখনৰ সৈতে  ভাইৰেল হৈ পৰিছিল।  ফলত প্ৰশাসন বিচলিত হৈ পৰিছে।

প্ৰাৰ্থীৰ  সঞ্জয় দুবেৰ পৰা  অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে। কানপুৰত ১১ মে'ত পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ  অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে প্ৰাৰ্থীৰ নামত লিখা পত্ৰখনে চহৰখনত হুলস্থূলৰ সৃষ্টি কৰিছে। চিঠিখন দেখি আৰক্ষীও হতবাক হৈ পৰিছে। আৰক্ষীয়ে প্ৰাৰ্থী সঞ্জয়কো এই সন্দৰ্ভত সোধা-পোছা কৰিছে। ভাইৰেল হোৱা ভিডিঅ'টো ক’ৰ পৰা আহিল সেই বিষয়েও  আৰক্ষীয়েও অনুসন্ধান কৰি আছে। যদি সঞ্জয়ে চিঠিখন লিখা নাছিল তেন্তে সেয়া কোনে  লিখিছিল? আৰক্ষীয়ে এতিয়া বিষয়টো অনুসন্ধান কৰি আছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস