--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনত এছিয়া কাপৰ খিতাপ জয় কৰাৰ পিছত টীম ইণ্ডিয়াৰ সদস্যসকলৰ আনন্দে নধৰা হৈছে হিয়া ।  যোৱা নিশাই বিজয়ৰ অন্তত শ্ৰীলংকা এৰি ভাৰতলৈ  উভতি টীম ইণ্ডিয়াৰ দলটো । কিন্তু বিমান বন্দৰ অভিমুখী বাছত উঠাৰ পিছতে অপ্ৰস্তুত হৈ পৰে ভাৰতীয় দলৰ   কেপ্টেইন ৰোহিত শৰ্মা।  বাছত বহি থাকোতে ৰোহিত শৰ্মাৰ হঠাতে গম পালে তেওঁৰ পাছপোৰ্ট খন লগত নাই।তৎমুহূৰ্ততে তেওঁৰ মনতো পৰিল যে হোটেলতে তেওঁৰ পাছপোৰ্ট খন এৰি থৈ আহিছে।

পিছত যেনিবা আন এজন লোকে হোটেললৈ গৈ ৰোহিতৰ পাছপোৰ্টখন লৈ আহে। ভাৰতীয় দলটোৰ  অধিনায়ক ৰোহিত শৰ্মাই বস্তু পাহৰাৰ ঘটনা এয়াই প্ৰথম নহয়। তেওঁ প্ৰায়ে এনেদৰে বস্তু পাহৰি আহে বুলি আনকি  বিৰাট  কোহলীয়েও কৈছিল। 

শেহতীয়া ঘটনাটোৰ পিছত ৰোহিতৰ অনুৰাগীসকলে কোহলীৰ পূৰ্বৰ বক্তব্য মনত পেলাইছে।  বিৰাট কোহলীয়ে তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল যে  ৰোহিত শৰ্মাৰ  সামগ্ৰী পাহৰি যোৱাৰ অভ্যাস পুৰণি। ৰোহিতৰ ক্ষেত্ৰত  শ্ৰীলংকাত একে ধৰণৰ ঘটনাই ঘটিছে। বিৰাট কোহলীয়ে সাক্ষাৎকাৰটোত লগতে কৈছিল যে ৰোহিতে প্ৰায়ে হোটেলত তেওঁৰ আইপেড, ম'বাইল ফোন আৰু পাছপোৰ্ট পাহৰি যায়। এবাৰ তেওঁ হোটেলত তেওঁৰ বিয়াৰ আঙুঠিটোও পাহৰি এৰি থৈ আহিছিল। যদিও প্ৰতিবাৰেই তেওঁ সেইবোৰ ঘূৰাই পাইছে। যোৱা নিশা ৰোহিতৰ পাছপোৰ্ট পোৱাৰ পিছত দলৰ বাছখন  বিমানবন্দৰলৈ ৰাওনা হয়।

উল্লেখ্য এছিয়া কাপৰ ফাইনেলত টীম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে একপক্ষীয়ভাৱে মেচখন জিকে। খেলখনত মহম্মদ চিৰাজৰ দুৰ্দান্ত  বলিঙেৰে  ভাৰতে শ্ৰীলংকাক মাত্ৰ ৫০ ৰাণতে পৰাজিত কৰে  আৰু অষ্টমবাৰৰ বাবে প্ৰতিযোগিতাখন জিকিবলৈ সক্ষম হয়।

টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই এছিয়া কাপ ২০২৩ ত  ভাল প্ৰদৰ্শন কৰিছে। তেওঁ নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে খেলত অৰ্ধশতক কৰিছিল। ইয়াৰ উপৰি ৰোহিতে এদিনীয়াত তেওঁৰ ১০,০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত, তেওঁ বিৰাট কোহলীৰ পিছত ভাৰতৰ দ্বিতীয় দ্ৰুততম বেটছমেন হিচাবে পৰিগণিত হৈছে,  যিয়ে কম ইনিংছত এই সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু