--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনত এছিয়া কাপৰ খিতাপ জয় কৰাৰ পিছত টীম ইণ্ডিয়াৰ সদস্যসকলৰ আনন্দে নধৰা হৈছে হিয়া ।  যোৱা নিশাই বিজয়ৰ অন্তত শ্ৰীলংকা এৰি ভাৰতলৈ  উভতি টীম ইণ্ডিয়াৰ দলটো । কিন্তু বিমান বন্দৰ অভিমুখী বাছত উঠাৰ পিছতে অপ্ৰস্তুত হৈ পৰে ভাৰতীয় দলৰ   কেপ্টেইন ৰোহিত শৰ্মা।  বাছত বহি থাকোতে ৰোহিত শৰ্মাৰ হঠাতে গম পালে তেওঁৰ পাছপোৰ্ট খন লগত নাই।তৎমুহূৰ্ততে তেওঁৰ মনতো পৰিল যে হোটেলতে তেওঁৰ পাছপোৰ্ট খন এৰি থৈ আহিছে।

পিছত যেনিবা আন এজন লোকে হোটেললৈ গৈ ৰোহিতৰ পাছপোৰ্টখন লৈ আহে। ভাৰতীয় দলটোৰ  অধিনায়ক ৰোহিত শৰ্মাই বস্তু পাহৰাৰ ঘটনা এয়াই প্ৰথম নহয়। তেওঁ প্ৰায়ে এনেদৰে বস্তু পাহৰি আহে বুলি আনকি  বিৰাট  কোহলীয়েও কৈছিল। 

শেহতীয়া ঘটনাটোৰ পিছত ৰোহিতৰ অনুৰাগীসকলে কোহলীৰ পূৰ্বৰ বক্তব্য মনত পেলাইছে।  বিৰাট কোহলীয়ে তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল যে  ৰোহিত শৰ্মাৰ  সামগ্ৰী পাহৰি যোৱাৰ অভ্যাস পুৰণি। ৰোহিতৰ ক্ষেত্ৰত  শ্ৰীলংকাত একে ধৰণৰ ঘটনাই ঘটিছে। বিৰাট কোহলীয়ে সাক্ষাৎকাৰটোত লগতে কৈছিল যে ৰোহিতে প্ৰায়ে হোটেলত তেওঁৰ আইপেড, ম'বাইল ফোন আৰু পাছপোৰ্ট পাহৰি যায়। এবাৰ তেওঁ হোটেলত তেওঁৰ বিয়াৰ আঙুঠিটোও পাহৰি এৰি থৈ আহিছিল। যদিও প্ৰতিবাৰেই তেওঁ সেইবোৰ ঘূৰাই পাইছে। যোৱা নিশা ৰোহিতৰ পাছপোৰ্ট পোৱাৰ পিছত দলৰ বাছখন  বিমানবন্দৰলৈ ৰাওনা হয়।

উল্লেখ্য এছিয়া কাপৰ ফাইনেলত টীম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে একপক্ষীয়ভাৱে মেচখন জিকে। খেলখনত মহম্মদ চিৰাজৰ দুৰ্দান্ত  বলিঙেৰে  ভাৰতে শ্ৰীলংকাক মাত্ৰ ৫০ ৰাণতে পৰাজিত কৰে  আৰু অষ্টমবাৰৰ বাবে প্ৰতিযোগিতাখন জিকিবলৈ সক্ষম হয়।

টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই এছিয়া কাপ ২০২৩ ত  ভাল প্ৰদৰ্শন কৰিছে। তেওঁ নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে খেলত অৰ্ধশতক কৰিছিল। ইয়াৰ উপৰি ৰোহিতে এদিনীয়াত তেওঁৰ ১০,০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত, তেওঁ বিৰাট কোহলীৰ পিছত ভাৰতৰ দ্বিতীয় দ্ৰুততম বেটছমেন হিচাবে পৰিগণিত হৈছে,  যিয়ে কম ইনিংছত এই সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?