--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ পৰা ভাৰতৰ মহামূল্যৱান কহিনৰু হীৰা ওভতাই অনাৰ দাবী পুনৰ তীব্ৰতৰ হৈ পৰিছে। এনে সময়তে   বলীউডৰ অভিনেত্ৰী টুইঙ্কল খান্নাই  এটা  ধেমেলীয়া টুইট কৰিছে।  অভিনেত্ৰীগৰাকীয়ে  ব্ৰিটেইনক কহিনুৰ হীৰাৰ লগতে "ভাৰতৰ আন দুটা মূল্যৱান ৰত্ন" ঘূৰাই দিবলৈও দাবী জনাইছে।

 খান্নাই কয়, "মই ব্ৰিটেইনক কেৱল কহিনুৰেই নহয়, আমাৰ আন দুটা মূল্যৱান ৰত্ন বিজয় মালিয়া আৰু ললিত মোডীকো ঘূৰাই দিবলৈ আহ্বান জনাইছো।"

উল্লেখ্য বিজয় মালিয়া আৰু ললিত মোডীয়ে ভাৰতৰ বিভিন্ন বেংকৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণলৈ সেই ধন পৰিশোধ নকৰাকৈয়ে বিদেশলৈ পলায়ন কৰিছে। কিংফিচাৰ বিমান পৰিবহন সংস্থাৰ নামত মালিয়াই ভাৰতৰ বহু কেইটা  বেংকৰ পৰা প্ৰায় ৯হাজাৰ কোটি টকা ঋণ লৈছিল। 

ভাৰত চৰকাৰে মালিয়াক বিদেশৰ পৰা  দেশলৈ ঘুৰাই অনাৰ বাবে বহু চেষ্টা কৰিও সফল হ’ব পৰা নাই। ললিত মোডীৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। ললিত মোডীয়েও দেশৰ বিভিন্ন বেংকৰ পৰা ধন লৈ বিদেশত আত্মগোপন কৰি আছে। অভিনেত্ৰী টুইঙ্কল খান্নাই তেওঁৰ ধেমেলীয়া টুইটৰ জড়িয়তে সেয়ে এক ডাঙৰ কথা ক’ব বিচাৰিছে বুলি বহুতে আলোচনা কৰিছে। 

উল্লেখ্য ১৮৪৯ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ পৰা ইংলেণ্ডলৈ মহা মূল্যৱান কহিনুৰ হীৰা ব্ৰিটেইনলৈ লৈ গৈছিল। পিছলৈ  ৰাণী ভিক্টোৰিয়াই হীৰা ডোখৰ ৰাজপৰিয়ালৰ  অংশ  হিচাবে গ্ৰহণ কৰিছিল। ১৯৩৭ চনত ৰজা পঞ্চম জৰ্জৰ ৰাজ্যাভিষেকৰ সময়ত কহিনুৰ হীৰা  তেওঁৰ পত্নী ৰাণী দ্বিতীয় এলিজাবেথৰ শিৰত পিন্ধাইছিল।কহিনুৰ হীৰা ভাৰতক ওভতাই দিব লাগে বুলি বিভিন্ন সময়ত বহুতে দাবী জনাই আহিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়