--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ পৰা ভাৰতৰ মহামূল্যৱান কহিনৰু হীৰা ওভতাই অনাৰ দাবী পুনৰ তীব্ৰতৰ হৈ পৰিছে। এনে সময়তে   বলীউডৰ অভিনেত্ৰী টুইঙ্কল খান্নাই  এটা  ধেমেলীয়া টুইট কৰিছে।  অভিনেত্ৰীগৰাকীয়ে  ব্ৰিটেইনক কহিনুৰ হীৰাৰ লগতে "ভাৰতৰ আন দুটা মূল্যৱান ৰত্ন" ঘূৰাই দিবলৈও দাবী জনাইছে।

 খান্নাই কয়, "মই ব্ৰিটেইনক কেৱল কহিনুৰেই নহয়, আমাৰ আন দুটা মূল্যৱান ৰত্ন বিজয় মালিয়া আৰু ললিত মোডীকো ঘূৰাই দিবলৈ আহ্বান জনাইছো।"

উল্লেখ্য বিজয় মালিয়া আৰু ললিত মোডীয়ে ভাৰতৰ বিভিন্ন বেংকৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণলৈ সেই ধন পৰিশোধ নকৰাকৈয়ে বিদেশলৈ পলায়ন কৰিছে। কিংফিচাৰ বিমান পৰিবহন সংস্থাৰ নামত মালিয়াই ভাৰতৰ বহু কেইটা  বেংকৰ পৰা প্ৰায় ৯হাজাৰ কোটি টকা ঋণ লৈছিল। 

ভাৰত চৰকাৰে মালিয়াক বিদেশৰ পৰা  দেশলৈ ঘুৰাই অনাৰ বাবে বহু চেষ্টা কৰিও সফল হ’ব পৰা নাই। ললিত মোডীৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। ললিত মোডীয়েও দেশৰ বিভিন্ন বেংকৰ পৰা ধন লৈ বিদেশত আত্মগোপন কৰি আছে। অভিনেত্ৰী টুইঙ্কল খান্নাই তেওঁৰ ধেমেলীয়া টুইটৰ জড়িয়তে সেয়ে এক ডাঙৰ কথা ক’ব বিচাৰিছে বুলি বহুতে আলোচনা কৰিছে। 

উল্লেখ্য ১৮৪৯ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ পৰা ইংলেণ্ডলৈ মহা মূল্যৱান কহিনুৰ হীৰা ব্ৰিটেইনলৈ লৈ গৈছিল। পিছলৈ  ৰাণী ভিক্টোৰিয়াই হীৰা ডোখৰ ৰাজপৰিয়ালৰ  অংশ  হিচাবে গ্ৰহণ কৰিছিল। ১৯৩৭ চনত ৰজা পঞ্চম জৰ্জৰ ৰাজ্যাভিষেকৰ সময়ত কহিনুৰ হীৰা  তেওঁৰ পত্নী ৰাণী দ্বিতীয় এলিজাবেথৰ শিৰত পিন্ধাইছিল।কহিনুৰ হীৰা ভাৰতক ওভতাই দিব লাগে বুলি বিভিন্ন সময়ত বহুতে দাবী জনাই আহিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ