--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত কমলাৰ উৎপাদন অতি বেছি, ইয়াত এই ফল অতি জনপ্ৰিয়। ইয়াৰ টেঙা-মিঠা সোৱাদে সকলোকে কমলাৰ ফালে টানি আনে। ইয়াত থকা ভিটামিন চি, কেলচিয়াম আৰু ফ’লেট স্বাস্থ্যৰ বাবে উপকাৰী। আমি কমলা খাওঁ, কিন্তু ইয়াৰ বাকলি ডাষ্টবিনত পেলাই দিওঁ। স্বাস্থ্য বিশেষজ্ঞৰ মতে, কেৱল কমলাৰে নহয় কমলা বাকলিৰো আছে বহু উপকাৰী গুণ

কমলা বাকলিৰ ৫ টা ডাঙৰ উপকাৰ

১) ছালৰ বাবে ভালঃ কমলাৰ বাকলি আমাৰ ছালৰ বাবে আশীৰ্বাদতকৈ কম নহয়। যদি আপোনাৰ ছালখন তেলীয়া হয় তেন্তে ই ঔষধতকৈ কোনো গুণে কম নহয়। ইয়াৰ গুড়ি মৌৰ লগত মিহলাই পেষ্ট প্ৰস্তুত কৰি মুখত লগাওক। মুখখন জিলিকি উঠিব আৰু দাগবোৰো গুচি যাব।

২) টোপনিৰ সহায়কঃ যদি আপুনি শান্তিপূৰ্ণ টোপনি নাপায় তেন্তে কমলাৰ বাকলি পানীত ভৰাই গাৰ্গল কৰি তাৰপাছত পান কৰক। নিয়মিতভাৱে এনে কৰিলে ৰাতি ভাল টোপনি আহিব।

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাবঃ কমলাৰ বাকলিত এণ্টি-ইনফ্লেমেটৰী গুণ থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে, ক’ৰ’না ভাইৰাছৰ যুগত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কথা সদায় চৰ্চা হয়, তেতিয়া এই ফলৰ বাকলি আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। ইয়াৰ বাবে কমলাৰ বাকলি গৰম পানীত ধুই খাব পাৰে। কিছুমানে চেনি আৰু নেমুৰ লগত খাবলৈ ভাল পায়।

৪) হেয়াৰ কণ্ডিচনাৰঃ আমি প্ৰায়ে বজাৰৰ পৰা অহা দামী আৰু ৰাসায়নিক সমৃদ্ধ কণ্ডিচনাৰ ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে ইয়াৰ বাবে কমলাৰ বাকলিও অতি ফলপ্ৰসূ। এই বাকলিৰ পৰিষ্কাৰক গুণ আছে যিবোৰ চুলিৰ বাবে উপকাৰী। ইয়াৰ বাবে কমলাৰ বাকলি শুকুৱাই গুড়ি (Orange Peel Powder) বনাওক, তাৰ পাছত মৌৰ মিহলাই মূৰত লগাওক। কিছু সময় ৰাখি ধোৱাৰ পাছত চুলিবোৰ চিকচিকিয়া হৈ পৰিব।

৫) উফিৰ পৰা মুক্তিঃ যেতিয়া চুলিত উফি ওলাবলৈ আৰম্ভ কৰে, তেতিয়া বহুত লাজৰ সন্মুখীন হ’বলগীয়া হয়, এনে পৰিস্থিতিত আপুনি কমলাৰ বাকলি শুকুৱাই গুড়ি প্ৰস্তুত কৰক আৰু তাৰপাছত তাত নাৰিকল তেল মিহলাই দিয়ক। এই মিশ্ৰণটো চুলিত লগালে উফি আঁতৰি যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক