--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তেজপাত বাঙালী খাদ্যৰ এক অপৰিহাৰ্য উপাদান হোৱাৰ লগতে তেজপাতেৰে চুলিৰ যত্ন কৰিলে সুফল পাব পাৰে। তেজপাত নিয়মিতভাৱে কেইটামান বিশেষ ধৰণে ব্যৱহাৰ কৰিলে উফিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি। তেজপাতেৰে চুলিৰ বহুতো সমস্যাৰ সমাধান পাব পাৰি জানো আহক।

 তেজপাত কেনেকৈ ব্যৱহাৰ কৰিব?

উফি আঁতৰাবলৈ তেজপাত উপযোগী। ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণে উফি দূৰ কৰাত সহায় কৰে। ৩-৪টা তেজপাত ভালদৰে পিহি নাৰিকল তেলৰ লগত মিহলাই লাহে লাহে গৰম কৰি লওক। ইয়াৰ পাছত মূৰৰ ছালখন ভালদৰে মালিচ কৰিব। এইবাৰ টাৱেল এখন গৰম পানীত তিয়াই লওক, টাৱেলখন মূৰত মেৰিয়াই আধা ঘণ্টা ধৰি লওক। আধা ঘণ্টাৰ পাছত ভালদৰে মূৰটো ধুব।

 তেজপাত প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। কেইটামান তেজপাত পানীত উতলাই লওক। ইয়াৰ পাছত পানীখিনি দহ মিনিট ঠাণ্ডা কৰি চেকি লওক। এই পানী শ্বেম্পু কৰাৰ পাছত চুলিত লগাই ৫ মিনিট অপেক্ষা কৰক। ইয়াৰ পাছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই পেলাব। চুলি সুস্থ কৰি ৰাখিবলৈ তেজপাত আৰু দৈৰ পেকও বনাব পাৰে। তেজপাত পিহি লোৱাৰ পাছত টেঙা দৈৰ লগত ভালদৰে মিহলাই ল’ব পাৰে। এই পেকটো ফ্ৰীজত ৰাখক। গা ধোৱাৰ আগতে পেকটো মূৰত লগাই দহ মিনিট ৰাখি চেম্পু কৰিব।

 উফি আৰু বেক্টেৰিয়াৰ বাবে বহু সময়ত মূৰৰ ছালত খজুৱতি হয়। তেজপাতৰ পানীয়েও এই সমস্যা কমোৱাত সহায় কৰিব পাৰে। কিছু তেজপাত আধা লিটাৰ পানীত ৩-৪ মিনিট উতলাই পানীখিনি ঠাণ্ডা কৰি লওক। এই পানী নিয়মিতভাৱে মূৰৰ ছাল লগালে সংক্ৰমণ হ্ৰাস পাব পাৰে। কিন্তু যদিহে সমস্যা অধিক বাঢ়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’