--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তেজপাত বাঙালী খাদ্যৰ এক অপৰিহাৰ্য উপাদান হোৱাৰ লগতে তেজপাতেৰে চুলিৰ যত্ন কৰিলে সুফল পাব পাৰে। তেজপাত নিয়মিতভাৱে কেইটামান বিশেষ ধৰণে ব্যৱহাৰ কৰিলে উফিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি। তেজপাতেৰে চুলিৰ বহুতো সমস্যাৰ সমাধান পাব পাৰি জানো আহক।

 তেজপাত কেনেকৈ ব্যৱহাৰ কৰিব?

উফি আঁতৰাবলৈ তেজপাত উপযোগী। ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণে উফি দূৰ কৰাত সহায় কৰে। ৩-৪টা তেজপাত ভালদৰে পিহি নাৰিকল তেলৰ লগত মিহলাই লাহে লাহে গৰম কৰি লওক। ইয়াৰ পাছত মূৰৰ ছালখন ভালদৰে মালিচ কৰিব। এইবাৰ টাৱেল এখন গৰম পানীত তিয়াই লওক, টাৱেলখন মূৰত মেৰিয়াই আধা ঘণ্টা ধৰি লওক। আধা ঘণ্টাৰ পাছত ভালদৰে মূৰটো ধুব।

 তেজপাত প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। কেইটামান তেজপাত পানীত উতলাই লওক। ইয়াৰ পাছত পানীখিনি দহ মিনিট ঠাণ্ডা কৰি চেকি লওক। এই পানী শ্বেম্পু কৰাৰ পাছত চুলিত লগাই ৫ মিনিট অপেক্ষা কৰক। ইয়াৰ পাছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই পেলাব। চুলি সুস্থ কৰি ৰাখিবলৈ তেজপাত আৰু দৈৰ পেকও বনাব পাৰে। তেজপাত পিহি লোৱাৰ পাছত টেঙা দৈৰ লগত ভালদৰে মিহলাই ল’ব পাৰে। এই পেকটো ফ্ৰীজত ৰাখক। গা ধোৱাৰ আগতে পেকটো মূৰত লগাই দহ মিনিট ৰাখি চেম্পু কৰিব।

 উফি আৰু বেক্টেৰিয়াৰ বাবে বহু সময়ত মূৰৰ ছালত খজুৱতি হয়। তেজপাতৰ পানীয়েও এই সমস্যা কমোৱাত সহায় কৰিব পাৰে। কিছু তেজপাত আধা লিটাৰ পানীত ৩-৪ মিনিট উতলাই পানীখিনি ঠাণ্ডা কৰি লওক। এই পানী নিয়মিতভাৱে মূৰৰ ছাল লগালে সংক্ৰমণ হ্ৰাস পাব পাৰে। কিন্তু যদিহে সমস্যা অধিক বাঢ়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা