ডিজিটেল ডেস্ক : পুৱাই ভগৱানৰ নাম
জপ কৰিলে গোটেই দিনটো শুভ হয়। পুৱা কৰা কিছুমান ভাল কামে জীৱনত দুৰ্যোগক আঁতৰাই সফলতা
কঢ়িয়াই আনে আৰু দিনটো সুখৰে পাৰ হয়।
* পুৱা সময়ত গীতাৰ পাঠ কৰিলে শৰীৰত ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটে আৰু মনটো নিয়ন্ত্ৰণত থাকে, যাৰ বাবে প্ৰতিটো সমস্যাৰে মোকাবিলা কৰাটো সহজ হৈ পৰে।
* পুৱা চকু মেলিলেই প্ৰথমে দুয়োখন হাতৰ তলুৱা চালে দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস কৰা হয়। ধন-সম্পত্তি আৰু সমৃদ্ধি পাবলৈ এই ক্ষুদ্ৰ প্ৰতিকাৰ দৈনিক কৰক।
* পুৱা মালক্ষ্মী মন্ত্ৰ পাঠ কৰিলে দিনটোৰ প্ৰতিটো কাম সফল হয়। লক্ষ্যত সফলতা নামি আহে।
* যদি আপুনি গন্তব্য স্থানত উপনীত হ’ব বিচাৰে তেন্তে প্ৰতিদিনে সূৰ্য্য দেৱতাক পূজা কৰক। সূৰ্য্যৰ উজ্জ্বলতাই আমাক ধনাত্মক শক্তি প্ৰদান কৰে উন্নতিত সহায় কৰে।
* দৈনিক পুৱা চৰাইক আহাৰ খুৱালে মালক্ষ্মীয়ে সন্তুষ্ট হয় আশীৰ্বাদ প্ৰদান কৰে।
* প্ৰতিটো দিনক নতুন আৰু ভাল কৰিবলৈ প্ৰতিদিনে কিছু জ্ঞান আহৰণ কৰাৰ সংকল্প লওক। জ্ঞানে মানুহক প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰে।