--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দাঁত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। সেয়েহে আমি দাঁতৰ যত্ন লোৱাটো অতি প্ৰয়োজন। যদি দাঁতৰ যত্ন লোৱা নহয়, তেন্তে ই মুখৰ বহু সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। গতিকে কেৱল পুৱাই নহয়, নিশাও খাদ্য গ্ৰহণৰ পাছত ব্ৰাছ কৰাটোও অতি প্ৰয়োজন। নিশা ব্ৰাছ নকৰাৰ কি অসুবিধা হয় জানো আহক।

 সংক্ৰমণৰ আশংকা-

নিশা ব্ৰাছ নকৰাকৈ থাকিলে মুখৰ সংক্ৰমণৰ আশংকা থাকে। নিশা খাদ্য খোৱাৰ পিছত সকলো বেক্টেৰিয়া মুখত জমা হৈ সংক্ৰমণৰ কাৰণ হৈ পৰে। ব্ৰাছ কৰিলে মুখ পৰিষ্কাৰ হয়।

 হেলিট’ছিছ-

নিশা ব্ৰাছ নকৰাটোৱেই হৈছে মুখৰ দুৰ্গন্ধৰ আটাইতকৈ ডাঙৰ কাৰণ। ব্ৰাছ নকৰাৰ বাবে কিছুমান বেক্টেৰিয়া লেলাৱতীৰ লগত মিহলি হৈ পৰে। কিছুমান গেছ লগ হৈ নিৰ্গত হয়, যাৰ ফলত মুখৰ দুৰ্গন্ধ ওলায়। নিশা ব্ৰাছ কৰিলে মুখৰ দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰি।

 দাঁত দুৰ্বল হয়-

ব্ৰাছ নকৰাৰ বাবে দাঁতবোৰ দুৰ্বল হৈ পৰে আৰু লাহে লাহে লৰচৰ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত কম বয়সতে দাঁত সৰি পৰাৰ বলি আশংকা থাকে।

 এই ৰোগবোৰ হ’ব পাৰে-

নিশা ব্ৰাছ নকৰাৰ বাবে নিউমোনিয়া, ডিমেনচিয়া আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগও হ’ব পাৰে। যদি আপুনি এই গুৰুতৰ সমস্যাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নিশা ব্ৰাছ কৰাটো প্ৰয়োজনীয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’