--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দাঁত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। সেয়েহে আমি দাঁতৰ যত্ন লোৱাটো অতি প্ৰয়োজন। যদি দাঁতৰ যত্ন লোৱা নহয়, তেন্তে ই মুখৰ বহু সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। গতিকে কেৱল পুৱাই নহয়, নিশাও খাদ্য গ্ৰহণৰ পাছত ব্ৰাছ কৰাটোও অতি প্ৰয়োজন। নিশা ব্ৰাছ নকৰাৰ কি অসুবিধা হয় জানো আহক।

 সংক্ৰমণৰ আশংকা-

নিশা ব্ৰাছ নকৰাকৈ থাকিলে মুখৰ সংক্ৰমণৰ আশংকা থাকে। নিশা খাদ্য খোৱাৰ পিছত সকলো বেক্টেৰিয়া মুখত জমা হৈ সংক্ৰমণৰ কাৰণ হৈ পৰে। ব্ৰাছ কৰিলে মুখ পৰিষ্কাৰ হয়।

 হেলিট’ছিছ-

নিশা ব্ৰাছ নকৰাটোৱেই হৈছে মুখৰ দুৰ্গন্ধৰ আটাইতকৈ ডাঙৰ কাৰণ। ব্ৰাছ নকৰাৰ বাবে কিছুমান বেক্টেৰিয়া লেলাৱতীৰ লগত মিহলি হৈ পৰে। কিছুমান গেছ লগ হৈ নিৰ্গত হয়, যাৰ ফলত মুখৰ দুৰ্গন্ধ ওলায়। নিশা ব্ৰাছ কৰিলে মুখৰ দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰি।

 দাঁত দুৰ্বল হয়-

ব্ৰাছ নকৰাৰ বাবে দাঁতবোৰ দুৰ্বল হৈ পৰে আৰু লাহে লাহে লৰচৰ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত কম বয়সতে দাঁত সৰি পৰাৰ বলি আশংকা থাকে।

 এই ৰোগবোৰ হ’ব পাৰে-

নিশা ব্ৰাছ নকৰাৰ বাবে নিউমোনিয়া, ডিমেনচিয়া আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগও হ’ব পাৰে। যদি আপুনি এই গুৰুতৰ সমস্যাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নিশা ব্ৰাছ কৰাটো প্ৰয়োজনীয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক