--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিবাহে স্বামী-স্ত্ৰীক ৭ জনমলৈ একেলগে সুখ-দুখৰ সমভাগী হ’বলৈ শিকাই৷ কিন্তু পত্নীৰ সফলতাৰ বাবেই নিজৰ বিলাসিতাক সীমাবদ্ধ কৰা স্বামীক যদি এৰি যায় তাতকৈ বেদনাদায়ক আৰু একো হ’ব নোৱাৰে৷ যাৰফলত বম্বো আদালতৰ এক নিৰ্দেশনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ উল্লেখ্য যে, বেছিভাগ ক্ষেত্ৰতে, স্বামীয়ে বিবাহ বিচ্ছেদৰ পাছত তেওঁৰ পত্নীক মাহিলী খৰছ দিব লগীয়া হয়৷ কিন্তু মহাৰাষ্ট্ৰত, এনে এটা ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই তেওঁৰ প্ৰাক্তন স্বামীক এমাহৰ বাবে দিব লাগীয়া হয় মাহিলী খৰছ।

দৰাচলতে, শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নান্দেদত এটা গোচৰ পোহৰলৈ আহিছে, য’ত স্থানীয় আদালতে মহিলাগৰাকীক তেওঁৰ প্ৰাক্তন স্বামীক প্ৰতি মাহে ৩,০০০ টকা কৈ মাহিলী খৰছ দিবলৈ নিৰ্দেশ দিয়ে। এতিয়া সেই সিদ্ধান্তটো বোম্বাই উচ্চ ন্যায়ালয়ৰ মজিয়া পোৱাৰ পাছতো একেই নিৰ্দেশনা জাৰী কৰে। ইয়াৰ উপৰিও, প্ৰাক্তন স্বামীৰ দুৰ্বল আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি, আদালতে মহিলাগৰাকীয়ে শিক্ষকৰ্তা কৰা বিদ্যালয়খনকো নিৰ্দেশ দিছিল যে তেওঁ মহিলাগৰাকীৰ দৰমহাৰ পৰা প্ৰতি মাহে ৫,০০০ টকা কৰ্তন কৰিব লাগে আৰু ইয়াক আদালতত জমা দিব লাগে।

আচলতে গোচৰতো আছিল এনেধৰণৰ-

১৯৯২ চনৰ ১৭ এপ্ৰিলত দুয়োগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ কেইবছৰমান পাছত, পত্নীয়ে আদালতৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আৱেদন জনাইছিল৷ স্থানীয় আদালতে ২০১৫ চনত বিবাহ বিচ্ছেদৰ অনুমোদনো জনাইছিল। বিবাহ বিচ্ছেদৰ পাছত, স্বামীয়ে নান্দেদৰ নিম্ন আদালতত এখন আবেদন দাখিল কৰি কয় যে তেওঁৰ আৰ্থিক অৱস্থা ভাল নহয় আৰু পত্নীৰ এটা চাকৰি আছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ প্ৰতি মাহে ১৫,০০০ টকা হাৰত পত্নীৰ পৰা মাহিলী খৰছ বিচাৰিছিল।

স্বামীয়ে আৱেদনখন দাখিল কৰি দাবী কৰিছিল যে তেওঁৰ পত্নীক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছিল। তেওঁ কৈছিল যে তেওঁৰ পত্নীক শিকোৱাৰ বাবে, তেওঁ বহুতো উচ্চাকাংক্ষাক সীমাবদ্ধ কৰিছিল আৰু ঘৰৰ সকলো কাম তেওঁ নিজেই পৰিচালনা কৰিছিল। স্বামীয়ে যুক্তি দিছিল যে তেওঁৰ বহুতো স্বাস্থ্যজনিত সমস্যা আছিল যাৰ বাবে তেওঁৰ স্বাস্থ্য ভাল নহয়। আনহাতে তেওঁৰ পত্নীয়ে মাহে ৩০ হাজাৰ উপাৰ্জন কৰে।

ইফালে, স্বামীয়ে আবেদন কৰাৰ সময়ত, পত্নীয়ে কৈছিল যে তেওঁৰ স্বামীৰ এখন গ্ৰোচাৰী দোকান আছে আৰু তেওঁৰ এখন অটো ৰিক্সাও আছে। মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ স্বামী তেওঁৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল নহয় কিন্তু তেওঁৰ সম্পৰ্কত এজনী ছোৱালীও আছে যি তেওঁৰ মাতৃৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে, স্বামীয়ে কৰা মহিলী খৰছৰ দাবী নাকচ কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত