--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিবাহে স্বামী-স্ত্ৰীক ৭ জনমলৈ একেলগে সুখ-দুখৰ সমভাগী হ’বলৈ শিকাই৷ কিন্তু পত্নীৰ সফলতাৰ বাবেই নিজৰ বিলাসিতাক সীমাবদ্ধ কৰা স্বামীক যদি এৰি যায় তাতকৈ বেদনাদায়ক আৰু একো হ’ব নোৱাৰে৷ যাৰফলত বম্বো আদালতৰ এক নিৰ্দেশনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ উল্লেখ্য যে, বেছিভাগ ক্ষেত্ৰতে, স্বামীয়ে বিবাহ বিচ্ছেদৰ পাছত তেওঁৰ পত্নীক মাহিলী খৰছ দিব লগীয়া হয়৷ কিন্তু মহাৰাষ্ট্ৰত, এনে এটা ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই তেওঁৰ প্ৰাক্তন স্বামীক এমাহৰ বাবে দিব লাগীয়া হয় মাহিলী খৰছ।

দৰাচলতে, শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নান্দেদত এটা গোচৰ পোহৰলৈ আহিছে, য’ত স্থানীয় আদালতে মহিলাগৰাকীক তেওঁৰ প্ৰাক্তন স্বামীক প্ৰতি মাহে ৩,০০০ টকা কৈ মাহিলী খৰছ দিবলৈ নিৰ্দেশ দিয়ে। এতিয়া সেই সিদ্ধান্তটো বোম্বাই উচ্চ ন্যায়ালয়ৰ মজিয়া পোৱাৰ পাছতো একেই নিৰ্দেশনা জাৰী কৰে। ইয়াৰ উপৰিও, প্ৰাক্তন স্বামীৰ দুৰ্বল আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি, আদালতে মহিলাগৰাকীয়ে শিক্ষকৰ্তা কৰা বিদ্যালয়খনকো নিৰ্দেশ দিছিল যে তেওঁ মহিলাগৰাকীৰ দৰমহাৰ পৰা প্ৰতি মাহে ৫,০০০ টকা কৰ্তন কৰিব লাগে আৰু ইয়াক আদালতত জমা দিব লাগে।

আচলতে গোচৰতো আছিল এনেধৰণৰ-

১৯৯২ চনৰ ১৭ এপ্ৰিলত দুয়োগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ কেইবছৰমান পাছত, পত্নীয়ে আদালতৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আৱেদন জনাইছিল৷ স্থানীয় আদালতে ২০১৫ চনত বিবাহ বিচ্ছেদৰ অনুমোদনো জনাইছিল। বিবাহ বিচ্ছেদৰ পাছত, স্বামীয়ে নান্দেদৰ নিম্ন আদালতত এখন আবেদন দাখিল কৰি কয় যে তেওঁৰ আৰ্থিক অৱস্থা ভাল নহয় আৰু পত্নীৰ এটা চাকৰি আছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ প্ৰতি মাহে ১৫,০০০ টকা হাৰত পত্নীৰ পৰা মাহিলী খৰছ বিচাৰিছিল।

স্বামীয়ে আৱেদনখন দাখিল কৰি দাবী কৰিছিল যে তেওঁৰ পত্নীক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছিল। তেওঁ কৈছিল যে তেওঁৰ পত্নীক শিকোৱাৰ বাবে, তেওঁ বহুতো উচ্চাকাংক্ষাক সীমাবদ্ধ কৰিছিল আৰু ঘৰৰ সকলো কাম তেওঁ নিজেই পৰিচালনা কৰিছিল। স্বামীয়ে যুক্তি দিছিল যে তেওঁৰ বহুতো স্বাস্থ্যজনিত সমস্যা আছিল যাৰ বাবে তেওঁৰ স্বাস্থ্য ভাল নহয়। আনহাতে তেওঁৰ পত্নীয়ে মাহে ৩০ হাজাৰ উপাৰ্জন কৰে।

ইফালে, স্বামীয়ে আবেদন কৰাৰ সময়ত, পত্নীয়ে কৈছিল যে তেওঁৰ স্বামীৰ এখন গ্ৰোচাৰী দোকান আছে আৰু তেওঁৰ এখন অটো ৰিক্সাও আছে। মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ স্বামী তেওঁৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল নহয় কিন্তু তেওঁৰ সম্পৰ্কত এজনী ছোৱালীও আছে যি তেওঁৰ মাতৃৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে, স্বামীয়ে কৰা মহিলী খৰছৰ দাবী নাকচ কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা