--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ভাৰতীয় দম্পতীৰ মৃতদেহ। লগতে তেওঁলোকৰ ৮ বছৰীয়া যমজ সন্তানৰো মৃতদেহ উদ্ধাৰ হৈছে।

মঙলবাৰে আৰক্ষীয়ে ছান মাটিও চহৰৰ এটা ফ্লেটৰ পৰা দম্পতী আৰু তেওঁলোকৰ দুই শিশু পুত্ৰ সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে। তেওঁলোক কেৰালাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দম্পতীটো আই টি খণ্ডৰ কৰ্মী আছিল। তেওঁলোক ৯ বছৰ ধৰি আমেৰিকাত বাস কৰি আছিল। সন্তান দুটি যমজ আছিল আৰু তেওঁলোকৰ বয়স ৪ বছৰ বুলি কোৱা হৈছে।

অৱশ্যে ২০১৬ চনত তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। কিন্তু তাৰ পিছত মহিলাগৰাকীয়ে দুটা সন্তান জন্ম দিয়ে। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাথৰুমৰ পৰা উদ্ধাৰ কৰে দম্পতীটোৰ গুলীবিদ্ধ মৃতদেহ। 

আৰক্ষীয়ে অনুমান কৰিছে যে শিশু দুটাক তেওঁলোকৰ খাদ্যত বিষ দি হত্যা কৰা হৈছে বা ডিঙি চেপি হত্যা কৰা হৈছে। ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে।

মৃত লোকজনৰ নাম আনন্দ সুজিত হেনৰী(৪২) আৰু তেওঁৰ পত্নীৰ নাম এলিছ প্ৰিয়ংকা(৪০)। সন্তান দুটিৰ নাম নুহ আৰু নীথন।
FOLLOW US F
POPULAR
FEATURE
TRENDY
হোটেল ৰুমত মৃত অৱস্থাত উদ্ধাৰ মালয়ালম অভিনেতা কলাভৱন নভাছ, আৰক্ষীৰ তদন্ত অব্যাহত
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
বিপদত অনিল আম্বানী!