--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷অৰ্ধ উলংগ কৰি এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ পাছত ৰক্তক্ষৰণ হোৱা এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে ঘৰে ঘৰে গৈ সহায় বিচৰা দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে। মানুহে অসহায় কিশোৰীৰ ফালে চাই থাকিল যদিও সহায় কৰিবলৈ অস্বীকাৰ কৰে। সহায়ৰ বাবে কাষ চাপি অহাৰ সময়ত এজন লোকে তেওঁক ঠেলা মাৰি দিয়া দেখা গৈছিল।

মহিলা আৰু নাবালিকাৰ ওপৰত হোৱা হিংসাৰ এই ভিজুৱেলসমূহ মধ্যপ্ৰদেশৰ উজ্জয়নৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ বদনগৰ পথত সংস্থাপিত চিচিটিভি কেমেৰাত বন্দী কৰা হৈছে।

এখন পাতল চাদৰ পিন্ধি ৰাজপথত ঘূৰি ফুৰা কিশোৰীগৰাকী অৱশেষত এখন আশ্ৰমত উপস্থিত হয়। তাত এজন পুৰোহিতে যৌন হিংসাৰ সন্দেহ কৰি টাৱেলেৰে ঢাকি ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যায়। চিকিৎসা পৰীক্ষাত ধৰ্ষণৰ কথা নিশ্চিত।

আঘাত গুৰুতৰ হোৱাৰ বাবে ততাতৈয়াকৈ কিশোৰীগৰাকীক ইন্দোৰলৈ লৈ যোৱা হয়। যেতিয়া ভুক্তভোগীগৰাকীক তেজৰ প্ৰয়োজন হৈছিল তেতিয়া আৰক্ষীৰ লোক ৰক্তদানৰ বাবে আগবাঢ়ি আহিছিল। কিশোৰীগৰাকীৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিব পৰা গৈছে।

অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। যৌন অপৰাধৰ পৰা শিশু সুৰক্ষাৰ কঠোৰ আইন (POCSO) আইনৰো প্ৰয়োগ কৰা হৈছে।

উজ্জয়িন আৰক্ষী অধীক্ষক শচীন শৰ্মাই কয় যে অতি সোনকালে দোষীক চিনাক্ত কৰি ধৰিবলৈ বিশেষ দল গঠন কৰা হৈছে।এই ভয়াবহ ঘটনাই পুনৰ চৰ্চালৈ আনিছে মধ্যপ্ৰদেশৰ নাৰীৰ ওপৰত হোৱা হিংসাৰ নিৰাশাজনক অভিলেখ।২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক মহিলা আৰু ছোৱালী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে।লগতে ২০২১ চনত মধ্যপ্ৰদেশত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ তথ্য অনুসৰি সৰ্বাধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে,যাৰ পৰিমাণ ৬,৪৬২৷ ইয়াৰে ৫০ শতাংশতকৈ অধিক নাবালিকাৰ বিৰুদ্ধে হোৱা অপৰাধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু