--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷অৰ্ধ উলংগ কৰি এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ পাছত ৰক্তক্ষৰণ হোৱা এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে ঘৰে ঘৰে গৈ সহায় বিচৰা দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে। মানুহে অসহায় কিশোৰীৰ ফালে চাই থাকিল যদিও সহায় কৰিবলৈ অস্বীকাৰ কৰে। সহায়ৰ বাবে কাষ চাপি অহাৰ সময়ত এজন লোকে তেওঁক ঠেলা মাৰি দিয়া দেখা গৈছিল।

মহিলা আৰু নাবালিকাৰ ওপৰত হোৱা হিংসাৰ এই ভিজুৱেলসমূহ মধ্যপ্ৰদেশৰ উজ্জয়নৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ বদনগৰ পথত সংস্থাপিত চিচিটিভি কেমেৰাত বন্দী কৰা হৈছে।

এখন পাতল চাদৰ পিন্ধি ৰাজপথত ঘূৰি ফুৰা কিশোৰীগৰাকী অৱশেষত এখন আশ্ৰমত উপস্থিত হয়। তাত এজন পুৰোহিতে যৌন হিংসাৰ সন্দেহ কৰি টাৱেলেৰে ঢাকি ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যায়। চিকিৎসা পৰীক্ষাত ধৰ্ষণৰ কথা নিশ্চিত।

আঘাত গুৰুতৰ হোৱাৰ বাবে ততাতৈয়াকৈ কিশোৰীগৰাকীক ইন্দোৰলৈ লৈ যোৱা হয়। যেতিয়া ভুক্তভোগীগৰাকীক তেজৰ প্ৰয়োজন হৈছিল তেতিয়া আৰক্ষীৰ লোক ৰক্তদানৰ বাবে আগবাঢ়ি আহিছিল। কিশোৰীগৰাকীৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিব পৰা গৈছে।

অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। যৌন অপৰাধৰ পৰা শিশু সুৰক্ষাৰ কঠোৰ আইন (POCSO) আইনৰো প্ৰয়োগ কৰা হৈছে।

উজ্জয়িন আৰক্ষী অধীক্ষক শচীন শৰ্মাই কয় যে অতি সোনকালে দোষীক চিনাক্ত কৰি ধৰিবলৈ বিশেষ দল গঠন কৰা হৈছে।এই ভয়াবহ ঘটনাই পুনৰ চৰ্চালৈ আনিছে মধ্যপ্ৰদেশৰ নাৰীৰ ওপৰত হোৱা হিংসাৰ নিৰাশাজনক অভিলেখ।২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক মহিলা আৰু ছোৱালী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে।লগতে ২০২১ চনত মধ্যপ্ৰদেশত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ তথ্য অনুসৰি সৰ্বাধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে,যাৰ পৰিমাণ ৬,৪৬২৷ ইয়াৰে ৫০ শতাংশতকৈ অধিক নাবালিকাৰ বিৰুদ্ধে হোৱা অপৰাধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement