--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নেত্ৰী  প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ২০২৪ চনৰ  লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ফুলপুৰ সমষ্টিৰ পৰা  প্ৰতিদ্বন্দিতা কৰিব পাৰে৷ কংগ্ৰেছৰ এক ঘনিষ্ঠ সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷  সূত্ৰটোৰ মতে ফুলপুৰ গান্ধী পৰিয়ালৰ এটা দুৰ্গ৷ কাৰণ  জৱাহৰলাল নেহৰুৱে ইয়াৰ পৰাই ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত একেৰাহে তিনিটা নিৰ্বাচনত জিকিছিল৷ 

ফুলপুৰ  উত্তৰ প্ৰদেশৰ গান্ধী পৰিয়ালৰ দুৰ্গ বুলি চৰ্চিত  তিনিখন আসনৰ ভিতৰৰে এখন৷  বাকী দুখন হৈছে ৰায়বৰেলী আৰু আমেঠি। অৱশ্যে, প্ৰিয়ংকাক কোনটো সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব সেই বিষয়ে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি সূত্ৰটোৱে কয়৷ এইক্ষেত্ৰত ফুলপুৰৰ সম্ভাৱনাই বেছি বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে৷ 

আন এটা সূত্ৰই লগতে  কৈছে যে কংগ্ৰেছে মধ্য প্ৰদেশৰ জবলপুৰৰ পৰা প্ৰিয়ংকাক টিকট দিব পাৰে,  যদিহে দলটোৱে বিধানসভা নিৰ্বাচনত ক্ষমতালৈ আহে।

ইয়াৰ পূৰ্বে, গান্ধী  পৰিয়ালে  বাৰাণসীৰ পৰা কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীয়ে  নিৰ্বাচনত যুঁজ দিব বুলি বাতৰি ওলাইছিল, য'ত প্ৰধানমন্ত্ৰী মোদীয়ে বিগত দুটা নিৰ্বাচনত  জয়ী হৈছে। কংগ্ৰেছৰ ৰাজ্যিক গোটৰ মুৰব্বী অজয় ৰায়েও কৈছিল যে তেওঁ বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।আনহাতে বাৰনসীৰ পৰা ৰাহুল গান্ধীৰ নামো উচ্চাৰিত হৈছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু