--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ নেত্ৰী  প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ২০২৪ চনৰ  লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ফুলপুৰ সমষ্টিৰ পৰা  প্ৰতিদ্বন্দিতা কৰিব পাৰে৷ কংগ্ৰেছৰ এক ঘনিষ্ঠ সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷  সূত্ৰটোৰ মতে ফুলপুৰ গান্ধী পৰিয়ালৰ এটা দুৰ্গ৷ কাৰণ  জৱাহৰলাল নেহৰুৱে ইয়াৰ পৰাই ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত একেৰাহে তিনিটা নিৰ্বাচনত জিকিছিল৷ 

ফুলপুৰ  উত্তৰ প্ৰদেশৰ গান্ধী পৰিয়ালৰ দুৰ্গ বুলি চৰ্চিত  তিনিখন আসনৰ ভিতৰৰে এখন৷  বাকী দুখন হৈছে ৰায়বৰেলী আৰু আমেঠি। অৱশ্যে, প্ৰিয়ংকাক কোনটো সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব সেই বিষয়ে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি সূত্ৰটোৱে কয়৷ এইক্ষেত্ৰত ফুলপুৰৰ সম্ভাৱনাই বেছি বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে৷ 

আন এটা সূত্ৰই লগতে  কৈছে যে কংগ্ৰেছে মধ্য প্ৰদেশৰ জবলপুৰৰ পৰা প্ৰিয়ংকাক টিকট দিব পাৰে,  যদিহে দলটোৱে বিধানসভা নিৰ্বাচনত ক্ষমতালৈ আহে।

ইয়াৰ পূৰ্বে, গান্ধী  পৰিয়ালে  বাৰাণসীৰ পৰা কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীয়ে  নিৰ্বাচনত যুঁজ দিব বুলি বাতৰি ওলাইছিল, য'ত প্ৰধানমন্ত্ৰী মোদীয়ে বিগত দুটা নিৰ্বাচনত  জয়ী হৈছে। কংগ্ৰেছৰ ৰাজ্যিক গোটৰ মুৰব্বী অজয় ৰায়েও কৈছিল যে তেওঁ বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।আনহাতে বাৰনসীৰ পৰা ৰাহুল গান্ধীৰ নামো উচ্চাৰিত হৈছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ