--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পাকিস্তানৰ ৱাজিৰাবাদ চহৰৰ এক সমদলত আক্ৰমণকাৰীৰ গুলীচালনাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আহত হোৱাৰ কেইঘণ্টামানৰ পাছতে তেওঁৰ আক্ৰমণকাৰীয়ে কয় যে ইমৰাণ খানে মানুহক “বিপথে পৰিচালিত” কৰাৰ বাবে খানক হত্যাৰ চেষ্টা কৰিছিল।

আক্ৰমণকাৰী নভিদ মহম্মদ বছিৰে স্বীকাৰ কৰে যে, তেওঁ পিটিআইৰ অধ্যক্ষগৰাকীক হত্যা কৰাৰ কথা ভাবিছিল কাৰণ তেওঁ “মানুহক বিপথে পৰিচালিত কৰিছে”। "ইমৰাণ খানে ৰাইজক বিপথে পৰিচালিত কৰিছে গতিকে মই তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো" বুলি প্ৰকাশ কৰে আক্ৰমণকাৰীজনে। তদুপৰি, তেওঁ ইমৰাণ খানক আজানৰ সময়ত সংগীত বজোৱা আৰু নৃত্য কৰাকে ধৰি আল্লাহক নিন্দা কৰাৰ অভিযোগো উত্থাপন কৰিছে। "মই কেৱল ইমৰাণ খানক হত্যা কৰিব বিচাৰো" বুলিও মন্তব্য কৰিছে আক্ৰমণকাৰীজনে।

আজিৰ এই ঘটনাৰ পিছতে আজ টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তান তেহৰিক-ই-ইনছাফৰ নেতা ফাৱাদ চৌধুৰীয়ে নিশ্চিত কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভৰিত গুলি লাগিছিল। তেওঁ লগতে কয় যে তেওঁলোকৰ সংগঠনৰ আন তিনিজন নেতাও আহত হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইছলামবাদ অভিমুখে প্ৰতিবাদী সমদলৰ নেতৃত্ব দি থকাৰ সময়তে খানক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা হৈছিল যদিও ইমৰাণ খান বৰ্তমান বিপদমুক্ত বুলি কোৱা হৈছে। এই ঘটনাত আহতসকলৰ ভিতৰত অন্যতম জ্যেষ্ঠ নেতা ফে'জাল জাভেদ খানে কয় যে গুলিৰ আঘাতত দলৰ এজন সদস্যই ইতিমধ্যে মৃত্যুক সাৱটি লৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক