--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী ভাৰতীয় মূলৰ নাৰ্ছৰ সন্ধান দিলে অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে প্ৰদান কৰিব অভিলেখসংখ্যক এক মিলিয়ন ডলাৰৰ পুৰস্কাৰ। দেশখনৰ কুইন্চলেণ্ড আৰক্ষীয়ে এই কথা জনাইছে। নাৰ্ছগৰাকীৰ নাম হৈছে ৰাজৱিন্দৰ সিং (৩৮)।

ৰাজৱিন্দৰে অষ্ট্ৰেলিয়াত এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত আছিল। নাৰ্ছ হিচাপে কৰ্মৰত থাকোতেই ২০১৮ চনত এগৰাকী অষ্ট্ৰেলিয়ান মহিলাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছতে তেওঁ অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ পলায়ন কৰে।

ৰাজৱিন্দৰে হত্যা কৰা মহিলাগৰাকীৰ নাম তয়াহ কৰ্ডিংলে’ (২৪) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ২০১৮ চনত তেওঁ কেয়াৰ্ণছ চহৰৰ সমীপত হত্যা কৰা হয়।

হত্যা কৰাৰ দুদিন পাছতে ৰাজৱিন্দৰে অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ পলায়ন কৰে। এতিয়া নাৰ্চগৰাকীৰ শুংসূত্ৰ বিচাৰি অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে ১ মিলিয়ন অষ্ট্ৰেলিান ডলাৰৰ পুৰষ্কাৰ ঘোষণা কৰিছে।

অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে প্ৰকাশ কৰামতে, ৰাজৱিন্দৰে ভাৰতলৈ পলায়ন কৰাৰ তথ্যৰ ক্ষেত্ৰত তেওঁলোক নিশ্চিত হৈছে।

আনহাতে, হত্যাকাণ্ডটোৰ বলি হোৱা তয়াহ কৰ্ডিংলে’ৰ মাতৃয়ে অনুৰোধ জনাইছে যাতে তেওঁৰ কন্যাৰ হত্যাকাৰী ৰাজৱিন্দৰৰ শুংসূত্ৰ অনতিপলমে বিচাৰি উলিওৱা হয়। এইক্ষেত্ৰত আৰক্ষীয়ে তেওঁক পূৰ্ণ সহযোগিতা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক