--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ মাটিত প্ৰাণ হেৰুৱাইছে বহু ভাৰতীয় ছাত্ৰই। উদ্বেগজনক কথাটো হল  ২০১৮ চনৰ পৰা বিদেশত পঢ়িবলৈ গৈ মৃত্যুক সাবটিলে ৪০৩জন ভাৰতীয় ছাত্ৰই। কেন্দ্ৰীয় চৰকাৰে দাঙি ধৰিছে এই পৰিসংখ্যা। বৃহস্পতিবাৰে ৰাজ্যসভাৰ অধিৱেশনৰ সময়ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বিষয়ে এই পৰিসংখ্যা দাখিল কৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে।

এই শিক্ষাৰ্থীসকলৰ অধিকাংশই কানাডাত মৃত্যুবৰণ কৰিছে। পৰিসংখ্যা অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনলৈ বিদেশত থকাৰ সময়তে ৪০৩ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে ৯১ জন কানাডালৈ পঢ়িবলৈ গৈছিল। দ্বিতীয় স্থানত আছে ব্রিটেইন। সেই দেশত ৪৮ গৰাকী ভাৰতীয় শিক্ষার্থীয়ে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ পিছত তালিকা অনুসৰি ৰাছিয়া (৮০), আমেৰিকা (৩৬), অষ্ট্রেলিয়া (৩৩), ইউক্রেইন (২১), জার্মানী (২০), চাইপ্রাছ (১৪), ইটালী(১০) আৰু ফিলিপাইনছত ১০ জন শিক্ষার্থীৰ মৃত্যু হৈছে।

এই তথ্যৰ সৈতে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, 'বিদেশত ভাৰতীয় ছাত্র-ছাত্রী যাতে সুৰক্ষিত হৈ থাকে সেয়া নিশ্চিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম মূল লক্ষ্য। কোনো সমস্যাৰ সৃষ্টি হ'লে সংশ্লিষ্ট দেশৰ কৰ্তৃপক্ষক অৱগত কৰা হয় যাতে দোষীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন