--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ মাটিত প্ৰাণ হেৰুৱাইছে বহু ভাৰতীয় ছাত্ৰই। উদ্বেগজনক কথাটো হল  ২০১৮ চনৰ পৰা বিদেশত পঢ়িবলৈ গৈ মৃত্যুক সাবটিলে ৪০৩জন ভাৰতীয় ছাত্ৰই। কেন্দ্ৰীয় চৰকাৰে দাঙি ধৰিছে এই পৰিসংখ্যা। বৃহস্পতিবাৰে ৰাজ্যসভাৰ অধিৱেশনৰ সময়ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বিষয়ে এই পৰিসংখ্যা দাখিল কৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে।

এই শিক্ষাৰ্থীসকলৰ অধিকাংশই কানাডাত মৃত্যুবৰণ কৰিছে। পৰিসংখ্যা অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনলৈ বিদেশত থকাৰ সময়তে ৪০৩ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। ইয়াৰে ৯১ জন কানাডালৈ পঢ়িবলৈ গৈছিল। দ্বিতীয় স্থানত আছে ব্রিটেইন। সেই দেশত ৪৮ গৰাকী ভাৰতীয় শিক্ষার্থীয়ে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ পিছত তালিকা অনুসৰি ৰাছিয়া (৮০), আমেৰিকা (৩৬), অষ্ট্রেলিয়া (৩৩), ইউক্রেইন (২১), জার্মানী (২০), চাইপ্রাছ (১৪), ইটালী(১০) আৰু ফিলিপাইনছত ১০ জন শিক্ষার্থীৰ মৃত্যু হৈছে।

এই তথ্যৰ সৈতে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, 'বিদেশত ভাৰতীয় ছাত্র-ছাত্রী যাতে সুৰক্ষিত হৈ থাকে সেয়া নিশ্চিত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম মূল লক্ষ্য। কোনো সমস্যাৰ সৃষ্টি হ'লে সংশ্লিষ্ট দেশৰ কৰ্তৃপক্ষক অৱগত কৰা হয় যাতে দোষীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক