--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছবি আৰু টিভি জগতৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় মালয়ালম অভিনেত্ৰী লক্ষ্মীকা সজীৱনৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ‘কক্কা’ত পঞ্চমীৰ চৰিত্ৰত অভিনয় কৰি লক্ষ্মীকা যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ খবৰে মালয়ালম উদ্যোগত শোকৰ জোৱাৰৰ সৃষ্টি কৰিছে।

লক্ষ্মীকা সজীৱনৰ শেষৰটো ইনষ্টাগ্ৰাম পোষ্টটো ২ নৱেম্বৰ, ২০২৩ তাৰিখে শ্বেয়াৰ কৰা হৈছিল। এই পোষ্টটোত তেওঁ সূৰ্যাস্তৰ এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ কেপচনত লিখিছে - আশা আছে...সকলো আন্ধাৰৰ মাজতো পোহৰ আছে।

লক্ষ্মীকা সজীৱনৰ অকাল মৃত্যুৰ খবৰ ভাইৰেল হোৱাৰ কিছু সময়ৰ পাছতে তেওঁৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি মালয়ালম ইণ্ডাষ্ট্ৰীৰ চেলিব্ৰিটিলৈকে সকলোৱে ছ’চিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াৰ বাহিৰেও লক্ষ্মীকাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত তেওঁৰ অনুৰাগীসকলে তেওঁৰ অন্তিমটো ইনষ্টাগ্ৰাম পোষ্টৰ কমেণ্ট ছেকচনত কমেণ্টেৰে ভৰাই দিছে।

লক্ষ্মীকা সজীৱনে বহু ছবিৰ লগতে টিভি শ্ব’তো কাম কৰিছিল। পঞ্চবৰ্ণাথ, চৌদি ভেলাক্কা, পুঝায়ম্মা, উয়াৰে, অৰু কুট্টানাদন ব্লগ, নিত্যহৰীতা নয়গান আৰু অৰু ইয়ামন্দন প্ৰেমকথা আদি ছবিত দুল্কুৰ ছালমানৰ সৈতে কাম কৰি তেওঁ অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই