--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছবি আৰু টিভি জগতৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় মালয়ালম অভিনেত্ৰী লক্ষ্মীকা সজীৱনৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ‘কক্কা’ত পঞ্চমীৰ চৰিত্ৰত অভিনয় কৰি লক্ষ্মীকা যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ খবৰে মালয়ালম উদ্যোগত শোকৰ জোৱাৰৰ সৃষ্টি কৰিছে।

লক্ষ্মীকা সজীৱনৰ শেষৰটো ইনষ্টাগ্ৰাম পোষ্টটো ২ নৱেম্বৰ, ২০২৩ তাৰিখে শ্বেয়াৰ কৰা হৈছিল। এই পোষ্টটোত তেওঁ সূৰ্যাস্তৰ এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ কেপচনত লিখিছে - আশা আছে...সকলো আন্ধাৰৰ মাজতো পোহৰ আছে।

লক্ষ্মীকা সজীৱনৰ অকাল মৃত্যুৰ খবৰ ভাইৰেল হোৱাৰ কিছু সময়ৰ পাছতে তেওঁৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি মালয়ালম ইণ্ডাষ্ট্ৰীৰ চেলিব্ৰিটিলৈকে সকলোৱে ছ’চিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াৰ বাহিৰেও লক্ষ্মীকাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত তেওঁৰ অনুৰাগীসকলে তেওঁৰ অন্তিমটো ইনষ্টাগ্ৰাম পোষ্টৰ কমেণ্ট ছেকচনত কমেণ্টেৰে ভৰাই দিছে।

লক্ষ্মীকা সজীৱনে বহু ছবিৰ লগতে টিভি শ্ব’তো কাম কৰিছিল। পঞ্চবৰ্ণাথ, চৌদি ভেলাক্কা, পুঝায়ম্মা, উয়াৰে, অৰু কুট্টানাদন ব্লগ, নিত্যহৰীতা নয়গান আৰু অৰু ইয়ামন্দন প্ৰেমকথা আদি ছবিত দুল্কুৰ ছালমানৰ সৈতে কাম কৰি তেওঁ অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক