--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসুস্থ হৈ পৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক আজি দিল্লীৰ এইমছৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে৷ সামান্য পেটৰ সংক্ৰমণ আৰু নিয়মীয়া পৰীক্ষাৰ বাবে সীতাৰমণক ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে৷

সূত্ৰ অনুসৰি, কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক আজি দুপৰীয়াৰ ভৰ্তি কৰোৱা হৈছিল আৰু সোনকালেই তেওঁক বাসভৱনলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে। সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্থিৰ আৰু তেওঁক সৰ্বশ্ৰেষ্ঠ চিকিৎসা সেৱা প্ৰদান কৰা হৈছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, নিৰ্মলা সীতাৰমণৰ শাৰীৰিক অৱস্থাৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ এতিয়া সুস্থিৰ। তেওঁৰ চিকিৎসা চলি আছে। সূত্ৰঅনুসৰি, চিকিৎসালয়খনে শীঘ্ৰেই সীতাৰমণৰ শাৰীৰিক অৱস্থাৰ ওপৰত এখন বুলেটিন প্ৰকাশ কৰিব।

নিৰ্মলা সীতাৰমণে অহাবৰ্ষৰ ১ ফেব্ৰুৱাৰীত বাজেট উপস্থাপন কৰাৰ কথা আছে। শুকুৰবাৰে, তেওঁ ইংগিত দিছিল যে এই বছৰৰ বাজেটে ৰাজহুৱা কল্যাণ মূলক প্ৰকল্পৰ ব্যয় বৃদ্ধি কৰিব। যোৱা সপ্তাহত, বিত্তমন্ত্ৰীয়ে কৈছিল যে মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে আগন্তুক বাজেটত৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু