--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসুস্থ হৈ পৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক আজি দিল্লীৰ এইমছৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে৷ সামান্য পেটৰ সংক্ৰমণ আৰু নিয়মীয়া পৰীক্ষাৰ বাবে সীতাৰমণক ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে৷

সূত্ৰ অনুসৰি, কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক আজি দুপৰীয়াৰ ভৰ্তি কৰোৱা হৈছিল আৰু সোনকালেই তেওঁক বাসভৱনলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে। সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্থিৰ আৰু তেওঁক সৰ্বশ্ৰেষ্ঠ চিকিৎসা সেৱা প্ৰদান কৰা হৈছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, নিৰ্মলা সীতাৰমণৰ শাৰীৰিক অৱস্থাৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ এতিয়া সুস্থিৰ। তেওঁৰ চিকিৎসা চলি আছে। সূত্ৰঅনুসৰি, চিকিৎসালয়খনে শীঘ্ৰেই সীতাৰমণৰ শাৰীৰিক অৱস্থাৰ ওপৰত এখন বুলেটিন প্ৰকাশ কৰিব।

নিৰ্মলা সীতাৰমণে অহাবৰ্ষৰ ১ ফেব্ৰুৱাৰীত বাজেট উপস্থাপন কৰাৰ কথা আছে। শুকুৰবাৰে, তেওঁ ইংগিত দিছিল যে এই বছৰৰ বাজেটে ৰাজহুৱা কল্যাণ মূলক প্ৰকল্পৰ ব্যয় বৃদ্ধি কৰিব। যোৱা সপ্তাহত, বিত্তমন্ত্ৰীয়ে কৈছিল যে মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে আগন্তুক বাজেটত৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক