--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ সৈতে ছেক্সটৰ্চন কলৰ ঘটনা চৰ্চালৈ আহিছে। এই গোচৰত  দুজন ব্যক্তিক ৰাজস্থানৰ পৰা আটক কৰিছে দিল্লী ক্ৰাইম ব্ৰাঞ্চে। দৰাচলতে সংগঠিত ছেক্সটৰ্চন ভিডিঅ’ কল কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলক ব্লেকমেইল কৰাৰ প্ৰয়াস কৰা হৈছিল, তাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীৰ ব্যক্তিগত সচিবে দিল্লী আৰক্ষী আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল। দিল্লী আৰক্ষীয়ে এই গোচৰটো ক্ৰাইম ব্ৰাঞ্চলৈ বদলি কৰে। এই গোচৰৰ তদন্তৰ অন্তত ক্ৰাইম ব্ৰাঞ্চে ভৰতপুৰৰ পৰা মহম্মদ বকিল আৰু মহম্মদ চাহাবক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত কোৱা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ মোবাইল নম্বৰত ভিডিঅ’ কল আহিছিল। ফোনটো পোৱাৰ লগে লগে আনটো মূৰৰ পৰা আপত্তিজনক ভিডিঅ’টো বাজিবলৈ ধৰিলে। ইয়াৰ পাছত তেওঁ লগে লগে ফোনটো বিচ্ছিন্ন কৰি পেলাই। আনহাতে, মন্ত্ৰীগৰাকীৰ হৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ লগে লগে গোটেই খেলখন চৰ্চালৈ আহে। দিল্লী আৰক্ষীয়ে গোচৰটো ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰে। অপৰাধ শাখাই আই পি চিৰ ৪২০ আৰু ৪১৯ ধাৰাত এফ আই আৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে আৰু তাৰ পাছতে এই গোচৰত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

ক্ৰাইম ব্ৰাঞ্চে তদন্ত কৰিলে গোটেই খেলখনেই চৰ্চালৈ আহিল। অপৰাধ শাখাই গম পালে যে এই কামটো এটা সংগঠিত যৌন নিৰ্যাতন গেঙৰ। তদন্তত প্ৰকাশ পাইছে যে গোচৰৰ শিপাসমূহ ৰাজস্থানৰ সৈতে জড়িত, ইয়াৰ পাছত ৰাজস্থানৰ ভাৰতপুৰৰ পৰা দুজন অভিযুক্ত মহম্মদ বকিল আৰু মহম্মদ চাহাবক গ্ৰেপ্তাৰ কৰা হয় যদিও অপৰাধ শাখাই এতিয়াও ঘটনৰৰ মাষ্টাৰমাইণ্ডক বিচাৰি পোৱা নাই৷ এই মাষ্টাৰমাইণ্ডক ছাব্বিৰ বুলি চিনাক্ত কৰা হৈছে। ধৃত অভিযুক্ত কেইজন সংগঠিত গেঙৰ সৈতে জড়িত যিয়ে চেক্সটৰ্চন ফোন কৰি বহুতক ব্লেকমেইল কৰিছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ