--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ সম্ভৱতঃ অন্যতম অভাৱনীয় মুহূৰ্ত যিটো অতি দীৰ্ঘদিনলৈ মনত ৰখা হ’ব সেই ঘটনা সংঘটিত হৈছে৷ সংসদত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদনৰ কাৰ্যসূচীৰ পৰা নিলম্বিত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ সৈতে সাক্ষাতৰ বাবে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ প্ৰাক্তন অধ্যক্ষ তথা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আগবাঢ়ি আহিছিল।

কংগ্ৰেছ আৰু আপৰ মাজত তিক্ত ৰাজনৈতিক প্ৰতিদ্বন্দ্বীতা আৰু দুয়ো দলৰে মাজত হোৱা বাদানুবাদ  ১০ দিনতকৈও কম, যেতিয়া কংগ্ৰেছে চলিত মাহৰ আৰম্ভণিতে বাংগালুৰুত অনুষ্ঠিত হোৱা বিৰোধী বৈঠকত আপৰ উপস্থিতি ৰাজহুৱাভাৱে নিশ্চিত কৰি দিল্লী অধ্যাদেশক ধিক্কাৰ দিছিল।

বুধবাৰে নিলম্বিত সাংসদগৰাকীয়ে সংসদ চৌহদত ধৰ্ণাৰ তৃতীয় দিনা ৰাজীৱ শুক্লাকে ধৰি আন দুই এজন বিৰোধী নেতাৰ সৈতে ছোনিয়া গান্ধীয়ে তেওঁৰ ওচৰলৈ খোজ কাঢ়ি আহি কয়, “হামাৰা আপ কো সমৰ্থন হেয়।”

যোৱা ২৪ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ পীযুষ গোৱেলে আপৰ সাংসদগৰাকীক নিলম্বনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু অভিযোগ কৰিছিল যে “এই ধৰণৰ আচৰণ আৰু সদনত অশান্তি দিয়াটো সদনৰ নৈতিকতা আৰু নিয়মৰ সম্পূৰ্ণ বিৰোধী”। উল্লেখ্য যে মণিপুৰ সংকটৰ সন্দৰ্ভত আলোচনাৰ দাবীত আন বিৰোধী সদস্যৰ সৈতে ৰাজ্যসভাত প্ৰতিবাদ সাব্যস্ত কৰিছিল সিঙে।

অৱশ্যে যোৱা দুদিনত সিঙে প্ৰায় সকলো বিৰোধী নেতাৰ সমৰ্থন আকৰ্ষণ কৰিছে। ইয়াৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰ, তৃণমূল কংগ্ৰেছৰ শত্ৰুঘ্ন সিং, কংগ্ৰেছৰ দীপেন্দৰ হুদা, শশী থাৰুৰ আৰু ৰনদীপ সুৰজেৱালা, সমাজবাদী পাৰ্টিৰ জয়া বচ্চন, কংগ্ৰেছৰ সাংসদ ইমৰাণ প্ৰতাপগড়ী, আৰজেডিৰ সাংসদ মনোজ ঝা, ডিএমকেৰ টি শিৱা, টিএমচিৰ সুস্মিতা দেৱ, চিপিআইৰ সাংসদ বিনয় বিশ্বম আৰু বহুতো৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ‘চাহৰ নিমন্ত্ৰণ’ৰ বাবে বাৰে বাৰে কৰা অনুৰোধক আওকাণ কৰাৰ পাছত পুনৰ ছোনিয়া গান্ধীৰ হৃদয়ৰ ইংগিতে দেখুৱাইছিল যে  সকলো। ৰাজনৈতিক নেতাৰে মূল্য আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু