--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ সম্ভৱতঃ অন্যতম অভাৱনীয় মুহূৰ্ত যিটো অতি দীৰ্ঘদিনলৈ মনত ৰখা হ’ব সেই ঘটনা সংঘটিত হৈছে৷ সংসদত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদনৰ কাৰ্যসূচীৰ পৰা নিলম্বিত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ সৈতে সাক্ষাতৰ বাবে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ প্ৰাক্তন অধ্যক্ষ তথা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আগবাঢ়ি আহিছিল।

কংগ্ৰেছ আৰু আপৰ মাজত তিক্ত ৰাজনৈতিক প্ৰতিদ্বন্দ্বীতা আৰু দুয়ো দলৰে মাজত হোৱা বাদানুবাদ  ১০ দিনতকৈও কম, যেতিয়া কংগ্ৰেছে চলিত মাহৰ আৰম্ভণিতে বাংগালুৰুত অনুষ্ঠিত হোৱা বিৰোধী বৈঠকত আপৰ উপস্থিতি ৰাজহুৱাভাৱে নিশ্চিত কৰি দিল্লী অধ্যাদেশক ধিক্কাৰ দিছিল।

বুধবাৰে নিলম্বিত সাংসদগৰাকীয়ে সংসদ চৌহদত ধৰ্ণাৰ তৃতীয় দিনা ৰাজীৱ শুক্লাকে ধৰি আন দুই এজন বিৰোধী নেতাৰ সৈতে ছোনিয়া গান্ধীয়ে তেওঁৰ ওচৰলৈ খোজ কাঢ়ি আহি কয়, “হামাৰা আপ কো সমৰ্থন হেয়।”

যোৱা ২৪ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ পীযুষ গোৱেলে আপৰ সাংসদগৰাকীক নিলম্বনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু অভিযোগ কৰিছিল যে “এই ধৰণৰ আচৰণ আৰু সদনত অশান্তি দিয়াটো সদনৰ নৈতিকতা আৰু নিয়মৰ সম্পূৰ্ণ বিৰোধী”। উল্লেখ্য যে মণিপুৰ সংকটৰ সন্দৰ্ভত আলোচনাৰ দাবীত আন বিৰোধী সদস্যৰ সৈতে ৰাজ্যসভাত প্ৰতিবাদ সাব্যস্ত কৰিছিল সিঙে।

অৱশ্যে যোৱা দুদিনত সিঙে প্ৰায় সকলো বিৰোধী নেতাৰ সমৰ্থন আকৰ্ষণ কৰিছে। ইয়াৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰ, তৃণমূল কংগ্ৰেছৰ শত্ৰুঘ্ন সিং, কংগ্ৰেছৰ দীপেন্দৰ হুদা, শশী থাৰুৰ আৰু ৰনদীপ সুৰজেৱালা, সমাজবাদী পাৰ্টিৰ জয়া বচ্চন, কংগ্ৰেছৰ সাংসদ ইমৰাণ প্ৰতাপগড়ী, আৰজেডিৰ সাংসদ মনোজ ঝা, ডিএমকেৰ টি শিৱা, টিএমচিৰ সুস্মিতা দেৱ, চিপিআইৰ সাংসদ বিনয় বিশ্বম আৰু বহুতো৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ‘চাহৰ নিমন্ত্ৰণ’ৰ বাবে বাৰে বাৰে কৰা অনুৰোধক আওকাণ কৰাৰ পাছত পুনৰ ছোনিয়া গান্ধীৰ হৃদয়ৰ ইংগিতে দেখুৱাইছিল যে  সকলো। ৰাজনৈতিক নেতাৰে মূল্য আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ