--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ যিটো সময়ত সমগ্ৰ বিশ্বই ক’ভিড-১৯ মহামাৰীৰ সৈতে যুঁজ দি আছে তেনে সময়তে উত্তৰাখণ্ডৰ কুম্ভমেলাত সংঘটিত হোৱা আচৰ্যজনক ঘটনা পোহৰলৈ আহিছে। ক’ভিড-১৯ পৰীক্ষা কেলেংকাৰীৰ সন্দৰ্ভত ধন ৰপ্তানিৰ অভিযোগত প্ৰৱৰ্তন সঞ্চালকালয়ে শুকুৰবাৰে ৫জন ডায়গ’নষ্টিক ফাৰ্মৰ শীৰ্ষ বিষয়াসকলৰ বাসগৃহ আৰু কাৰ্যালয়ত অনুসন্ধান চলাইছিল। উত্তৰাখণ্ড আৰক্ষীৰ দ্বাৰা উক্ত গোচৰ ৰুজু হোৱাৰ পাছত প্ৰৱৰ্তন সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছিল। কুম্ভ মেলাৰ সময়ত এণ্টিজেন পৰীক্ষা আৰু আৰটি-পিচিআৰ পৰীক্ষা বাবে উত্তৰাখণ্ড চৰকাৰে এই পৰীক্ষাগাৰসমূহক চুক্তি প্ৰদান কৰিছিল। অভিযোগ অনুসৰি তেওঁলোকে প্ৰয়োজনীয় সংখ্যক পৰীক্ষা কৰা নাছিল, কিন্তু ক’ভিড পৰীক্ষাৰ নামত ভুৱা প্ৰবৃষ্টি আৰু বিল উত্থাপন কৰিছিল।

তদন্তকাৰী সংস্থাটোৱে সদৰী কৰে যে, ক’ভিড পৰীক্ষাৰ নামত কুম্ভমেলাৰ উক্ত স্থান পৰিদৰ্শন কৰা নাছিল। আনকি যিটো সময়ত হৰিদ্বাৰত পজিটিভি়টীৰ হাৰ ৫.৩শতাংশ আছিল সেই সময়ত ০.১৮ শতাংশৰহে তথ্য প্ৰকাশ কৰা হৈছিল। শেহতীয়াকৈ প্ৰৱৰ্তন সঞ্চালকালয়ে অভিযুক্তৰ আপত্তিজনক নথিপত্ৰ, ভুৱা বিল, লেপটপ, মোবাইল ফোন আৰু সম্পত্তিৰ নথি-পত্ৰও জব্দ কৰিছে। উল্লেখযোগ্য যে, অনুসন্ধান সংস্থাটোৱে অভিযান চলাই থকা কোম্পানীবোৰ হৈছে ন’ভাছ পেথ লেব, ডিএনএ লেব, মেক্স কৰ্পোৰেট ছাৰ্ভিছেছ, ড০ লাল চান্দানি লেবচ আৰু নলৱা লেবৰেটৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ