--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সংবিধানত ভাৰতবৰ্ষক এখন সংঘৰাজ্য  হিচাপে উল্লেখ কৰা হৈছে। সেইদৰে সংবিধানৰ প্ৰস্তাৱনাতে দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰ স্পষ্টকৈ চিহ্নিত কৰা হৈছে। কিন্তু দেশৰ এই চাৰিত্ৰিক বৈশিষ্ট্যৰ আধাৰ সংবিধানক নাকচ তথা উলংঘন কৰাৰ সুকৌশলী কাৰচাজি যোৱা এটা দশকৰ পৰা নিৰন্তৰ চলি আহিছে। দেশৰ সংঘৰাজ্য চৰিত্ৰৰ বিপৰীতে এক দেশ, এক নীতি প্ৰবৰ্তনৰ যো-জা কৰা হৈছে। সেইদৰে গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰ পৰিহাৰ কৰি ভাৰতবৰ্ষক এখন হিন্দুৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। 

ভাৰতীয় সংবিধানৰ এই উলংঘন কোনো দেশবিৰোধী চক্ৰ বা বিদেশী শত্ৰু ৰাষ্ট্ৰৰ দ্বাৰা হোৱা নাই; এই কাৰ্যপ্ৰণালীত প্ৰত্যক্ষভাৱে নামি পৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ মৌলিক আধাৰ আৰ এছ এছ। বিজেপি-আৰ এছ এছৰ এই লক্ষ্যত হাত উজান দিছে দেশৰ অন্যান্য হিন্দুত্ববাদী দল-সংগঠনসমূহে। হিন্দুত্বৰ নামত এক ঢৌৰ সৃষ্টি কৰি নানা অপপ্ৰচাৰ আৰু ঘৃণামূলক পৰিৱেশ সৃষ্টিৰ দ্বাৰা একাংশ জনসাধাৰণৰ সমৰ্থনো বুটলিবলৈ সক্ষম হৈছে বিজেপি। 

বিজেপিৰ এই হিন্দুৰাষ্ট্ৰ তথা ‘এক দেশ, এক নীতি’ৰ ধাৰণা সময়ে সময়ে দলীয় কিছু নেতাই মুকলিকৈ প্ৰকাশ কৰি আহিছে। এক কথাত বিজেপিৰ আদৰ্শ তথা নীতিকে দেশৰ নীতি হিচাপে ঘোষণা কৰিবলৈ বদ্ধপৰিকৰ এই শাসকীয় গোষ্ঠী। 

কিন্তু বিজেপিৰ আদৰ্শ কি, সেয়া কাৰো অজানা নহয়। মূলত: হিন্দুত্ববাদী ধ্যান-ধাৰণাৰেই পৰিচালিত হয় বিজেপি দল। দলৰ এই হিন্দুত্ববাদী ধাৰণা সমগ্ৰ দেশতে কাৰ্যকৰী কৰিবলৈ উঠি-পযি লাগিছে দলটো। অন্যান্য দলীয় নেতাসকলে কৰি অহা এই আদৰ্শ কাৰ্যকৰীকৰণৰ দাবীৰ মাজতে এইবাৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ মুখেৰেই ওলাইছে এই দাবী।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে যোৱা ২৬ জুলাইত লোকসভাত পুনৰ এবাৰ বিজেপিৰ এই লক্ষ্যৰ বিষয়ে সুযোগ বুজি প্ৰকাশ কৰিছে। লোকসভাত এক বিতৰ্কৰ সময়তে বিজেপিৰ আদৰ্শকে দেশৰ আদৰ্শ হিচাপে গণ্য কৰিব লাগে বুলি মন্তব্য কৰে ৰিজিজুৱে।

মঙলবাৰে লোকসভাত পাৰিবাৰিক আদালত (সংশোধনী) বিধেয়ক, ২০২২ সন্দৰ্ভত আলোচনা কৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত ইউনিফৰ্ম চিভিল ক’ড (UCC) প্ৰৱৰ্তনৰ বাবে বিজেপিয়ে কৰি অহা দাবীত সন্মত হৈছে।

বিতৰ্কৰ সময়ত বিজেপিৰ সাংসদ নিশিকান্ত দুবেয়ে কয় যে ভাৰতৰ সংবিধান প্ৰণেতাসকলে দেশত এক ইউনিফৰ্ম চিভিল ক’ড থাকিব লাগে বুলি পৰামৰ্শ দিছিল। দুবেই সমকামী বিবাহ আৰু লিভ-ইন সম্পৰ্কক "সামাজিক ব্যাধি" বুলি অভিহিত কৰি এনেধৰণৰ কৰ্মকাণ্ডই এতিয়া ইউনিফৰ্ম চিভিল ক’ডৰ প্ৰয়োজনীয়তাক প্ৰাসঙ্গিক কৰি তুলিছে বুলি মন্তব্য কৰে।

দুবেৰ এই দাবীৰ প্ৰসঙ্গতে ৰিজিজুৱে কয় যে, "চৰকাৰৰ আদৰ্শ কি আপুনি জানে। আমি বিচাৰো যে আমাৰ দলৰ আদৰ্শক দেশৰ আদৰ্শ হিচাপে গণ্য কৰা হওক।" আইন মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ লগে লগে লোকসভাত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। কিন্তু এই বিৰোধৰ প্ৰতি কোনো কাণসাৰ নকৰি ৰিজিজুৱে দলৰ আদৰ্শৰ বাবে তেওঁ গৌৰৱান্বিত বুলি মন্তব্য কৰে।

ৰিজিজুৰ বক্তব্যত বিজেপিয়ে সমকামী বিবাহ আৰু লিভ-ইন সম্পৰ্কক কি দৃষ্টিৰে চায়, সেয়া স্পষ্ট হৈ পৰিছে। সমকামিতা তথা লিভ-ইনৰ দৰে এগৰাকী ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিগত অধিকাৰৰ প্ৰতি বিজেপিৰ এনে দৃষ্টিভংগীয়ে দলটোৰ পৌৰাণিক তথা নিকৃষ্ট মানসিকতা প্ৰতিফলিত কৰিছে বুলি তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। 

কেৱল সিমানেই নহয়, ৰিজিজুৱে বিজেপি দলৰ আদৰ্শক দেশৰ আদৰ্শ হিচাপে কাৰ্যকৰী কৰাৰ যি মন্তব্য সংসদৰ মজিয়াত মুকলিকৈ উল্লেখ কৰিছে ই দলটোৰ তথা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ পৰিকল্পিত কাৰ্যপন্থা সুস্পষ্ট কৰি তুলিছে। দলটোৰ এই পৰিকল্পনাই যে ভাৰতীয় সাংবিধানিক চৰিত্ৰক ছিন্ন-ভিন্ন কৰি তুলিব, সেয়া ধুৰূপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ