--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সংবিধানত ভাৰতবৰ্ষক এখন সংঘৰাজ্য  হিচাপে উল্লেখ কৰা হৈছে। সেইদৰে সংবিধানৰ প্ৰস্তাৱনাতে দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰ স্পষ্টকৈ চিহ্নিত কৰা হৈছে। কিন্তু দেশৰ এই চাৰিত্ৰিক বৈশিষ্ট্যৰ আধাৰ সংবিধানক নাকচ তথা উলংঘন কৰাৰ সুকৌশলী কাৰচাজি যোৱা এটা দশকৰ পৰা নিৰন্তৰ চলি আহিছে। দেশৰ সংঘৰাজ্য চৰিত্ৰৰ বিপৰীতে এক দেশ, এক নীতি প্ৰবৰ্তনৰ যো-জা কৰা হৈছে। সেইদৰে গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰ পৰিহাৰ কৰি ভাৰতবৰ্ষক এখন হিন্দুৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। 

ভাৰতীয় সংবিধানৰ এই উলংঘন কোনো দেশবিৰোধী চক্ৰ বা বিদেশী শত্ৰু ৰাষ্ট্ৰৰ দ্বাৰা হোৱা নাই; এই কাৰ্যপ্ৰণালীত প্ৰত্যক্ষভাৱে নামি পৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ মৌলিক আধাৰ আৰ এছ এছ। বিজেপি-আৰ এছ এছৰ এই লক্ষ্যত হাত উজান দিছে দেশৰ অন্যান্য হিন্দুত্ববাদী দল-সংগঠনসমূহে। হিন্দুত্বৰ নামত এক ঢৌৰ সৃষ্টি কৰি নানা অপপ্ৰচাৰ আৰু ঘৃণামূলক পৰিৱেশ সৃষ্টিৰ দ্বাৰা একাংশ জনসাধাৰণৰ সমৰ্থনো বুটলিবলৈ সক্ষম হৈছে বিজেপি। 

বিজেপিৰ এই হিন্দুৰাষ্ট্ৰ তথা ‘এক দেশ, এক নীতি’ৰ ধাৰণা সময়ে সময়ে দলীয় কিছু নেতাই মুকলিকৈ প্ৰকাশ কৰি আহিছে। এক কথাত বিজেপিৰ আদৰ্শ তথা নীতিকে দেশৰ নীতি হিচাপে ঘোষণা কৰিবলৈ বদ্ধপৰিকৰ এই শাসকীয় গোষ্ঠী। 

কিন্তু বিজেপিৰ আদৰ্শ কি, সেয়া কাৰো অজানা নহয়। মূলত: হিন্দুত্ববাদী ধ্যান-ধাৰণাৰেই পৰিচালিত হয় বিজেপি দল। দলৰ এই হিন্দুত্ববাদী ধাৰণা সমগ্ৰ দেশতে কাৰ্যকৰী কৰিবলৈ উঠি-পযি লাগিছে দলটো। অন্যান্য দলীয় নেতাসকলে কৰি অহা এই আদৰ্শ কাৰ্যকৰীকৰণৰ দাবীৰ মাজতে এইবাৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ মুখেৰেই ওলাইছে এই দাবী।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে যোৱা ২৬ জুলাইত লোকসভাত পুনৰ এবাৰ বিজেপিৰ এই লক্ষ্যৰ বিষয়ে সুযোগ বুজি প্ৰকাশ কৰিছে। লোকসভাত এক বিতৰ্কৰ সময়তে বিজেপিৰ আদৰ্শকে দেশৰ আদৰ্শ হিচাপে গণ্য কৰিব লাগে বুলি মন্তব্য কৰে ৰিজিজুৱে।

মঙলবাৰে লোকসভাত পাৰিবাৰিক আদালত (সংশোধনী) বিধেয়ক, ২০২২ সন্দৰ্ভত আলোচনা কৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত ইউনিফৰ্ম চিভিল ক’ড (UCC) প্ৰৱৰ্তনৰ বাবে বিজেপিয়ে কৰি অহা দাবীত সন্মত হৈছে।

বিতৰ্কৰ সময়ত বিজেপিৰ সাংসদ নিশিকান্ত দুবেয়ে কয় যে ভাৰতৰ সংবিধান প্ৰণেতাসকলে দেশত এক ইউনিফৰ্ম চিভিল ক’ড থাকিব লাগে বুলি পৰামৰ্শ দিছিল। দুবেই সমকামী বিবাহ আৰু লিভ-ইন সম্পৰ্কক "সামাজিক ব্যাধি" বুলি অভিহিত কৰি এনেধৰণৰ কৰ্মকাণ্ডই এতিয়া ইউনিফৰ্ম চিভিল ক’ডৰ প্ৰয়োজনীয়তাক প্ৰাসঙ্গিক কৰি তুলিছে বুলি মন্তব্য কৰে।

দুবেৰ এই দাবীৰ প্ৰসঙ্গতে ৰিজিজুৱে কয় যে, "চৰকাৰৰ আদৰ্শ কি আপুনি জানে। আমি বিচাৰো যে আমাৰ দলৰ আদৰ্শক দেশৰ আদৰ্শ হিচাপে গণ্য কৰা হওক।" আইন মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ লগে লগে লোকসভাত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। কিন্তু এই বিৰোধৰ প্ৰতি কোনো কাণসাৰ নকৰি ৰিজিজুৱে দলৰ আদৰ্শৰ বাবে তেওঁ গৌৰৱান্বিত বুলি মন্তব্য কৰে।

ৰিজিজুৰ বক্তব্যত বিজেপিয়ে সমকামী বিবাহ আৰু লিভ-ইন সম্পৰ্কক কি দৃষ্টিৰে চায়, সেয়া স্পষ্ট হৈ পৰিছে। সমকামিতা তথা লিভ-ইনৰ দৰে এগৰাকী ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিগত অধিকাৰৰ প্ৰতি বিজেপিৰ এনে দৃষ্টিভংগীয়ে দলটোৰ পৌৰাণিক তথা নিকৃষ্ট মানসিকতা প্ৰতিফলিত কৰিছে বুলি তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। 

কেৱল সিমানেই নহয়, ৰিজিজুৱে বিজেপি দলৰ আদৰ্শক দেশৰ আদৰ্শ হিচাপে কাৰ্যকৰী কৰাৰ যি মন্তব্য সংসদৰ মজিয়াত মুকলিকৈ উল্লেখ কৰিছে ই দলটোৰ তথা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ পৰিকল্পিত কাৰ্যপন্থা সুস্পষ্ট কৰি তুলিছে। দলটোৰ এই পৰিকল্পনাই যে ভাৰতীয় সাংবিধানিক চৰিত্ৰক ছিন্ন-ভিন্ন কৰি তুলিব, সেয়া ধুৰূপ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু