--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভগৱান শ্ৰীকৃষ্ণৰ বিচৰণ ভূমি মথুৰা-বৃন্দাবন। বৃন্দাবনত আজিও ৰিণিকি ৰিণিকি ভাঁহি আহে কৃষ্ণৰ বাঁহীৰ সুৰ। প্ৰাচীন শাস্ত্ৰ অনুসৰি সকলো অৱতাৰৰ মূল  ভগৱান কৃষ্ণই ৫০০০  বছৰ আগতে এই ধাৰাধামত আত্মপ্ৰকাশ কৰিছিল। এই দিনটোক সমগ্ৰ বিশ্বতে শ্ৰী কৃষ্ণ জন্মাষ্টমী বুলি পালন কৰা হয়। সাধাৰণতে হিন্দু ধৰ্মৰ লোকসকলে আজিৰ দিনটোত মাজনিশালৈকে উপবাসে থাকে আৰু ভগৱান কৃষ্ণৰ উপাসনা কৰে।  

বৃন্দাবন আৰু মথুৰা হিন্দুধৰ্মীলোকসকলৰ মাজত অতি জনপ্ৰিয়। মথুৰা হৈছে সেই ঠাই য'ত দুষ্ট ৰজা কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত ভগৱান কৃষ্ণৰ জন্ম হৈছিল। ফলস্বৰূপে, তেওঁৰ জন্মস্থানত এই উৎসৱ কিমান ডাঙৰ ভাৱে উদযাপন কৰা হয় সেয়া অনুমাণ কৰাও টান। একেদৰে এই উৎসৱ  শ্ৰী বৃন্দাবন ধামত সমান উৎসাহেৰে উদযাপন কৰা হয়। য'ত মহাৰাজা নন্দৰ ঘৰত  ভগৱান কৃষ্ণই তেওঁৰ শৈশৱ আৰু কৈশোৰকালৰ দিনবোৰ অতিবাহিত কৰিছিল।

যমুনাৰ পাৰত অৱস্থিত বৃন্দাবনত কৃষ্ণৰ  জন্মদিনৰ দহ দিন আগতে বিভিন্ন অনুষ্ঠান আৰম্ভ হয়। বিভিন্ন ঠাইত  নাটক বা যাত্ৰা ৰসলীলা,  শ্ৰী কৃষ্ণৰ জীৱন পৰিক্ৰমা আৰু  মহাভাৰতৰ ঘটনাবোৰো সেই নাটকখনত দেখুওৱা হয়। এই নাটকবোৰত সাধাৰণতে পেছাদাৰী অভিনেতাসকলে  অভিনয় কৰে। এই যাত্ৰা  পৰ্যটকৰ আকৰ্ষণৰ অন্যতম বিষয় হৈ পৰে। বৃন্দাবনত ৪,০০০ ৰো অধিক মন্দিৰ আছে, কিন্তু বাঙ্কে বেহাৰী মন্দিৰ, ৰাধাৰমণ মন্দিৰ আৰু ইস্কন মন্দিৰে উৎসৱৰ বিভিন্ন ৰীতি-নীতিত অংশগ্ৰহণ কৰিবলৈ সৰ্বাধিক সংখ্যক ভক্তক আকৰ্ষণ কৰে। ভক্তসকলে  ঈশ্বৰৰ অভিষেক ( ঈশ্বৰৰ স্নান) চোৱাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে।

যমুনাৰ ওচৰত অৱস্থিত নিধুবনত ভগৱান কৃষ্ণই ব্ৰজগোপীসকলৰ সৈতে ৰাসলীলা কৰিছিল। সেয়েহে, ভক্ত আৰু স্থানীয় লোকে বিশ্বাস কৰে যে আজিও গধূলিৰ পাছত শ্ৰী কৃষ্ণই গোপীগণৰ সৈতে ৰাসলীলা কৰে। সেয়েহে সন্ধিয়া এই ঠাইত প্ৰৱেশ নিষিদ্ধ। জন্মাষ্টমী উপলক্ষে সমগ্ৰ নিধুবন পোহৰেৰে সজোৱা হয়। সন্ধিয়ালৈকে, স্থানীয় ভক্তসকলে নিধুবনলৈ যায় আৰু লীলাপুৰুষোত্তম শ্ৰী কৃষ্ণৰ কৃপাৰ বাবে প্ৰাৰ্থনা কৰে।

মথুৰাত উৎসৱটো জন্মাষ্টমীৰ এমাহ আগতে আৰম্ভ হয়। উৎসৱৰ এটা ভাগক  "ঘটা " বুলি কোৱা হয়। অৰ্থাৎ, বিভিন্ন মন্দিৰবোৰ এমাহৰ বাবে প্ৰতিদিনে এক নিৰ্দিষ্ট ৰঙত সজোৱা হয় আৰু শ্ৰী বিগ্ৰহৰ কাপোৰবোৰো একে ৰঙৰ হয়। এই মাহত জন্মাষ্টমীৰ ঠিক আগতে, ঝুলন যাত্ৰা আহে। ইয়াক আড়ম্বৰৰ সৈতেও উদযাপন কৰা হয়। অৱশ্যে, মাজনিশা, শ্ৰী কৃষ্ণৰ জন্মস্থানত মুখ্য উৎসৱ পালন কৰা হয়। আজি, এই স্থানত এক বিশাল মন্দিৰ  আছে ,যাক শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰ বুলি জনা যায়। উৎসৱৰ শেষত ভক্তসকলক মহাপ্ৰসাদ বিতৰণ কৰা হয়।

জন্মাষ্টমী উৎসৱৰ বাবে প্ৰতি বছৰে ৮ লাখতকৈও অধিক ভক্ত মথুৰা আৰু বৃন্দাবনত সমৱেত হয়। মথুৰা-বৃন্দাবনত অলেখ বিধৱাই বাস কৰে। বিধৱাসকলৰ দৈনন্দিন খৰচ আদি উলিয়াবলৈ  সুলভ ইণ্টাৰনেচনেল ফাউণ্ডেচনে বহু সহায় কৰি আহিছে।   'সুলভৰ বিধৱা কাৰ্যসূচী' সেইবোৰৰ ভিতৰত অন্যতম। সুলভ ১৯৭০ চনত ড০ বিন্দেশ্বৰ পাঠকে প্ৰতিষ্ঠা কৰিছিল। মহাত্মা গান্ধীৰ নীতিৰ দ্বাৰা প্ৰভাৱান্বিত এই  ফাউণ্ডেচনে বৃন্দাবন, বাৰাণসী আৰু উত্তৰাখণ্ডৰ বিধৱাসকলক সহায় কৰাৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আহিছে।বিধৱাসকলক চিলাই মেছিন আদি প্ৰদান কৰি স্বাৱলম্বী কৰি তোলা হৈছে। বৃন্দাবন আৰু মথুৰাত সুৰা তথা মাংস নিষিদ্ধ । চহৰ দুখন সদায় পৰিষ্কাৰ কৰি ৰখাত কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰি আহিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement