--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া  বা ভাৰত। দেশ একে খনেই , নামহে দুটা। এতিয়া চৰকাৰে বিশেষকৈ বিজেপিয়ে দেশৰ নাম ইণ্ডিয়াৰ পৰা ভাৰত কৰিব বিচাৰিছে। বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ইতিমধ্যে দেশৰ কেইবা খনো চহৰৰ নাম সলনি কৰিছে। আপুনি হয়তো জানি আচৰিত হ’ব যে এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰোতে চৰকাৰৰ খৰচ পৰিছিল প্ৰায় ৩০০ কোটি টকা। চৰকাৰী নথিৰ পৰা আৰম্ভ কৰি সকলো বিভাগৰ নাম ফলক, অন্যান্য ফলক আদিত এলাহাবাদৰ সলনি প্ৰয়াগৰাজ বুলি লিখোতেই ইমান খৰচ পৰিছিল। 

এতিয়া দেশৰ নাম যদি   'ইণ্ডিয়া'ৰ পৰা 'ভাৰত'  কৰা হয় তেন্তে ইয়াৰ বাবেও দেশৰ হ’ব এক বৃহৎ খৰচ। শেহতীয়াকৈ দেশখনৰ  দুটা নামক লৈ ৰাজনৈতিক ক্ষেত্ৰ খনত  হুলস্থূল আৰম্ভ হৈছে। কোৱা হৈছে যে মোদী চৰকাৰে দেশৰ নাম 'ইণ্ডিয়া'ৰ পৰা 'ভাৰত'লৈ সলনি কৰিব বিচাৰিছে। অৱশ্যে  কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে চৰকাৰে নাম সলনি কৰিবলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা নাই। ঠাকুৰে দেশৰ নাম সলনিৰ দাবীটোক "উৰাবাতৰি" বুলি নাকচ  কৰিছে। কিন্তু প্ৰশ্নটো হ'ল যদি দেশৰ নাম সঁচাকৈয়ে  সলনি কৰা হয় তেন্তে ইয়াৰ বাবে খৰচ  কিমান হ'ব?

অৱশ্যে নাম সলনিৰ প্ৰসংগ উত্থাপন হোৱা  দেশ ভাৰতেই  প্ৰথম  নহয় । এনে ধৰণৰ পৰিৱৰ্তন আগতে বহু  দেশত সময়ে সময়ে কৰা হৈছিল। কেতিয়াবা ঔপনিৱেশিক উত্তৰাধিকাৰ চিন চাব  মচি পেলাবলৈ এনে কৰা হৈছিল।  কেতিয়াবা প্ৰশাসনক সুশৃংখল কৰিবলৈও দেশৰ নাম সলনি কৰা হৈছিল।

প্ৰতিটো পৰিৱৰ্তনতে পিছে জড়িত হৈ থাকে বৃহৎ ব্যয়। কথাটো  ঘৰত নতুনকৈ  পেইণ্টিং কৰাৰ দৰে। বিদ্যালয়ত নাম সলনি কৰা বা নথি-পত্ৰত  কাৰোবাৰ  ঠিকনা বা নাম সলনি কৰাৰ ক্ষেত্ৰত যিদৰে খৰচৰ কথা আহি পৰে তেনেদৰে দেশৰ নাম সলনিৰ ক্ষেত্ৰতো খৰচৰ কথা আহিবই। এক কথাত কোনো   পৰিৱৰ্তন  খৰচ নোহোৱাকৈ নহয়।  যদি নামটো সলনি কৰা হয়, তেন্তে সকলো নথিপত্ৰ, অফিচিয়েল ৱেবছাইট, দেশৰ বিভিন্ন প্ৰতিষ্ঠান আৰু আন বহুতো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নাম   পৰিৱৰ্তন কৰিব লাগিব। এইবোৰৰ সকলোৰে নিজা নিজা খৰচ থাকিব।







এনেদৰে নাম পৰিৱৰ্তন কৰাৰ  খৰচৰ ক্ষেত্ৰত কিছু উপায়ো আছে। দক্ষিণ আফ্ৰিকাৰ এজন অধিবক্তাই  তেনে এটা পদ্ধতি উদ্ভাৱন কৰিছিল। তেওঁৰ নাম ডেৰেন অলিভিয়েৰ। অলিভিয়েৰে আফ্ৰিকাৰ দেশবোৰত নাম পৰিৱৰ্তনৰ প্ৰক্ৰিয়াক এক বৃহৎ কৰ্পোৰেটৰ ৰিব্ৰেণ্ডিং প্ৰক্ৰিয়াৰ সৈতে তুলনা কৰিছিল। তেওঁ  এটা ডাঙৰ কৰ্পোৰেট হাউচৰ গড় বিপণন ব্যয় ইয়াৰ ৰাজহৰ ৬ শতাংশ হিচাবে ধৰি লৈছিল। একে সময়তে তেওঁ  ৰিব্ৰেণ্ডিং প্ৰক্ৰিয়াৰ  ব্যয় কোম্পানীৰ বিপণন বাজেটৰ ১০ শতাংশলৈকে হ'ব পাৰে বুলি কৈছিল।
 ডাৰেন অলিভিয়েৰৰ এই আৰ্হিৰ সহায়ত আমাৰ দেশৰ নাম সলনিৰ  বাবে ব্যয়ৰ বিষয়ে এটা ধাৰণা লাভ কৰিব পাৰি।   সেই অনুসৰি আমাৰ দেশৰ নাম পৰিৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৮০ কোটি ভাৰতীয় নাগৰিকৰ বাবে খাদ্য সুৰক্ষাৰ নামত  যিমান খৰচ কৰে সিমান খৰচ হ'ব বুলি অনুমান কৰা হৈছে।

আউটলুকৰ প্ৰতিবেদন অনুসৰি  ২০২৩ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ ৰাজহ প্ৰাপ্তি আছিল ২৩  লাখ ৮৪  হাজাৰ কোটি টকা।ইয়াৰ ভিতৰত আছে  চৰকাৰে উপাৰ্জন কৰা কৰ আৰু কৰ বিহীন ৰাজহ । এই ৰাজহৰ পৰিমাণৰ ওপৰত আধাৰিত কৰি 'অলিভিয়েৰ মডেল'ৰ অনুসৰি  আমাৰ দেশৰ  নাম সলনি কৰাৰ প্ৰক্ৰিয়াত প্ৰায় ১৪,৩০৪  কোটি টকা ব্যয় হ'ব।

অলিভিয়েৰে এই আৰ্হিটো  সেই সময়ত উদ্ভাৱন  কৰিছিল যেতিয়া ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ দেশ স্বাজিলেণ্ডৰ নাম সলনি কৰা হৈছিল। স্বাজিলেণ্ডৰ নাম এস্বতীনী ৰখা হৈছিল। অলিভিয়েৰৰ মডেল অনুসৰি স্বাজিলেণ্ডৰ নাম সলনি কৰাৰ ব্যয় আছিল প্ৰায় ৫০০ কোটি টকা। এই সংখ্যাটো লাভ কৰিবলৈ  অলিভিয়েৰে দেশখনৰ  ৰাজহ উপাৰ্জনৰ সূত্ৰও প্ৰয়োগ কৰিছিল।

এই বছৰৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ চহৰৰ নাম ছত্ৰপতি সম্ভাজী নগৰ ৰখা হৈছিল। একে সময়তে ওচমানাবাদৰ নাম ধাৰাশিৱ ৰখা হৈছিল। ২০১৬ চনত হাৰিয়ানা চৰকাৰে গুৰগাওঁৰ নাম গুৰুগ্ৰামলৈ সলনি কৰিছিল। ২০১৮  চনত উত্তৰ প্ৰদেশ চৰকাৰে এলাহাবাদৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰিছিল। চৰকাৰী তথ্য অনুসৰি, ৰাজ্য চৰকাৰে এলাহাবাদৰ নাম সলনি কৰাৰ বাবে ৩০০ কোটি টকাৰো অধিক ব্যয় কৰিবলগীয়া হৈছিল।  

অৱশ্যে, আমাৰ দেশৰ  নাম সলনি কৰা হ'ব নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই।  এই সন্দৰ্ভত চৰকাৰৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। কি কাৰণত সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছে সেয়াও স্পষ্ট হোৱা নাই। সেয়ে  অধিৱেশন আৰম্ভ হোৱালৈ সকলোৱে অপেক্ষা কৰিব লাগিব। তেতিয়াহে দেশৰ নাম সলনিৰ প্ৰসংগটো  স্পষ্ট হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান