--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খানক ধমক দিলে অমিতাভ বচ্চনে! সুহানা খানে অলপতে জয়া আখটাৰৰ শৃংখলা 'দ্য আৰ্চিছ'ৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছে। যদিও তেওঁৰ অভিনয়ে  সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে, শ্বাহৰুখৰ কন্যা নানা ধৰণে ট্ৰ'লৰো সন্মুখীন হ'বলগীয়া হৈছে । এতিয়া অমিতাভ বচ্চনেও সুহানাৰ প্ৰসংগত কেতবোৰ কথা কৈছে।  শ্বাহৰুখ খান কৌন বনেগা কৰোড়পতি (কেবিচি)ৰ মঞ্চত উপস্থিত হৈছিল। 

সুহানাৰ লগতে 'দ্য আৰ্চিছ'ৰ আন তাৰকাসকলো সেই অনুষ্ঠানত  উপস্থিত আছিল। উপস্থিত থকাসকলৰ তালিকাখনত আছে সুখী কাপুৰ, অগস্ত্য নন্দা, বেদং ৰাইনা, যুৱৰাজ মেণ্ডাৰা। সুহানা খানে কেবিচিৰ মঞ্চত বিগ বিৰ প্ৰশ্নৰ সন্মুখীন হৈছিল! সুহানাই  পিছে তেওঁৰ দেউতাক শ্বাহৰুখ খানৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। "পদ্মশ্ৰী, লিজিয়ন অফ অনাৰ, ল'ইটোইল ডি'অৰ আৰু ভলপি কাপ," শ্বাহৰুখ খানে চাৰিটা বঁটাৰ ভিতৰত কোনটো লাভ কৰা নাছিল? 

কিং খানৰ জীয়ৰীয়ে কলে-  'দেউতাই পদ্মশ্ৰী নাপালে' আৰু সেই উত্তৰটো শুনি অমিতাভ বচ্চন আচৰিত হৈ পৰিল। তাৰ পিছত শ্বাহৰুখ কন্যাক ধেমালিৰ চলেৰেই কথা শুনালে বিগ বিয়ে। বিগ বিয়ে ধেমেলীয়াকৈ ক’লে , "ছোৱালীজনীয়ে নাজানে যে দেউতাকে কি পুৰস্কাৰ পাইছিল!ইমান সহজ প্ৰশ্নৰ উত্তৰো দিব নোৱাৰিলে। কেনে ছোৱালী দেউতাকৰ খবৰো নাৰাখে’’। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক