--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘এনিমেল’ৰ চৰ্চা এতিয়াও অব্যাহত আছে। চিনেমাখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ছবিখনৰ উন্মাদনাই মানুহক আৱৰি আছে। ছবিখনত ৰণবীৰ কাপুৰৰ ভূমিকাক দৰ্শকে বহুত ভাল পোৱাৰ বিপৰীতে ববী দেউলে একো নোকোৱাকৈয়ে সকলোকে আপ্লুত কৰি তুলিছে।

'এনিমেল'ক লৈ ছানী দেওলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ‘এনিমেল’ ছবিৰ সন্দৰ্ভত মুকলিকৈ কথা পাতিলে ছানী দেওলে। এই সময়ত ছানীয়ে কয় যে ছবিখনৰ কিছুমান কথা মোৰ ভাল লগা নাই। কিন্তু ভাতৃ ববীৰ অভিনয়ত মই সুখী। ববিৰ বাবে মই বৰ সুখী। এনিমেল চাইছোঁ ভাল লাগিল। ভাল চিনেমা। কিন্তু কিছুমান কথা আছে যিবোৰ মোৰ ভাল লগা নাই। কেতিয়াবা মোৰ ছবিবোৰতো কিছুমান কথা ভাল নাপাওঁ। এজন দৰ্শক হিচাপে মই এই অনুভৱ ব্যক্ত কৰিছো।

উল্লেখ্য যে এই ছবিখন মুক্তি পোৱাৰ ১৬ দিন হ’ল আৰু ছবিখনৰ সংগ্ৰহ ১৫ দিনত ৮০০ কোটি টকাৰ পৰা মাত্ৰ কেইখোজমান দূৰত। এই ছবিখনে ১৫ দিনত ৭৮৪.৪৫ কোটি টকা সংগ্ৰহ কৰিছে। এই ছবিখন পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই। ৰণবীৰ আৰু ববীৰ উপৰিও তৃপ্তি ডিমৰীৰ চৰিত্ৰক লৈ ছবিখনত চৰ্চা চলি আছে। এই ছবিখনৰ দ্বিতীয় খণ্ডও হ’ব, যিটো ছবিৰ শেষত এটা ক্লিপত ঘোষণা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান