--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আইএমডিৰ ডিজিয়ে নিৰ্বাচন আয়োগক অৱগত কৰে যে এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিতব্য দ্বিতীয়  পৰ্য্যায়ৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গ্ৰীষ্ম-প্ৰৱাহক লৈ উদ্বেগ প্ৰকাশৰ বিশেষ কাৰণ নাই। দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বতৰৰ পূৰ্বাভাস স্বাভাৱিক।দেশৰ কেতবোৰ অঞ্চলত স্বাভাৱিকতকৈ অধিক তাপমাত্ৰা আৰু গ্ৰীষ্ম-প্ৰৱাহ অনুভূত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি আয়োগে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে এখনি বৈঠকত মিলিত হৈ বতৰৰঅৱস্থাৰ বুজ লয় আৰু সাধাৰণ নিৰ্বাচনৰ সময়ছোৱাত গৰম বতৰৰ বাবেযিকোনো বিপদাশংকা হ্ৰাসৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।

চিইচি  ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত আয়ুক্তদ্বয়  জ্ঞানেশ কুমাৰ আৰু  সুখবীৰ সিং সন্ধুকেপ্ৰমুখ্য কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (MoHFW)অতিৰিক্ত সচিব, ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (NDMA) বিভাগীয় মুৰব্বী আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ(IMD) ডিজি মেট্ৰলজিয়ে অংশগ্ৰহণ কৰে।

এই বৈঠকত নিম্ন উল্লেখিত সিদ্ধান্তৰাজি গ্ৰহণ কৰা হয়ঃ

১) ইচিআই, আইএমডি, এনডিএমএ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বিষয়াসকলেৰে গঠিত এটা টাস্ক ফ’ৰ্চে নিৰ্বাচনৰ প্ৰতিটো পৰ্য্যায়তে পাঁচ দিনৰ পূৰ্বেগ্ৰীষ্ম-প্ৰৱাহ আৰু আৰ্দ্ৰতাৰ প্ৰভাৱ সম্পৰ্কে পৰ্য্যালোচনাৰেযিকোনো চিন্তনীয় পৰিৱৰ্তননিৰীক্ষণ কৰিব আৰু প্ৰয়োজন সাপেক্ষেপ্ৰশমনমূলক ব্যৱস্থা গ্ৰহণ কৰিব।

২) নিৰ্বাচনী কাৰ্য্যকলাপত প্ৰভাৱ পেলোৱা গ্ৰীষ্ম-প্ৰৱাহ সন্দৰ্ভতইয়াৰে মোকাবিলাৰ বাবে প্ৰস্তুতি চলাবলৈ ৰাজ্যসমূহৰ স্বাস্থ্য কৰ্তৃপক্ষক প্ৰয়োজনীয় নিৰ্দেশনা জাৰিৰ অৰ্থে আয়োগে স্বাস্থ্য মন্ত্ৰালয়ক নিৰ্দেশনাপ্ৰদান কৰিছে।

৩) আয়োগে ২০২৪ৰ ১৬ মাৰ্চৰ বৰ্তমানৰ পৰামৰ্শ অনুসৰি,ৰভা, খোৱাপানী, ফেনআৰু আন-আন নিশ্চিত ন্যূনতম সুবিধা আদিকে প্ৰমুখ্য কৰি ভোট কেন্দ্ৰসমূহত পৰ্য্যাপ্ত ব্যৱস্থা নিশ্চিত কৰিবলৈ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াসকলৰ (CEO) সৈতে এক সুকীয়া পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰিব।

৪) ভোটকেন্দ্ৰ প্ৰাংগনত গ্ৰীষ্ম-প্ৰৱাহৰ প্ৰভাৱ হ্ৰাসৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ (কৰণীয় আৰু অকৰণীয়)অৰ্থে জনসাধাৰণৰ মাজত আইইচি (তথ্য, শিক্ষা আৰু যোগাযোগ) কাৰ্য্যকলাপ হাতত ল’ব লাগিব।

আয়োগে বতৰৰ শেহতীয়া স্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আহিছে তথা ভোটগ্ৰহণকাৰী আৰু নিৰাপত্তা বাহিনী, প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে ভোটাৰৰ সুবিধা আৰু মংগল নিশ্চিত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ