--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আইএমডিৰ ডিজিয়ে নিৰ্বাচন আয়োগক অৱগত কৰে যে এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিতব্য দ্বিতীয়  পৰ্য্যায়ৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গ্ৰীষ্ম-প্ৰৱাহক লৈ উদ্বেগ প্ৰকাশৰ বিশেষ কাৰণ নাই। দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ১৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বতৰৰ পূৰ্বাভাস স্বাভাৱিক।দেশৰ কেতবোৰ অঞ্চলত স্বাভাৱিকতকৈ অধিক তাপমাত্ৰা আৰু গ্ৰীষ্ম-প্ৰৱাহ অনুভূত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি আয়োগে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে এখনি বৈঠকত মিলিত হৈ বতৰৰঅৱস্থাৰ বুজ লয় আৰু সাধাৰণ নিৰ্বাচনৰ সময়ছোৱাত গৰম বতৰৰ বাবেযিকোনো বিপদাশংকা হ্ৰাসৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।

চিইচি  ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত আয়ুক্তদ্বয়  জ্ঞানেশ কুমাৰ আৰু  সুখবীৰ সিং সন্ধুকেপ্ৰমুখ্য কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (MoHFW)অতিৰিক্ত সচিব, ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (NDMA) বিভাগীয় মুৰব্বী আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ(IMD) ডিজি মেট্ৰলজিয়ে অংশগ্ৰহণ কৰে।

এই বৈঠকত নিম্ন উল্লেখিত সিদ্ধান্তৰাজি গ্ৰহণ কৰা হয়ঃ

১) ইচিআই, আইএমডি, এনডিএমএ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বিষয়াসকলেৰে গঠিত এটা টাস্ক ফ’ৰ্চে নিৰ্বাচনৰ প্ৰতিটো পৰ্য্যায়তে পাঁচ দিনৰ পূৰ্বেগ্ৰীষ্ম-প্ৰৱাহ আৰু আৰ্দ্ৰতাৰ প্ৰভাৱ সম্পৰ্কে পৰ্য্যালোচনাৰেযিকোনো চিন্তনীয় পৰিৱৰ্তননিৰীক্ষণ কৰিব আৰু প্ৰয়োজন সাপেক্ষেপ্ৰশমনমূলক ব্যৱস্থা গ্ৰহণ কৰিব।

২) নিৰ্বাচনী কাৰ্য্যকলাপত প্ৰভাৱ পেলোৱা গ্ৰীষ্ম-প্ৰৱাহ সন্দৰ্ভতইয়াৰে মোকাবিলাৰ বাবে প্ৰস্তুতি চলাবলৈ ৰাজ্যসমূহৰ স্বাস্থ্য কৰ্তৃপক্ষক প্ৰয়োজনীয় নিৰ্দেশনা জাৰিৰ অৰ্থে আয়োগে স্বাস্থ্য মন্ত্ৰালয়ক নিৰ্দেশনাপ্ৰদান কৰিছে।

৩) আয়োগে ২০২৪ৰ ১৬ মাৰ্চৰ বৰ্তমানৰ পৰামৰ্শ অনুসৰি,ৰভা, খোৱাপানী, ফেনআৰু আন-আন নিশ্চিত ন্যূনতম সুবিধা আদিকে প্ৰমুখ্য কৰি ভোট কেন্দ্ৰসমূহত পৰ্য্যাপ্ত ব্যৱস্থা নিশ্চিত কৰিবলৈ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াসকলৰ (CEO) সৈতে এক সুকীয়া পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰিব।

৪) ভোটকেন্দ্ৰ প্ৰাংগনত গ্ৰীষ্ম-প্ৰৱাহৰ প্ৰভাৱ হ্ৰাসৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ (কৰণীয় আৰু অকৰণীয়)অৰ্থে জনসাধাৰণৰ মাজত আইইচি (তথ্য, শিক্ষা আৰু যোগাযোগ) কাৰ্য্যকলাপ হাতত ল’ব লাগিব।

আয়োগে বতৰৰ শেহতীয়া স্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আহিছে তথা ভোটগ্ৰহণকাৰী আৰু নিৰাপত্তা বাহিনী, প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে ভোটাৰৰ সুবিধা আৰু মংগল নিশ্চিত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু