--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  নিজৰ জন্মদিনৰ দিনাই কেক খাই মৃত্যুমুখত পৰিছিল এগৰাকী ১০ বছৰীয়া কিশোৰী। এই ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।  পঞ্জাৱৰ পাটিয়ালাত ঘটিছিল এই কৰুণ ঘটনা।


জন্মদিনৰ কেক খাই ১০ বছৰীয়া মানৱী মৃত্যুমুখত পৰিছিল।  এই গোচৰৰ জোৰদাৰ তদন্তত নামি পৰিছিল আৰক্ষী। তদন্তত ধৰা পৰিছে যে কেকটোত চিন্থেটিক ছুইটনাৰ ব্যৱহাৰ কৰা হৈছিল যাৰ ফলত  এই কৰুণ ঘটনাটো সংঘটিত হৈছিল।

বিষয়াসকলে জনোৱা মতে, কেকটোত অত্যধিক পৰিমাণৰ চিন্থেটিক ছুইটনাৰ ব্যৱহাৰ কৰা হৈছিল। তথ্য অনুসৰি, ২৪ মাৰ্চত মানৱীৰ জন্মদিনৰ দিনা পাটিয়ালাৰ এখন বেকাৰীৰ পৰা অনলাইনত অৰ্ডাৰ কৰা হৈছিল এটা চকলেট কেক। সেই কেক খায়েই মানৱীৰ লগতে মানৱীৰ ভগ্নী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। 

জিলা স্বাস্থ্য বিষয়া, ডি এইচ অ’ ডাঃ বিজয় জিন্দালে জনোৱা মতে, কেকটোৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল আৰু প্ৰতিবেদনত প্ৰকাশ পাইছে যে ইয়াক বেক কৰিবলৈ অধিক পৰিমাণৰ চেকেৰিন নামৰ মিঠা সোৱাদযুক্ত কৃত্ৰিম যৌগ ব্যৱহাৰ কৰা হৈছিল। খাদ্য আৰু পানীয়ত চেকেৰিন কম পৰিমাণে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ উচ্চ মাত্ৰাৰ ফলত মানুহৰ তেজৰ ছুগাৰৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।


কেক খোৱাৰ পাছত দুয়োজনী  ছোৱালীয়ে বমি কৰিবলৈ আৰম্ভ কৰে আৰু মানৱীয়ে মুখ শুকাই পিয়াহ অনুভৱ কৰা বুলি অভিযোগ কৰিছিল। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ