--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্যৰ বাবেও বহু সময়ত কোনো এগৰাকী লোক কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে ব্ৰিটিছ  মেডিকেল জাৰ্ণেলত  প্ৰকাশিত এক অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে ছডা জাতীয় পানীয়ই বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।

গৱেষকসকলে তথ্য অনুসৰি বহুক্ষেত্ৰত  প্ৰায় ১০০ মিলি লিটাৰ ছডাই কিছুমান কেন্সাৰৰ মাত্ৰা ১৮ শতাংশ বৃদ্ধি কৰিব পাৰে য’ত অকল স্তনৰ টিউমাৰ ২২ শতাংশ পৰ্যন্ত বৃদ্ধিৰ আশংকা থাকে। গৱেষকসকলে কাৰ্বোনেটেড ড্ৰিংকছ, স্পৰ্টছ ড্ৰিংকছ, ছিৰাপ আৰু ফলৰ ৰসকে ধৰি ৯৭ বিধ পানীয়ক অধ্যয়নত সামৰি লৈছিল।

অধ্যয়নটোত প্ৰকাশ পোৱা মতে শীতল পানীয়ই শৰীৰৰ স্বাভাৱিক চৰ্বিত চেনিৰ প্ৰভাৱ, ব্লাড ছুগাৰ লেভেল বা শৰীৰ প্ৰদাহ বৃদ্ধিত প্ৰভাৱ পেলাব পাৰে।কিন্তু ছডা বা বটলত ৰখা জ্যুচেই কেন্সাৰৰ বিপদ বৃদ্ধি কৰিব পৰা একমাত্ৰ খাদ্য নহয়। বহু গৱেষণাই দেখুৱাইছে যে এক বিভিন্ন প্ৰকাৰ খাদ্য সামগ্ৰীয়ে এনে বিপদৰ কাৰণ হ’ব পাৰে।
কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পৰা কিছুমান কাৰ্চিনোজেনিক (কৰ্কটোৎপাদক) খাদ্য হৈছে :-

কাৰ্চিনোজেনছ হৈছে উপাদান যাৰ কেন্সাৰৰ সৈতে সম্পৰ্ক আছে। কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। উল্লেখযোগ্য যে কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ কাৰণ নহয়, ই কেৱল কেন্সাৰৰ বিপদহে বৃদ্ধি কৰে।

যিবোৰ খাদ্য কম আঁহযুক্ত কিন্তু অতি শৰ্কৰাযুক্ত বা ৰিফাইন কাৰ্বছে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰিফাইন কাৰ্বছে শৰীৰত অতিমাত্ৰা ব্লাড ছুগাৰ (গ্লুক’জ)ৰ সৃষ্টি কৰি পাকস্থলী, স্তন আৰু কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধিৰ কাৰণ হৈ পৰে।

শৰীৰত থকা ইনছ্যুলিনে কেন্সাৰ কোষৰ শাখাবোৰক সহযোগ কৰে, যিয়ে ইয়াক অপসাৰণ কৰাটো কঠিন কৰি তোলে। আপুনি যদি ডায়েবেটিক, আপুনি চেনি আৰু ৰিফাইন কাৰ্বছৰ আন উপাদানসমূহ বৰ্জন কৰাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ কিয়নো ই কলেষ্টৰেল কেন্সাৰ হোৱাৰ আশংকা অধিক পৰিমাণে বৃদ্ধি কৰে।

 জ্বলি যোৱা খাদ্যয়ো পলিচাইক্লিক এৰোমেটিক হাইড্ৰকাৰ্বোনছ উৎপাদন কৰিব পাৰে, যিটো কাৰ্চিনোজেনিক উপাদানসমূহৰ আন এটা গোট। সেয়েহে আপুনি বেছিকৈ ৰান্ধি থকা বা জ্বলি যোৱা খাদ্য বৰ্জন কৰক আৰু ভপোৱা, উতলোৱা, সেকা আদি আন ৰন্ধন প্ৰণালী ব্যৱহাৰ কৰক।

জন্তুৰ মাংস (ৰেড মীট) খোৱাটোতো সাৱধানতা অৱলম্বন কৰা উচিত। ৰন্ধা জন্তুৰ মাংসকো কাৰ্চিনোজনিক গোটৰ অন্তৰ্গত হিচাপে ধৰা হয় আৰু ইও কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰন্ধা জন্তুৰ মাংস অধিক পৰিমানে খালে কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধি পায়।

মদ্যপানে শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ধৰণে কেন্সাৰৰ সৃষ্টি কৰিব পাৰে। কাৰ্চনোজেনিক খাদ্যৰ প্ৰথম গোটৰ ভিতৰত মদ অন্যতম হিচাপে ধৰা হয়। সেয়েহে কেন্সাৰ সৃষ্টিৰ আশংকাৰ ক্ষেত্ৰত ইয়াক এক শক্তিশালী কাৰক হিচাপে ধৰা হয়।

ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰা হয় যে মদে আপোনাৰ মুখ আৰু ডিঙিৰ গহ্বৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। ই লগতে আপোনাৰ শৰীৰত হ’ৰমনৰ স্তৰ বিঘ্নিত কৰি স্তনৰ কেন্সাৰৰ আশংকাও বৃদ্ধি কৰিব পাৰে।
আনহাতে, ডেইৰী উৎপাদিত গাখীৰৰ সামগ্ৰীসমূহে যদিওৱা কেন্সাৰৰ কাৰক নহয়, তথাপি বহু গৱেষণাই দেখুৱাইছে যে ডেইৰী উৎপন্ন সামগ্ৰীসমূহৰ অত্যধিক সেৱনে প্ৰষ্টেট কেন্সাৰৰ আশংকা বৃদ্ধি কৰে।

ইন্টাৰনেশ্যনেল জাৰ্ণেল অফ কেন্সাৰত প্ৰকাশিত অধ্যয়নত কোৱা হৈছে যে  ৬০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক গৰম পানীয় সেৱনে খাদ্যনলীৰ কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। কোৱা হৈছে যে খাদ্যনলীত অত্যধিৰ গৰম খাদ্যই সৃষ্টি কৰা  প্ৰদাহৰ বাবে কৰ্কটৰ আশংকা ৰৈ যায়। সেয়েহে, গৰম কফি বা চাহ সেৱন কৰাৰ আগতে অলপ ঠাণ্ডা হ'বলৈ দিয়া ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি