--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেদবহুলতা আৰু দেহৰ অত্যধিক ওজন এতিয়া সমগ্ৰ বিশ্বৰ বাবেই এক সমস্যা হৈ পৰিছে।  মেদবহুলতা নানাৰোগৰ কাৰক। এতিয়া শেহতীয়া এক সমীক্ষাই দেখুৱাইছে যে ১০গৰাকী মেদবহুল লোকৰ মাজৰে ৪ গৰাকী লোকৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। ৪.১ নিযুত অংশগ্ৰহণকাৰীক সামৰি লৈ  চাৰি দশক ধৰি  চলোৱা  নতুন গৱেষণাত দেখা গৈছে যে মেদবহুলতা সম্পৰ্কীয় কৰ্কট ৰোগ এতিয়া ১০  গৰাকী লোকৰ ভিতৰত ৪ গৰাকীৰ ক্ষেত্ৰত ধৰা পৰিব পাৰে। শেহতীয়া অধ্যয়নটোত অতিৰিক্ত ওজন বৃদ্ধিৰ সৈতে  কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকাৰ সম্পৰ্ক বিচাৰি পোৱা গৈছে। 

অধ্যয়নটোৱে ৩০ প্ৰকাৰৰ কৰ্কট ৰোগক মেদবহুলতাৰ সৈতে সম্পৰ্কিত বুলি প্ৰমাণ কৰিছে। আগতে মেদবহুলতাৰ সৈতে সম্পৰ্কিত আছিল  ১৩ প্ৰকাৰৰ অতি ভয়ংকৰ ৰোগ। এতিয়া কৰ্কট ৰোগো অন্তৰ্ভুক্ত হোৱাত মেদবহুলতাৰ বাবে হ’ব পৰা ৰোগৰ সংখ্যা ৩২ লৈ বৃদ্ধি পালে।  চুইডেনৰ মালমোৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে  চাৰি দশকৰ ধৰি ৪.১ নিযুতৰো অধিক অংশগ্ৰহণকাৰীৰ ওজন আৰু জীৱনশৈলী অধ্যয়ন কৰিছিল। সেই অধ্যয়নতে মেদবহুলতাৰ সৈতে কৰ্কট ৰোগৰ সম্পৰ্কৰ কথা পোহৰলৈ আহে। 

গৱেষকসকলে সেয়ে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।  চুইডেনৰ মালমোৰ লুণ্ড বিশ্ববিদ্যালয়ৰ  গৱেষকসকলে চলোৱা অধ্যয়নত পোহৰলৈ আহিছে যে মেদবহুলতাৰ বাবে  স্তন, অন্ত্ৰ, গৰ্ভ আৰু বৃক্কৰ কৰ্কট ৰোগ আদি হ’ব পাৰে।   অধ্যয়নটোত প্ৰথমবাৰৰ বাবে ১৯ টা সম্ভাৱ্য মেদবহুলতা-সম্পৰ্কীয় কৰ্কট ৰোগৰ যেনে  মেলিগনেণ্ট মেলানোমা, গেষ্ট্ৰিক টিউমাৰ, ক্ষুদ্ৰ অন্ত্ৰ আৰু পিটুইটাৰি গ্ৰন্থিৰ কৰ্কট ৰোগ,  ডিঙিৰ কৰ্কট ৰোগ,  লিঙ্গৰ কৰ্কট ৰোগ চিনাক্ত কৰা হৈছে। অধ্যয়নটোত এইবুলিওকোৱা হৈছে যে  মেদবহুলতাৰ বাবে পুৰুষৰ ক্ষেত্ৰত কিছুমান কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ২৪ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ১৩ শতাংশ বৃদ্ধি পায় । 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু