--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেদবহুলতা আৰু দেহৰ অত্যধিক ওজন এতিয়া সমগ্ৰ বিশ্বৰ বাবেই এক সমস্যা হৈ পৰিছে।  মেদবহুলতা নানাৰোগৰ কাৰক। এতিয়া শেহতীয়া এক সমীক্ষাই দেখুৱাইছে যে ১০গৰাকী মেদবহুল লোকৰ মাজৰে ৪ গৰাকী লোকৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। ৪.১ নিযুত অংশগ্ৰহণকাৰীক সামৰি লৈ  চাৰি দশক ধৰি  চলোৱা  নতুন গৱেষণাত দেখা গৈছে যে মেদবহুলতা সম্পৰ্কীয় কৰ্কট ৰোগ এতিয়া ১০  গৰাকী লোকৰ ভিতৰত ৪ গৰাকীৰ ক্ষেত্ৰত ধৰা পৰিব পাৰে। শেহতীয়া অধ্যয়নটোত অতিৰিক্ত ওজন বৃদ্ধিৰ সৈতে  কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকাৰ সম্পৰ্ক বিচাৰি পোৱা গৈছে। 

অধ্যয়নটোৱে ৩০ প্ৰকাৰৰ কৰ্কট ৰোগক মেদবহুলতাৰ সৈতে সম্পৰ্কিত বুলি প্ৰমাণ কৰিছে। আগতে মেদবহুলতাৰ সৈতে সম্পৰ্কিত আছিল  ১৩ প্ৰকাৰৰ অতি ভয়ংকৰ ৰোগ। এতিয়া কৰ্কট ৰোগো অন্তৰ্ভুক্ত হোৱাত মেদবহুলতাৰ বাবে হ’ব পৰা ৰোগৰ সংখ্যা ৩২ লৈ বৃদ্ধি পালে।  চুইডেনৰ মালমোৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে  চাৰি দশকৰ ধৰি ৪.১ নিযুতৰো অধিক অংশগ্ৰহণকাৰীৰ ওজন আৰু জীৱনশৈলী অধ্যয়ন কৰিছিল। সেই অধ্যয়নতে মেদবহুলতাৰ সৈতে কৰ্কট ৰোগৰ সম্পৰ্কৰ কথা পোহৰলৈ আহে। 

গৱেষকসকলে সেয়ে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।  চুইডেনৰ মালমোৰ লুণ্ড বিশ্ববিদ্যালয়ৰ  গৱেষকসকলে চলোৱা অধ্যয়নত পোহৰলৈ আহিছে যে মেদবহুলতাৰ বাবে  স্তন, অন্ত্ৰ, গৰ্ভ আৰু বৃক্কৰ কৰ্কট ৰোগ আদি হ’ব পাৰে।   অধ্যয়নটোত প্ৰথমবাৰৰ বাবে ১৯ টা সম্ভাৱ্য মেদবহুলতা-সম্পৰ্কীয় কৰ্কট ৰোগৰ যেনে  মেলিগনেণ্ট মেলানোমা, গেষ্ট্ৰিক টিউমাৰ, ক্ষুদ্ৰ অন্ত্ৰ আৰু পিটুইটাৰি গ্ৰন্থিৰ কৰ্কট ৰোগ,  ডিঙিৰ কৰ্কট ৰোগ,  লিঙ্গৰ কৰ্কট ৰোগ চিনাক্ত কৰা হৈছে। অধ্যয়নটোত এইবুলিওকোৱা হৈছে যে  মেদবহুলতাৰ বাবে পুৰুষৰ ক্ষেত্ৰত কিছুমান কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ২৪ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ১৩ শতাংশ বৃদ্ধি পায় । 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ