--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ঘৰ সকলো ধৰণৰ মাটিত নিৰ্মাণ কৰা উচিৎ নহয়। ঘৰ এখনত সুখ-শান্তি বাহাল ৰাখিবলৈ ঘৰ নিৰ্মাণ কৰা স্থানৰ কথাটোও ভালে খিনি নিৰ্ভৰ কৰে। বাস্তু শাস্ত্ৰৰ মতে সকলো মাটিয়েই ঘৰ সজাৰ বাবে উপযোগী নহয়। বাস্তুই সেয়ে কিছুমান ভূমিত ঘৰ নাসাজিবলৈ বিধান দিছে। কেনে ভূমি? গৃহ নিৰ্মাণৰ পূৰ্বে ভূমিৰ অৱস্থানৰ কথাটো ভালদৰে নিৰ্ণয় কৰিব লাগে। ভূমিৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি গৃহস্থৰ সুখ-শান্তিৰ বৃদ্ধি অথবা হ্ৰাস হ'ব পাৰে। 

তলত কেনে ভূমিত ঘৰ নিৰ্মাণ কৰা অশুভ, সেই বিষয়ে উল্লেখ কৰা হৈছে।যি ভূমিৰ পশ্চিম পিনে চিধাচিধিকৈ ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হয়।যি ভূমিৰ পশ্চিম আৰু দক্ষিণ দিশৰ পৰা অহা দুটা পথ একেলগ হৈছে তেনে ভূমিত ঘৰ সাজিব নালাগে। যি ভূমিত পূব, পশ্চিম আৰু উত্তৰ দিশৰ পৰা অহা তিনিটা পথ একেলগ হয় তেনে ভূমিত ঘৰ সাজিব নালাগে।

 যি ভূমিৰ তিনিওপিনে ৰাস্তা থাকে তেনে ভূমিত ঘৰ সাজিলে নানা অপায়-অমংগল হ’ব পাৰে। যি ভূমি চৌদিশৰ পৰা গছ-গছনি অথবা আন ঘৰে আগুৰি থকাৰ ফলত সূৰ্যৰ পোহৰ ভালদৰে পৰিব নোৱাৰে, যি ভূমিত বতাহ ভালদৰে চলাচল কৰিব নোৱাৰে, তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে আঁহত গছ, পশ্চিম দিশে বট গছ, উত্তৰ দিশে ডিমৰু গছ আৰু পূব দিশে অশ্বত্থ গছ থাকে তেনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ অমংগল হয়।

যি ভূমিৰ পূব দিশে বট গছ, দক্ষিণ দিশে ডিমৰু, উত্তৰত আঁহত, পশ্চিমত অশ্বত্থ গছ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।যি ভূমিৰ পিছপিনে অথবা সন্মুখৰ পিনে কোনো শ্মশান নাইবা সমাধিস্থল থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে ।যি ভূমিৰ দক্ষিণ দিশে, অগ্নি কোণত, নৈঋত কোণ অথবা বায়ু কোণত জলাধাৰ থাকে তেনে ভূমিত ঘৰ সাজিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা