--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতবোৰ খাদ্যই আমাৰ দেহত কৰ্কটৰ দৰে মাৰাত্মক ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। জানো আহক তেনেবোৰ খাদ্যৰ কথা।ব্ৰিটিছ মেডিকেল জাৰ্ণেলত  প্ৰকাশিত এক অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে ছডা জাতীয় পানীয়ই বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।

গৱেষকসকলে তথ্য অনুসৰি বহুক্ষেত্ৰত  প্ৰায় ১০০ মিলি লিটাৰ ছডাই কিছুমান কেন্সাৰৰ মাত্ৰা ১৮ শতাংশ বৃদ্ধি কৰিব পাৰে য’ত অকল স্তনৰ টিউমাৰ ২২ শতাংশ পৰ্যন্ত বৃদ্ধিৰ আশংকা থাকে। গৱেষকসকলে কাৰ্বোনেটেড ড্ৰিংকছ, স্পৰ্টছ ড্ৰিংকছ, ছিৰাপ আৰু ফলৰ ৰসকে ধৰি ৯৭ বিধ পানীয়ক অধ্যয়নত সামৰি লৈছিল।

অধ্যয়নটোত প্ৰকাশ পোৱা মতে শীতল পানীয়ই শৰীৰৰ স্বাভাৱিক চৰ্বিত চেনিৰ প্ৰভাৱ, ব্লাড ছুগাৰ লেভেল বা শৰীৰ প্ৰদাহ বৃদ্ধিত প্ৰভাৱ পেলাব পাৰে।কিন্তু ছডা বা বটলত ৰখা জ্যুচেই কেন্সাৰৰ বিপদ বৃদ্ধি কৰিব পৰা একমাত্ৰ খাদ্য নহয়। বহু গৱেষণাই দেখুৱাইছে যে এক বিভিন্ন প্ৰকাৰ খাদ্য সামগ্ৰীয়ে এনে বিপদৰ কাৰণ হ’ব পাৰে।
কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পৰা কিছুমান কাৰ্চিনোজেনিক (কৰ্কটোৎপাদক) খাদ্য হৈছে :-

কাৰ্চিনোজেনছ হৈছে উপাদান যাৰ কেন্সাৰৰ সৈতে সম্পৰ্ক আছে। কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। উল্লেখযোগ্য যে কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ কাৰণ নহয়, ই কেৱল কেন্সাৰৰ বিপদহে বৃদ্ধি কৰে।

যিবোৰ খাদ্য কম আঁহযুক্ত কিন্তু অতি শৰ্কৰাযুক্ত বা ৰিফাইন কাৰ্বছে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰিফাইন কাৰ্বছে শৰীৰত অতিমাত্ৰা ব্লাড ছুগাৰ (গ্লুক’জ)ৰ সৃষ্টি কৰি পাকস্থলী, স্তন আৰু কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধিৰ কাৰণ হৈ পৰে।

শৰীৰত থকা ইনছ্যুলিনে কেন্সাৰ কোষৰ শাখাবোৰক সহযোগ কৰে, যিয়ে ইয়াক অপসাৰণ কৰাটো কঠিন কৰি তোলে। আপুনি যদি ডায়েবেটিক, আপুনি চেনি আৰু ৰিফাইন কাৰ্বছৰ আন উপাদানসমূহ বৰ্জন কৰাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ কিয়নো ই কলেষ্টৰেল কেন্সাৰ হোৱাৰ আশংকা অধিক পৰিমাণে বৃদ্ধি কৰে।

 জ্বলি যোৱা খাদ্যয়ো পলিচাইক্লিক এৰোমেটিক হাইড্ৰকাৰ্বোনছ উৎপাদন কৰিব পাৰে, যিটো কাৰ্চিনোজেনিক উপাদানসমূহৰ আন এটা গোট। সেয়েহে আপুনি বেছিকৈ ৰান্ধি থকা বা জ্বলি যোৱা খাদ্য বৰ্জন কৰক আৰু ভপোৱা, উতলোৱা, সেকা আদি আন ৰন্ধন প্ৰণালী ব্যৱহাৰ কৰক।

জন্তুৰ মাংস (ৰেড মীট) খোৱাটোতো সাৱধানতা অৱলম্বন কৰা উচিত। ৰন্ধা জন্তুৰ মাংসকো কাৰ্চিনোজনিক গোটৰ অন্তৰ্গত হিচাপে ধৰা হয় আৰু ইও কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰন্ধা জন্তুৰ মাংস অধিক পৰিমানে খালে কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধি পায়।

মদ্যপানে শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ধৰণে কেন্সাৰৰ সৃষ্টি কৰিব পাৰে। কাৰ্চনোজেনিক খাদ্যৰ প্ৰথম গোটৰ ভিতৰত মদ অন্যতম হিচাপে ধৰা হয়। সেয়েহে কেন্সাৰ সৃষ্টিৰ আশংকাৰ ক্ষেত্ৰত ইয়াক এক শক্তিশালী কাৰক হিচাপে ধৰা হয়।

ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰা হয় যে মদে আপোনাৰ মুখ আৰু ডিঙিৰ গহ্বৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। ই লগতে আপোনাৰ শৰীৰত হ’ৰমনৰ স্তৰ বিঘ্নিত কৰি স্তনৰ কেন্সাৰৰ আশংকাও বৃদ্ধি কৰিব পাৰে।
আনহাতে, ডেইৰী উৎপাদিত গাখীৰৰ সামগ্ৰীসমূহে যদিওৱা কেন্সাৰৰ কাৰক নহয়, তথাপি বহু গৱেষণাই দেখুৱাইছে যে ডেইৰী উৎপন্ন সামগ্ৰীসমূহৰ অত্যধিক সেৱনে প্ৰষ্টেট কেন্সাৰৰ আশংকা বৃদ্ধি কৰে।

ইন্টাৰনেশ্যনেল জাৰ্ণেল অফ কেন্সাৰত প্ৰকাশিত অধ্যয়নত কোৱা হৈছে যে  ৬০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক গৰম পানীয় সেৱনে খাদ্যনলীৰ কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
‘ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট’ জার্নেলত উদ্বেগজনক তথ্য; ২০৭০ চনলৈ সংকটত পৰিব অসমৰ চাহ শিল্প
হাইটিৰ জাৰ্ছীত পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকা; স্বাধীনতা আন্দোলনত সহযোগিতা আগবঢ়োৱাৰ স্বীকৃতি
আমৰ বাকলিৰ নানা গুণে আচৰিত কৰিব আপোনাক
ৰূপকোঁৱৰৰ স্মৃতিৰ নীৰৱ সাক্ষী: গহপুৰত আজিও সুৰক্ষিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঐতিহাসিক চকী
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement