--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ মে’ ২০২৩ , মংগলবাৰ।আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব জানো আহক। 

মেষ- আজিৰ দিনটো ব্যৱসায় কৰা ব্যক্তি সকলৰ বাবে শুভ। যদি বিনিয়োগ কৰিব বিচাৰিছে তেনেহলে হাতলৈ ডাঙৰ সুযোগ আহিব। বন্ধু লাভ। প্ৰেমত শুভ। 

বৃষ- সিদ্ধান্ত লওঁতে ভালকৈ ভাবি চিন্তি ল’ব। সৰু-সুৰা কথাৰ বাবে কাৰোৰে লগত কাজিয়া নকৰিব। দাম্পত্যত সাৱধান হ’ব। মাতৃৰ শুভ।শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব।

মিথুন- সম্পত্তি সম্পৰ্কীয় বিবাদত জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ ল’ব। বিত্তীয় পৰিস্থিতি শক্তিশালী হ’ব। শিক্ষৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিব। হঠাতে নতুন খবৰ লাভ।পুৰণি লাভ কৰিবলগীয়া ধন হাতলৈ অহাৰ সম্ভাৱনা।

কৰ্কট- কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। যিকোনো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দাঁতৰ ৰোগৰ সম্ভাৱনা।

সিংহ- আজি দিনটোত আপুনি ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰিয় জনৰ পৰা উপহাৰ লাভ কৰিব।খৰচ বৃদ্ধি পাব পাৰে। প্ৰেমত মধ্যম। 

কন্যা- আজিৰ দিনটো আপোনাৰ ভাল  চিন্তাৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত থকা বাধা সমূহ আঁতৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। শিঙাল জীৱৰ পৰা সাৱধানে থাকিব। 

তুলা – কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰুসকলে আজি আপোনাৰ কামত বাধা প্ৰদান কৰিব। শিক্ষাৰ্থী সকলে  কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শুভ সংবাদ লাভৰ যোগ।  নতুন যোগাযোগ।

বৃশ্চিক- সৰু সৰু কথাতে খং নকৰিব।ই আপোনাৰ কামত প্ৰভাৱ পেলাব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। আজি কোনো আইনী বিষয়ত নোসোমাব। পেটৰ ৰোগৰ পৰা সাৱধান হ’ব। 

ধনু- আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি ধন লাভ কৰাৰ বহুটো সুবিধা পাব। প্ৰেমত যদি কোনো সমস্যা হৈ আছে তেনেহলে আজি পৰিত্ৰাণ লাভ কৰিব। কথা কওঁতে ভাবি-চিন্তি ক’ব।

মকৰ- আজিৰ দিনটোত আপোনাৰ সন্মান বৃদ্ধি পাব। চাকৰি বিচাৰি থকা লোক সকলে সফলতা লাভ কৰিব। ব্যৱসায়ী সকলে অধিক পৰিশ্ৰম কৰিব লাগিব।শিভ সংবাদ লাভ কৰিব। 

কুম্ভ- চাকৰিয়াল সকলৰ পদোন্নতিৰ বাবে স্থানান্তৰ কৰিব পাৰে।ব্যৱসায় কৰা লোক সকলে যিকোনো বস্তুটো ক্ৰয় কৰোতে বৃহৎ ৰেহাই পাব। খৰচ কিছু বাঢ়িব। অতিথিৰ আগমন।বন্ধুৰ সৈতে বিবাদ হ’ব পাৰে। 

 মীন-আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে শুভ যদিও যান-বাহনত সতৰ্ক হ’ব। খৰচ বৃদ্ধিৰ যোগ দেখা যায়। দাঁত আৰু পেটৰ ৰোগৰ প্ৰতি সচেতন হ’ব। আলহী আহিব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে