--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি গণৰাজ্য দিৱস। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো  গণৰাজ্য  দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৱে  প্ৰতিজন ভাৰতীয়ৰ মনত দেশপ্ৰেমৰ অনুভূতি অধিক জাগ্ৰত কৰি তুলি আহিছে। নতুন দিল্লীত আয়োজন কৰি অহা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত দেশৰ বিভিন্ন ৰাজ্যৰ পৰম্পৰা, সংস্কৃতি আৰু প্ৰগতিৰ বিষয়ত আলোকপাত কৰা হয়। 


স্বাধীন ভাৰতৰ সংবিধান লিখা হোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰিবলৈ এটা বিশেষ  দিনৰ প্ৰয়োজন হৈছিল । ঐতিহাসিক গুৰুত্বৰ ক্ষেত্ৰত ২৬ জানুৱাৰীৰ দিনটোকে সংবিধান গ্ৰহণৰ দিন হিচাবে বাচনি কৰা হৈছিল।  ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ  পুৱা ১০:১৮ বজাত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সংবিধানখন  কাৰ্যকৰী কৰা হৈছিল। তেতিয়াৰে পৰা ২৬  জানুৱাৰীত গণৰাজ্য দিৱস   উদযাপন কৰা হৈ আহিছে। 

প্ৰথম গণৰাজ্য  দিৱসত স্থলসেনা, বায়ুসেনা আৰু আৰক্ষীয়ে দিল্লীত পেৰেড কৰিছিল। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। চি ৰাজাগোপালাচাৰীক ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্ত কৰা হৈছিল। চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আছিল।  ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে সেইদিনা হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে দেশবাসীক সম্বোধন কৰিছিল।

আমি সকলোৱে জানো যে গণৰাজ্য দিৱসত  দিল্লীৰ ৰাজপথত (বৰ্তমান কৰ্তব্যপথ)  পেৰেড অনুষ্ঠিত হয়। কিন্তু আৰম্ভণিতে পেৰেড দিল্লীৰ ৰাজপথত অনুষ্ঠিত হোৱা নাছিল। ১৯৫০ চনৰ পৰা ১৯৫৪ চনলৈ ৰাষ্ট্ৰীয় ষ্টেডিয়াম, কিংছৱে, লালকিল্লা আৰু ৰামলীলা ময়দানত এই পেৰেড অনুষ্ঠিত হৈছিল। ১৯৫৫ চনত দিল্লীৰ ৰাজপথত প্ৰথম পেৰেড অনুষ্ঠিত  কৰা হৈছিল।

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতে উদযাপন কৰা প্ৰথম গণৰাজ্য দিৱসত  ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ড০ চুকাৰ্ণোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।  পাকিস্তানৰ তদানীণ ৰাজ্যপালকো আমন্ত্ৰণ জনোৱা হৈছিল।

ৰাজেন্দ্ৰ প্ৰসাদ অনুষ্ঠানলৈ  অহাৰ লগে লগে সশস্ত্ৰ বাহিনীয়ে ৩১ ৰাউণ্ড গুলী ফুটাই তেওঁক অভিবাদন জনাইছিল। সেইদিনা সশস্ত্ৰ বাহিনীৰ প্ৰায় ৩,০০০ সদস্য সেই অনুষ্ঠানত  উপস্থিত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক