--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি গণৰাজ্য দিৱস। প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো  গণৰাজ্য  দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৱে  প্ৰতিজন ভাৰতীয়ৰ মনত দেশপ্ৰেমৰ অনুভূতি অধিক জাগ্ৰত কৰি তুলি আহিছে। নতুন দিল্লীত আয়োজন কৰি অহা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত দেশৰ বিভিন্ন ৰাজ্যৰ পৰম্পৰা, সংস্কৃতি আৰু প্ৰগতিৰ বিষয়ত আলোকপাত কৰা হয়। 


স্বাধীন ভাৰতৰ সংবিধান লিখা হোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰিবলৈ এটা বিশেষ  দিনৰ প্ৰয়োজন হৈছিল । ঐতিহাসিক গুৰুত্বৰ ক্ষেত্ৰত ২৬ জানুৱাৰীৰ দিনটোকে সংবিধান গ্ৰহণৰ দিন হিচাবে বাচনি কৰা হৈছিল।  ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ  পুৱা ১০:১৮ বজাত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সংবিধানখন  কাৰ্যকৰী কৰা হৈছিল। তেতিয়াৰে পৰা ২৬  জানুৱাৰীত গণৰাজ্য দিৱস   উদযাপন কৰা হৈ আহিছে। 

প্ৰথম গণৰাজ্য  দিৱসত স্থলসেনা, বায়ুসেনা আৰু আৰক্ষীয়ে দিল্লীত পেৰেড কৰিছিল। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। চি ৰাজাগোপালাচাৰীক ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্ত কৰা হৈছিল। চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আছিল।  ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে সেইদিনা হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে দেশবাসীক সম্বোধন কৰিছিল।

আমি সকলোৱে জানো যে গণৰাজ্য দিৱসত  দিল্লীৰ ৰাজপথত (বৰ্তমান কৰ্তব্যপথ)  পেৰেড অনুষ্ঠিত হয়। কিন্তু আৰম্ভণিতে পেৰেড দিল্লীৰ ৰাজপথত অনুষ্ঠিত হোৱা নাছিল। ১৯৫০ চনৰ পৰা ১৯৫৪ চনলৈ ৰাষ্ট্ৰীয় ষ্টেডিয়াম, কিংছৱে, লালকিল্লা আৰু ৰামলীলা ময়দানত এই পেৰেড অনুষ্ঠিত হৈছিল। ১৯৫৫ চনত দিল্লীৰ ৰাজপথত প্ৰথম পেৰেড অনুষ্ঠিত  কৰা হৈছিল।

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতে উদযাপন কৰা প্ৰথম গণৰাজ্য দিৱসত  ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ড০ চুকাৰ্ণোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।  পাকিস্তানৰ তদানীণ ৰাজ্যপালকো আমন্ত্ৰণ জনোৱা হৈছিল।

ৰাজেন্দ্ৰ প্ৰসাদ অনুষ্ঠানলৈ  অহাৰ লগে লগে সশস্ত্ৰ বাহিনীয়ে ৩১ ৰাউণ্ড গুলী ফুটাই তেওঁক অভিবাদন জনাইছিল। সেইদিনা সশস্ত্ৰ বাহিনীৰ প্ৰায় ৩,০০০ সদস্য সেই অনুষ্ঠানত  উপস্থিত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু