--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধৰ্মৰ কাৰ্ড খেলি দেশৰ বহু জনতাক বিমোহিত কৰি ৰখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এইবাৰৰ গুজৰাট বিধানসভাৰ নিৰ্বাচন এক প্ৰকাৰৰ অগ্নি পৰীক্ষা হৈ পৰিছে। দীৰ্ঘ দিন ধৰি বিজেপিয়ে শাসন কৰি থকা ৰাজ্য খনত শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ভেটি মজবুত কৰি তোলাৰ কথাই চিন্তিত কৰি তুলিছে গেৰুৱা বাহিনীক। 

আপে ৰাজ্য খনত উন্নয়নৰ যি লক্ষ্য জনতাৰ সন্মুখত দাঙি ধৰিছে সেই কথাই ৰাজ্য খনৰ বহুতকে আকৃষ্ট কৰা পৰিলক্ষিত হৈছে। দিল্লী মডেলে ইতিমধ্যে আপৰ শত্ৰুৰো দৃষ্টি আকৰ্ষণ কৰিছে। গুজৰাটতো আপে দিল্লী মডেল সদৃশ উন্নয়নৰ কথাই কৈছে। তেনে পৰিস্থিতিত বিজেপিয়ে ৰাজ্য খনত একক আধিপত্য বাহাল ৰখাৰ স্বাৰ্থত যুঁজ কৰিবলগীয়া হৈছে। এই যুঁজত মোদীয়ে এইবাৰ ধৰ্মৰ আফিঙৰ সলনি খেলিবলৈ আৰম্ভ কৰিছে জাত-পাতৰ ৰাজনীতি। ইমান দিনে কেৱল বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতহে জাত-পাতৰ ৰাজনীতিয়ে ৰাজনৈতিক অংক মিলোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল যদিও এইবাৰ সেইপাত অস্ত্ৰই গুজৰাটতো ব্যৱহাৰ কৰা হৈছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ  গুজৰাটৰ জুনাগড়ত এক ৰেলীত কয়– গুজৰাটীসকলৰ সফলতা কিছুমান লোকে ভাল নাপায়। এনে লোকসকলক এটা পাঠ শিকাওক। মিছা কোৱা নেতিবাচক লোকৰ পৰা আঁতৰি থাকিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যদি দেশৰ কোনো বিশেষ সম্প্ৰদায়ৰ ব্যক্তিয়ে কোনো সফলতা অৰ্জন কৰে, তেন্তে আপুনি গৌৰৱান্বিত হ'বনে নাই? দক্ষিণ ভাৰতৰ বিজ্ঞানীসকলে ইছৰোত সফলতা অৰ্জন কৰিলে আপুনি সুখী হ'বনে? হাৰিয়ানাৰ এজন যুৱকে অলিম্পিকত সোণৰ পদক জিকিলে আপুনি সুখী হ'বনে? কিন্তু যোৱা দুটা দশক ধৰি আমি  এনে কিছুমান মানসিকতাৰ লোক দেখি আহিছো  যিয়ে গুজৰাট বা কোনো গুজৰাটীৰ সফলতা ভাল নাপায়। তেওঁলোকে গুজৰাটক অপমান কৰে আৰু গুজৰাটীসকলক গালি দিয়ে। মোদীয়ে কয় "কিছুমান ৰাজনৈতিক দলে অনুভৱ কৰে যে তেওঁলোকে গুজৰাট আৰু গুজৰাটীসকলক দুৰ্ব্যৱহাৰ নকৰিলে তেওঁলোকৰ আদৰ্শ বজাই ৰাখিব নোৱাৰিব । আপুনি নাভাবেনে যিসকলে গুজৰাটক দিন-ৰাতি অপমান কৰে তেওঁলোকক এটা পাঠ শিকোৱা উচিত বুলি? গুজৰাটক বদনাম কৰা লোকসকলক আমি সহ্য কৰা উচিত নেকি?" 

উল্লেখ্য কেইদিনমান আগতে আপ নেতা গোপাল ইটালিয়াই মোদীৰ মাতৃক উপহাস কৰিছিল, যাৰ ভিডিঅ' বিজেপিয়ে মুকলি কৰি আপৰ বিৰুদ্ধে এতিয়া নামি পৰিছে। তৎপৰ্যপূৰ্ণ কথাটো হ’ল মোদীৰ ভাষণত এবাৰলৈও গুজৰাটৰ উন্নয়নৰ কথা শুনা নগ’ল। ইয়াৰ বিপৰীতে তেওঁ ৰাজ্য খনৰ উন্নয়নৰ কথা কোৱা আপক উদ্দেশ্যিয়েই জাত-পাত, সম্প্ৰদায়ৰ কথাৰে গুজৰাটীসকলৰ সমৰ্থন আদায়ৰ চেষ্টা চলোৱা পৰিলক্ষিত হয়।

উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে  গান্ধীনগৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে। 
প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী ১৯-২০ অক্টোবৰলৈ গুজৰাটত থাকিব। মোদীয়ে  গান্ধীনগৰৰ মহাত্মা মন্দিৰত ডিফেক্সপো ২২ ও উদ্বোধন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement