--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধৰ্মৰ কাৰ্ড খেলি দেশৰ বহু জনতাক বিমোহিত কৰি ৰখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এইবাৰৰ গুজৰাট বিধানসভাৰ নিৰ্বাচন এক প্ৰকাৰৰ অগ্নি পৰীক্ষা হৈ পৰিছে। দীৰ্ঘ দিন ধৰি বিজেপিয়ে শাসন কৰি থকা ৰাজ্য খনত শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ভেটি মজবুত কৰি তোলাৰ কথাই চিন্তিত কৰি তুলিছে গেৰুৱা বাহিনীক। 

আপে ৰাজ্য খনত উন্নয়নৰ যি লক্ষ্য জনতাৰ সন্মুখত দাঙি ধৰিছে সেই কথাই ৰাজ্য খনৰ বহুতকে আকৃষ্ট কৰা পৰিলক্ষিত হৈছে। দিল্লী মডেলে ইতিমধ্যে আপৰ শত্ৰুৰো দৃষ্টি আকৰ্ষণ কৰিছে। গুজৰাটতো আপে দিল্লী মডেল সদৃশ উন্নয়নৰ কথাই কৈছে। তেনে পৰিস্থিতিত বিজেপিয়ে ৰাজ্য খনত একক আধিপত্য বাহাল ৰখাৰ স্বাৰ্থত যুঁজ কৰিবলগীয়া হৈছে। এই যুঁজত মোদীয়ে এইবাৰ ধৰ্মৰ আফিঙৰ সলনি খেলিবলৈ আৰম্ভ কৰিছে জাত-পাতৰ ৰাজনীতি। ইমান দিনে কেৱল বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতহে জাত-পাতৰ ৰাজনীতিয়ে ৰাজনৈতিক অংক মিলোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল যদিও এইবাৰ সেইপাত অস্ত্ৰই গুজৰাটতো ব্যৱহাৰ কৰা হৈছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ  গুজৰাটৰ জুনাগড়ত এক ৰেলীত কয়– গুজৰাটীসকলৰ সফলতা কিছুমান লোকে ভাল নাপায়। এনে লোকসকলক এটা পাঠ শিকাওক। মিছা কোৱা নেতিবাচক লোকৰ পৰা আঁতৰি থাকিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যদি দেশৰ কোনো বিশেষ সম্প্ৰদায়ৰ ব্যক্তিয়ে কোনো সফলতা অৰ্জন কৰে, তেন্তে আপুনি গৌৰৱান্বিত হ'বনে নাই? দক্ষিণ ভাৰতৰ বিজ্ঞানীসকলে ইছৰোত সফলতা অৰ্জন কৰিলে আপুনি সুখী হ'বনে? হাৰিয়ানাৰ এজন যুৱকে অলিম্পিকত সোণৰ পদক জিকিলে আপুনি সুখী হ'বনে? কিন্তু যোৱা দুটা দশক ধৰি আমি  এনে কিছুমান মানসিকতাৰ লোক দেখি আহিছো  যিয়ে গুজৰাট বা কোনো গুজৰাটীৰ সফলতা ভাল নাপায়। তেওঁলোকে গুজৰাটক অপমান কৰে আৰু গুজৰাটীসকলক গালি দিয়ে। মোদীয়ে কয় "কিছুমান ৰাজনৈতিক দলে অনুভৱ কৰে যে তেওঁলোকে গুজৰাট আৰু গুজৰাটীসকলক দুৰ্ব্যৱহাৰ নকৰিলে তেওঁলোকৰ আদৰ্শ বজাই ৰাখিব নোৱাৰিব । আপুনি নাভাবেনে যিসকলে গুজৰাটক দিন-ৰাতি অপমান কৰে তেওঁলোকক এটা পাঠ শিকোৱা উচিত বুলি? গুজৰাটক বদনাম কৰা লোকসকলক আমি সহ্য কৰা উচিত নেকি?" 

উল্লেখ্য কেইদিনমান আগতে আপ নেতা গোপাল ইটালিয়াই মোদীৰ মাতৃক উপহাস কৰিছিল, যাৰ ভিডিঅ' বিজেপিয়ে মুকলি কৰি আপৰ বিৰুদ্ধে এতিয়া নামি পৰিছে। তৎপৰ্যপূৰ্ণ কথাটো হ’ল মোদীৰ ভাষণত এবাৰলৈও গুজৰাটৰ উন্নয়নৰ কথা শুনা নগ’ল। ইয়াৰ বিপৰীতে তেওঁ ৰাজ্য খনৰ উন্নয়নৰ কথা কোৱা আপক উদ্দেশ্যিয়েই জাত-পাত, সম্প্ৰদায়ৰ কথাৰে গুজৰাটীসকলৰ সমৰ্থন আদায়ৰ চেষ্টা চলোৱা পৰিলক্ষিত হয়।

উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে  গান্ধীনগৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে। 
প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী ১৯-২০ অক্টোবৰলৈ গুজৰাটত থাকিব। মোদীয়ে  গান্ধীনগৰৰ মহাত্মা মন্দিৰত ডিফেক্সপো ২২ ও উদ্বোধন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু