--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ আইটেম তাৰকা মালাইকা অ’ৰোৰাৰ বয়স ৪৮ । বয়স হাফ চেঞ্চুৃৰীৰ দিশে অগ্ৰসৰ হ’লেও কিন্তু এতিয়াও নিজকে আকৰ্ষণীয় ৰূপত ধৰি ৰাখিছে মালাইকাই। নিজৰ ৰূপ-লাৱণ্যৰে এতিয়াও টিনেইজৰ নায়িকাসকলক টক্কৰ দিব পাৰে মোহময়ী মালাইকাই। ফেশ্বনট্ৰেণ্ডৰ বিতৰ্কৰ উপৰি বলীউড এৰিনাত যথেষ্ট সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল মালাইকাই। এইবাৰ বিবাহ আৰু গৰ্ভধাৰণৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে মালাইকাই। ভাৰতীয় সংবাদ মাধ্যম টাইমছ অৱ ইণ্ডিয়াৰ শেহতীয়া প্ৰতিবেদন প্ৰকাশ পাইছে মালাইকাৰ বক্তব্য। তেওঁ কয়, ‘বিবাহ আৰু গৰ্ভধাৰণ কেতিয়াও মোৰ কেৰিয়াৰৰ বাধা নাছিল। মইয়ে ইয়াৰ প্ৰমাণ। মোৰ সন্তানৰ বাবে মোৰ পেছাত কেতিয়াও বিৰূপ প্ৰভাৱ পৰা নাছিল।’ উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী মালাইকা অ’ৰোৰাই ২৫ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁ কয়, ‘মোৰ মনত আছে সেইসময়ত বলীউডৰ খুব কম সংখ্যক নায়িকা আছিল যিয়ে তেতিয়া বিবাহ আৰু সন্তানৰ প্ৰতি আগ্ৰহী আছিল। এতিয়া অৱশ্যে ধাৰণাটো সলনি হৈছে। এতিয়াৰ অভিনেত্ৰীসকল বিবাহ আৰু গৰ্ভধাৰণৰ প্ৰতি আগ্ৰহী।’ বিবাহ আৰু গৰ্ভধাৰণৰ জৰিয়তে কাম উপভোগ কৰা বুলিও সদৰী কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। মালাইকাই আৰু কয়, ‘ মই কৰিব বিচৰা একো কামেই বন্ধ হ'বলৈ নিদিওঁ। মই মোৰ গৰ্ভধাৰণৰ সময়তো কাম কৰিছিলো। মই এমটিভিত আছিলো, মই অনুষ্ঠান কৰিছিলো। গৰ্ভৱতী অৱস্থাত মই আটাইতকৈ বেছি ভ্ৰমণ কৰিছিলো।’ মন কৰিবলগীয়া যে, মালাইকা-আৰবাজ খানে ১৯৯৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ২০১৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ