--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ আইটেম তাৰকা মালাইকা অ’ৰোৰাৰ বয়স ৪৮ । বয়স হাফ চেঞ্চুৃৰীৰ দিশে অগ্ৰসৰ হ’লেও কিন্তু এতিয়াও নিজকে আকৰ্ষণীয় ৰূপত ধৰি ৰাখিছে মালাইকাই। নিজৰ ৰূপ-লাৱণ্যৰে এতিয়াও টিনেইজৰ নায়িকাসকলক টক্কৰ দিব পাৰে মোহময়ী মালাইকাই। ফেশ্বনট্ৰেণ্ডৰ বিতৰ্কৰ উপৰি বলীউড এৰিনাত যথেষ্ট সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছিল মালাইকাই। এইবাৰ বিবাহ আৰু গৰ্ভধাৰণৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে মালাইকাই। ভাৰতীয় সংবাদ মাধ্যম টাইমছ অৱ ইণ্ডিয়াৰ শেহতীয়া প্ৰতিবেদন প্ৰকাশ পাইছে মালাইকাৰ বক্তব্য। তেওঁ কয়, ‘বিবাহ আৰু গৰ্ভধাৰণ কেতিয়াও মোৰ কেৰিয়াৰৰ বাধা নাছিল। মইয়ে ইয়াৰ প্ৰমাণ। মোৰ সন্তানৰ বাবে মোৰ পেছাত কেতিয়াও বিৰূপ প্ৰভাৱ পৰা নাছিল।’ উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী মালাইকা অ’ৰোৰাই ২৫ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁ কয়, ‘মোৰ মনত আছে সেইসময়ত বলীউডৰ খুব কম সংখ্যক নায়িকা আছিল যিয়ে তেতিয়া বিবাহ আৰু সন্তানৰ প্ৰতি আগ্ৰহী আছিল। এতিয়া অৱশ্যে ধাৰণাটো সলনি হৈছে। এতিয়াৰ অভিনেত্ৰীসকল বিবাহ আৰু গৰ্ভধাৰণৰ প্ৰতি আগ্ৰহী।’ বিবাহ আৰু গৰ্ভধাৰণৰ জৰিয়তে কাম উপভোগ কৰা বুলিও সদৰী কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। মালাইকাই আৰু কয়, ‘ মই কৰিব বিচৰা একো কামেই বন্ধ হ'বলৈ নিদিওঁ। মই মোৰ গৰ্ভধাৰণৰ সময়তো কাম কৰিছিলো। মই এমটিভিত আছিলো, মই অনুষ্ঠান কৰিছিলো। গৰ্ভৱতী অৱস্থাত মই আটাইতকৈ বেছি ভ্ৰমণ কৰিছিলো।’ মন কৰিবলগীয়া যে, মালাইকা-আৰবাজ খানে ১৯৯৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ২০১৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু