--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিংবদন্তী সংগীতজ্ঞ লতা মংগেশকাৰ বছৰটোৰ আৰম্ভণিতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ কোভিডৰ সৈতে নিউমোনিয়াত আক্ৰান্ত হৈছিল। ফলস্বৰূপে, তেওঁক আইচিইউত ৰাখি চিকিৎসা লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰতিদিনে তেওঁৰ অসংখ্য অনুৰাগীয়ে স্বাস্থ্যৰ বৰ্তমান অৱস্থাক চিন্তিত হৈ আছে। ইয়াৰ মাজতে, বহুতো উৰাবাতৰি উলাইছে আৰু মানুহে ইয়াকে লৈ বিভ্ৰান্ত হৈছে। অৱশ্য লতা মংগেশকাৰৰ মুখপাত্ৰই তেওঁৰ শেহতীয়া স্বাস্থ্যজনিত পৰিস্থিতিৰ বিষয়ে মুকলি কৰিছে। লতা মংগেশকাৰ এতিয়া স্বাস্থ্য সামান্য উন্নত যদিও তেওঁ এতিয়াও বিপদমুক্ত হোৱা নাই। একে সময়তে, মুখপাত্ৰগৰাকীয়ে সকলো লোককে কোনো মিছা বাতৰি নিবিয়পাবলৈ অনুৰোধ জনাইছে আৰু এই কঠিন সময়ত মংগেশকাৰ পৰিয়ালৰ গোপনীয়তা ভংগ নকৰিবলৈ অনুৰোধ জনাইছে। লতা মংগেশকাৰে বৰ্তমান মুম্বাই ব্ৰিটিছ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসক ডা০ সম্দানীৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে। আজি কিছু দিনৰ আগতে লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱস্থা দ্ৰুত অৱনতি হোৱাৰ উৰাবাতৰি ওলাইছিল যদিও আটাইবোৰ খবৰ সঁচা নাছিল। লতা মংগেশকাৰে তেওঁৰ দীঘলীয়া কেৰিয়াৰত এক হাজাৰৰো অধিক হিন্দী গীত গাইছে। কেৱল সেয়াই নহয়, তেওঁ প্ৰায় সকলো আঞ্চলিক ভাষাতে গীত গাইছে। সংখ্যাতত্ব দিশৰ পৰা চালে দেখা যায় যে মংগেশকাৰে তেওঁৰ কেৰিয়াৰত ৩০,০০০ হাজাৰতকৈও অধিক গান গাইছে। উল্লেখ্য যে কুকিল কন্থী গায়িকাগৰাকীয়ে তেওঁৰ কেৰিয়াৰত এতিয়ালৈকে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰিলে। লতা মংগেশকাৰক ২০০১ চনত ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল। ৯২ বছৰীয়া কিংবদন্তী শিল্পী ভাৰত ৰত্নৰ উপৰিও তেওঁ পদ্মভূষণ, পদ্মবিভূষণ, দাদাচাহেব ফালকে বঁটা আৰু কেইবাটাও ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু