--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সন্ত্ৰাসবাদক প্ৰতক্ষ্যভাৱে প্ৰশ্ৰয় দিয়া বাবে প্ৰায়েই সমালোচনাৰ সন্মুখীন হয় পাকিস্তান৷ দেশখনে বহু সন্ত্ৰাসবাদীক জন্ম দিয়াৰো উদাহৰণ আছে৷ এইবাৰ দেশখনৰ চৰকাৰৰ সন্মুখতেই ঘটিছে আন এক ভয়ংকৰ ঘটনা৷ এই ঘটনাই স্বাভাৱিকতেই আতংকিত কৰি তুলিছে সকলোকে৷ 

 পাকিস্তানী মহিলাই এতিয়া মছজিদত মুকলিকৈ  শিৰচ্ছেদ কৰাৰ প্ৰশিক্ষণ  গ্ৰহণ কৰিছে৷ আৰু এই প্ৰশিক্ষণৰ ভিডিঅ’  ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ 
যদি আপুনি নবীক অসন্মান কৰে, তেন্তে আপোনাৰ  শিৰচ্ছেদ কৰা হ'ব। এই বাৰ্তাৰ সৈতেই এতিয়া  যুৱতীসকলক তৰোৱাল চালনাৰ  প্ৰশিক্ষণ দিয়া হৈছে। 
এই ভিডিঅ’টো হৈছে পাকিস্তানৰ লাল মহজিদৰ ৷  

ভিডিঅ'টোত এগৰাকী বোৰ্খা পৰিহিত  শিক্ষকক মছজিদৰ ভিতৰত তৰোৱালৰ সৈতে গুলপীয়া বোৰ্খা পিন্ধা যুৱতীসকলক প্ৰশিক্ষণ দিয়া দেখা গৈছে। যুৱতীসকলক কেনেদৰে শিৰচ্ছেদ কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া হৈছে।আনকি  যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ  সময়ত তৰোৱাল লৈ  শ্ল'গানো দিয়া দেখা গৈছিল।

সংবাদ  সূত্ৰ অনুসৰি, যদি পয়গম্বৰক অপমান কৰা হয়  শিৰচ্ছেদ কৰি শাস্তি প্ৰদান কৰা হয়৷  পাকিস্তানী যুৱতী সকলক বৰ্তমান এইয়াই   শিকোৱা হৈছে। এনে ধৰণৰ প্ৰশিক্ষণ মুকলিকৈ প্ৰদান কৰা  দেখি, সচেতন মহল হতবাক হৈ পৰিছে। বিশ্লেষক আমিনা বেগম আনছাৰীয়ে কয়, "আমি সমাজৰ পৰা এনে প্ৰশিক্ষণ বন্ধ কৰিব লাগিব। ''

বিজেপি নেতা নুপুৰ শৰ্মাই পয়গম্বৰৰ বিষয়ে মন্তব্য কৰি ভাৰতত যথেষ্ট বিতৰ্কৰ  সৃষ্টি কৰিছিল। তেওঁৰ বিতৰ্কিত মন্তব্যই আন্তৰ্জাতিক সম্প্ৰদায়তো ক্ষোভৰ সৃষ্টি কৰিছে। ইৰাণ, কাটাৰ, ইৰাণকে ধৰি কেইবাখনো দেশে নুপুৰৰ মন্তব্যক গৰিহণা দিছিল৷  ভাৰততো বিভিন্ন ৰাজ্যতো প্ৰতিবাদ  হৈছিল। নুপুৰে আনকি অভিযোগ কৰিছিল যে তেওঁৰ এনে  মন্তব্যৰ বাবে  ভাবুকি দিয়া হৈছিল। এনে এক পৰিস্থিতিৰ মাজত   পাকিস্তানত যুৱতীসকলৰ এনে প্ৰশিক্ষণ প্ৰদান কৰাটো  উদ্বেগজনক। এনে প্ৰশিক্ষণে পৰৱৰ্তী প্ৰজন্মক জঘন্য অপৰাধ কৰিবলৈ হয়তো উৎসাহ প্ৰদান কৰিব৷  গতিকে চৰকাৰৰ হস্তক্ষেপৰ জৰিয়তে এনে  প্ৰশিক্ষণ তৎক্ষণাৎ বন্ধ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক