--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সন্ত্ৰাসবাদক প্ৰতক্ষ্যভাৱে প্ৰশ্ৰয় দিয়া বাবে প্ৰায়েই সমালোচনাৰ সন্মুখীন হয় পাকিস্তান৷ দেশখনে বহু সন্ত্ৰাসবাদীক জন্ম দিয়াৰো উদাহৰণ আছে৷ এইবাৰ দেশখনৰ চৰকাৰৰ সন্মুখতেই ঘটিছে আন এক ভয়ংকৰ ঘটনা৷ এই ঘটনাই স্বাভাৱিকতেই আতংকিত কৰি তুলিছে সকলোকে৷ 

 পাকিস্তানী মহিলাই এতিয়া মছজিদত মুকলিকৈ  শিৰচ্ছেদ কৰাৰ প্ৰশিক্ষণ  গ্ৰহণ কৰিছে৷ আৰু এই প্ৰশিক্ষণৰ ভিডিঅ’  ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ 
যদি আপুনি নবীক অসন্মান কৰে, তেন্তে আপোনাৰ  শিৰচ্ছেদ কৰা হ'ব। এই বাৰ্তাৰ সৈতেই এতিয়া  যুৱতীসকলক তৰোৱাল চালনাৰ  প্ৰশিক্ষণ দিয়া হৈছে। 
এই ভিডিঅ’টো হৈছে পাকিস্তানৰ লাল মহজিদৰ ৷  

ভিডিঅ'টোত এগৰাকী বোৰ্খা পৰিহিত  শিক্ষকক মছজিদৰ ভিতৰত তৰোৱালৰ সৈতে গুলপীয়া বোৰ্খা পিন্ধা যুৱতীসকলক প্ৰশিক্ষণ দিয়া দেখা গৈছে। যুৱতীসকলক কেনেদৰে শিৰচ্ছেদ কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া হৈছে।আনকি  যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ  সময়ত তৰোৱাল লৈ  শ্ল'গানো দিয়া দেখা গৈছিল।

সংবাদ  সূত্ৰ অনুসৰি, যদি পয়গম্বৰক অপমান কৰা হয়  শিৰচ্ছেদ কৰি শাস্তি প্ৰদান কৰা হয়৷  পাকিস্তানী যুৱতী সকলক বৰ্তমান এইয়াই   শিকোৱা হৈছে। এনে ধৰণৰ প্ৰশিক্ষণ মুকলিকৈ প্ৰদান কৰা  দেখি, সচেতন মহল হতবাক হৈ পৰিছে। বিশ্লেষক আমিনা বেগম আনছাৰীয়ে কয়, "আমি সমাজৰ পৰা এনে প্ৰশিক্ষণ বন্ধ কৰিব লাগিব। ''

বিজেপি নেতা নুপুৰ শৰ্মাই পয়গম্বৰৰ বিষয়ে মন্তব্য কৰি ভাৰতত যথেষ্ট বিতৰ্কৰ  সৃষ্টি কৰিছিল। তেওঁৰ বিতৰ্কিত মন্তব্যই আন্তৰ্জাতিক সম্প্ৰদায়তো ক্ষোভৰ সৃষ্টি কৰিছে। ইৰাণ, কাটাৰ, ইৰাণকে ধৰি কেইবাখনো দেশে নুপুৰৰ মন্তব্যক গৰিহণা দিছিল৷  ভাৰততো বিভিন্ন ৰাজ্যতো প্ৰতিবাদ  হৈছিল। নুপুৰে আনকি অভিযোগ কৰিছিল যে তেওঁৰ এনে  মন্তব্যৰ বাবে  ভাবুকি দিয়া হৈছিল। এনে এক পৰিস্থিতিৰ মাজত   পাকিস্তানত যুৱতীসকলৰ এনে প্ৰশিক্ষণ প্ৰদান কৰাটো  উদ্বেগজনক। এনে প্ৰশিক্ষণে পৰৱৰ্তী প্ৰজন্মক জঘন্য অপৰাধ কৰিবলৈ হয়তো উৎসাহ প্ৰদান কৰিব৷  গতিকে চৰকাৰৰ হস্তক্ষেপৰ জৰিয়তে এনে  প্ৰশিক্ষণ তৎক্ষণাৎ বন্ধ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু