--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাধাৰণতে পৰিয়ালৰ মাজত হোৱা বিবাদ তেনেই এক স্বাভিমান ঘটনা। কিন্তু তেনে বিবাদে বহুসময়ত বিপজ্জনক ৰূপ লোৱা উদাহৰণো বহু সময়ত সমুখলৈ আহে। কেতিয়াবা এনে বিবাদৰ ফলস্বৰূপে হত্যাকাণ্ডৰ দৰে চূড়ান্ত ঘটনাও সংঘটিত হোৱাৰ উদাহৰণ অনেক আছে। শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ লাতুৰত। অৱশ্যে এই ঘটনাত মৃত্যুৰ মুখৰপৰা কথমপি ৰক্ষা পৰিছে এগৰাকী মহিলা। 

প্ৰকাশিত খবৰ অনুসৰি লাতুৰৰ নান্দেদ পথ অঞ্চলৰ কুষ্টদম এজন ব্যক্তিয়ে সোমবাৰে নিশা আহাৰ গ্ৰহণৰ সময়ত সমুখত বিৰিয়ানী নোপোৱাৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন চলোৱাৰ লগতে উপৰ্যুপৰি ছুৰিকাঘাত কৰে। আক্ৰমণকাৰী ব্যক্তিগৰাকীক বিক্ৰম বিনায়ক দেদে বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে দেদেই যোৱা নিশা নিচাগ্ৰস্ত অৱস্থাত ঘৰত প্ৰৱেশ কৰে আৰু বিৰিয়ানি দিবলৈ নিজ পত্নীক ধমকি দিয়ে। 

কিন্তু দেদেৰ পত্নীয়ে আহাৰত বিৰিয়ানি ৰন্ধা নাই বুলি উত্তৰ দিয়াৰ লগে লগে দেদেই খঙত একোনাই হৈ পৰে আৰু পত্নীৰ সৈতে তৰ্কত লিপ্ত হয়। দুয়োগৰাকীৰ মাজত হোৱা এই বিবাদৰ মাজতে দেদেই পত্নীক প্ৰহাৰ কৰে। ঘটনাই উগ্ৰ ৰূপ লোৱাৰ পাছতে পৰিয়ালৰ আন সদস্যসকলে দেদেক আঁতৰাই পঠাবলৈ চেষ্টা কৰে যদিও নিচাগ্ৰস্ত দেদেই এখন ছুৰি লৈ অতৰ্কিতে পত্নীক উপৰ্যুপৰি আঘাত কৰে।

পত্নীক এনেদৰে ছুৰিৰে আঘাত কৰাৰ পাছতে দেদেই ঘৰৰ পৰা পলায়ন কৰে। ইফালে ছুৰিৰ আঘাতত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী। অৱশ্যে পৰিয়ালৰ সদস্যসকলে ততাতৈয়াকৈ আহত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায়। পৰিয়ালৰ লোকসকলৰ এই তৎপৰতাৰ বাবে প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীথ।

স্থানীয় আৰক্ষীয়ে এই ঘটনাৰ খবৰ পোৱাৰ পাছতে চিকিৎসালয়ত উপস্থিত হয় আৰু পৰিয়ালৰ সদস্যসকলক ঘটনাৰ সন্দৰ্ভত প্ৰাথমিক সোধ-পোছ কৰে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ইতিমধ্যে পলাতক দেদেক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অভিযান আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে তেওঁ লগতে উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু