--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ আগমন। কালী পূজাৰ পাছত এই ঋতু পৰিৱৰ্তনৰ সময়ত স্বাস্থ্যজনিত বহুতো সমস্যাত ভুগিবলগীয়া হয়। বিশেষকৈ ডিঙিৰ বিষ বা মৃদু কাহ বহুতৰে হোৱা দেখা যায়। যদি আপুনি এনে সমস্যাৰ পৰা তৎক্ষণাত সকাহ পাব বিচাৰে তেন্তে আপুনি এই ঘৰুৱা দৰব ব্যৱহাৰ কৰিব পাৰে।

 এচামুছ হালধি গুড়ি, ১/২ চামুছ শুকান আদা গুড়ি আৰু ১/৪ চামুছ যষ্টিমধু গুড়ি আৰু ১/২ চামুছ মৌ ল’ব। এই সকলোবোৰ উপাদান ভালদৰে মিহলাই ল’ব। এই মিশ্ৰণটো পুৱা খালী পেটত আৰু নিশা শোৱাৰ আগতে সেৱন কৰিব লাগে। এই মিশ্ৰণ দিনটোত দুবাৰ খাব পাৰে। কিন্তু প্ৰতিদিনে খোৱা ভাল নহয়, সমস্যা হ’লেহে খাব লাগে। এমাহত ৪-৫ দিনতকৈ বেছি খাব নালাগে। ৫ বছৰৰ ওপৰৰ শিশুক দিব পাৰে, মাত্ৰ আপুনি খোৱা পৰিমাণৰ আধাখিনিহে দিব।

 কেনেদৰে উপকাৰ পাব-

এই মিশ্ৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। এই মিশ্ৰণত এন্টি-অক্সিডেন্ট, এন্টিভাইৰেল, এন্টিবেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী পোৱা যায়। ইয়াৰ উপৰি ইয়াত মেটাবলিজম বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি শুকান কাহ আৰু এলাৰ্জী কমোৱাতো ই অতি সহায়ক।

 তদুপৰি যিসকল লোকৰ অলপতে ঠাণ্ডা লাগে, তেওঁলোকে পুৱা বা নিশা বাহিৰলৈ ওলাই যাওঁতে ডিঙিত পাতল কপাহী গামোচা ব্যৱহাৰ কৰিব লাগে। এতিয়া ঠাণ্ডা পানী সলনি গৰম পানী খাবলৈ আৰু গা ধুবলৈ ব্যৱহাৰ কৰিব পাৰে। ডিঙি বিষৰ পৰা উপশম পাবলৈ গাৰ্গল কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী