--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ আগমন। কালী পূজাৰ পাছত এই ঋতু পৰিৱৰ্তনৰ সময়ত স্বাস্থ্যজনিত বহুতো সমস্যাত ভুগিবলগীয়া হয়। বিশেষকৈ ডিঙিৰ বিষ বা মৃদু কাহ বহুতৰে হোৱা দেখা যায়। যদি আপুনি এনে সমস্যাৰ পৰা তৎক্ষণাত সকাহ পাব বিচাৰে তেন্তে আপুনি এই ঘৰুৱা দৰব ব্যৱহাৰ কৰিব পাৰে।

 এচামুছ হালধি গুড়ি, ১/২ চামুছ শুকান আদা গুড়ি আৰু ১/৪ চামুছ যষ্টিমধু গুড়ি আৰু ১/২ চামুছ মৌ ল’ব। এই সকলোবোৰ উপাদান ভালদৰে মিহলাই ল’ব। এই মিশ্ৰণটো পুৱা খালী পেটত আৰু নিশা শোৱাৰ আগতে সেৱন কৰিব লাগে। এই মিশ্ৰণ দিনটোত দুবাৰ খাব পাৰে। কিন্তু প্ৰতিদিনে খোৱা ভাল নহয়, সমস্যা হ’লেহে খাব লাগে। এমাহত ৪-৫ দিনতকৈ বেছি খাব নালাগে। ৫ বছৰৰ ওপৰৰ শিশুক দিব পাৰে, মাত্ৰ আপুনি খোৱা পৰিমাণৰ আধাখিনিহে দিব।

 কেনেদৰে উপকাৰ পাব-

এই মিশ্ৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। এই মিশ্ৰণত এন্টি-অক্সিডেন্ট, এন্টিভাইৰেল, এন্টিবেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী পোৱা যায়। ইয়াৰ উপৰি ইয়াত মেটাবলিজম বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি শুকান কাহ আৰু এলাৰ্জী কমোৱাতো ই অতি সহায়ক।

 তদুপৰি যিসকল লোকৰ অলপতে ঠাণ্ডা লাগে, তেওঁলোকে পুৱা বা নিশা বাহিৰলৈ ওলাই যাওঁতে ডিঙিত পাতল কপাহী গামোচা ব্যৱহাৰ কৰিব লাগে। এতিয়া ঠাণ্ডা পানী সলনি গৰম পানী খাবলৈ আৰু গা ধুবলৈ ব্যৱহাৰ কৰিব পাৰে। ডিঙি বিষৰ পৰা উপশম পাবলৈ গাৰ্গল কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু