--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্কট ৰোগৰ  চিকিৎসা যথেষ্ট পৰিমাণে ব্যয়বহুল। কেন্সাৰ  চিকিৎসা ব্যয়বহুল হোৱা বাবে বহু ৰোগীয়ে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হয়। শেহতীয়াকৈ  কৰ্কট ৰোগৰ চিকিৎসা পদ্ধতিত সংযোজিত হৈছে কৰ্কট ৰোগৰ চিকিৎসাৰ অন্যতম আধুনিক অস্ত্ৰোপচাৰ কৌশল  টি-চেল থেৰাপী

টি-চেল থেৰাপীৰ দ্বাৰা কেন্সাৰ সম্পূৰ্ণৰূপে নিৰাময়ৰ চেষ্টা কৰা হৈছে বুলি চিকিৎসকলে দাবী কৰিছে। ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত তেজৰ কৰ্কট ৰোগৰ চিকিৎসাত ‘টি-চেল থেৰাপী’ প্ৰয়োগ কৰা হয়।  পুনৰ এই পদ্ধতিৰে তেজৰ কৰ্কট ৰোগৰ চিকিৎসা আৰম্ভ হ’ল।  অৱশ্যে এইবাৰ এই অস্ত্ৰোপচাৰৰ খৰচ বহু পৰিমাণে হ্ৰাস পোৱা বুলি চিকিৎসকে দাবী কৰিছে।

বিএআৰচি আৰু মুম্বাইৰ টাটা মেম'ৰিয়েল চেণ্টাৰে তেজৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে টি-চেল থেৰাপীৰ প্ৰয়োগ কৰি আহিছে । এনবিএমৰ সঞ্চালক ৰাজ কে শিৰুমাল্লাই কয় যে এই আধুনিক অস্ত্ৰোপচাৰৰ ব্যয় আমেৰিকা যুক্তৰাষ্ট্ৰত ৩-৪ কোটি টকা।  এতিয়া ভাৰতত, এই অস্ত্ৰোপচাৰৰ ব্যয় ২৫-৩০ লাখলৈ হ্ৰাস কৰা হৈছে। তেওঁ ভৱিষ্যতে এই চিকিৎসা পদ্ধতিৰ ব্যয় আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে।

তেজৰ কৰ্কট ৰোগ কেইবা প্ৰকাৰৰ।  ইয়াৰে এটা হ’ল ক্ৰনিক মাইল’ইড লিউকেমিয়া (CML)। ই মূলতঃ শ্বেত ৰক্তকণিকাৰ কৰ্কট ৰোগ। যেতিয়া ৰক্তকোষ উৎপন্ন কৰা হাড়ৰ মজ্জাৰ ষ্টেম চেলবোৰ অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া ই কেন্সাৰ ৰোগত পৰিণত হয়।  এই ধৰণৰ কেন্সাৰক ক্ৰনিক মাইল’জেনাছ লিউকেমিয়া বোলা হয়।  অস্বাভাৱিক হাৰত শ্বেত ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি হৈ হাড়ৰ মজ্জাত জমা হয়।  তাৰ পৰা ই তেজৰ দ্বাৰা সমগ্ৰ শৰীৰত বিয়পি পৰে।  শ্বেত ৰক্তকণিকাবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে যদি এই ৰক্তকণিকাবোৰৰ ভাৰসাম্য বিঘ্নিত হয়, তেন্তে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিঘ্নিত কৰে

এই তেজৰ কৰ্কট ৰোগ  অতি সোনকালে শৰীৰত বিয়পে। সেয়ে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে টি-চেল থেৰাপীৰ ব্যৱহাৰ কৰিছে। ইয়াৰ  সম্পূৰ্ণ নাম ‘চাইমেৰিক এন্টিজেন ৰিচেপ্টৰ টি-চেল থেৰাপি’।

আচলতে এয়া এক প্ৰকাৰৰ ইমিউন’থেৰাপি। এই পদ্ধতিয়ে শৰীৰৰ কিলাৰ টি-চেল (immune cells) বা টি-লিম্ফোচাইট কোষ সক্ৰিয় কৰে।  এনে অৱস্থাত দাতাৰ শৰীৰৰ পৰা টি-কোষবোৰ লৈ পৰীক্ষাগাৰত বিশেষ ধৰণে শক্তিশালী কৰা হয়।  তাৰ পিছত সেই টি-কোষবোৰে নিজৰ নিজৰ ৰিচেপ্টৰ উৎপন্ন কৰে। ইয়াৰ নাম দিয়া হৈছে ‘চাইমেৰিক এন্টিজেন ৰিচেপ্টৰ’ (CAR)। এই ৰিচেপ্টৰৰ কাম হ’ল কেন্সাৰ কোষ চিনাক্ত কৰি ধ্বংস কৰা।  তাৰ পিছত এই কোষবোৰ কেন্সাৰ ৰোগীৰ শৰীৰত সংস্থাপন কৰা হয়। চিকিৎসৰ মতে নতুনকৈ সংস্থাপিত কোষবোৰ ৰোগীৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেইবাগুণো বৃদ্ধি কৰে। ফলত কেন্সাৰ কোষৰ বিভাজন আৰু বৃদ্ধি দুয়োটা বন্ধ হ’বলৈ আৰম্ভ কৰে।  আৰু ৰোগীজনো ক্ৰমান্বয়ে সুস্থ হ’বলৈ ধৰে।  লগতে পৰিৱৰ্তিত টি কোষবোৰে শৰীৰত প্ৰৱেশ কৰি এন্টিব’ডিৰ দৰেও কাম কৰে।ফলত পুনৰ কেন্সাৰত অক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।l

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক