--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্কট ৰোগৰ  চিকিৎসা যথেষ্ট পৰিমাণে ব্যয়বহুল। কেন্সাৰ  চিকিৎসা ব্যয়বহুল হোৱা বাবে বহু ৰোগীয়ে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হয়। শেহতীয়াকৈ  কৰ্কট ৰোগৰ চিকিৎসা পদ্ধতিত সংযোজিত হৈছে কৰ্কট ৰোগৰ চিকিৎসাৰ অন্যতম আধুনিক অস্ত্ৰোপচাৰ কৌশল  টি-চেল থেৰাপী

টি-চেল থেৰাপীৰ দ্বাৰা কেন্সাৰ সম্পূৰ্ণৰূপে নিৰাময়ৰ চেষ্টা কৰা হৈছে বুলি চিকিৎসকলে দাবী কৰিছে। ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত তেজৰ কৰ্কট ৰোগৰ চিকিৎসাত ‘টি-চেল থেৰাপী’ প্ৰয়োগ কৰা হয়।  পুনৰ এই পদ্ধতিৰে তেজৰ কৰ্কট ৰোগৰ চিকিৎসা আৰম্ভ হ’ল।  অৱশ্যে এইবাৰ এই অস্ত্ৰোপচাৰৰ খৰচ বহু পৰিমাণে হ্ৰাস পোৱা বুলি চিকিৎসকে দাবী কৰিছে।

বিএআৰচি আৰু মুম্বাইৰ টাটা মেম'ৰিয়েল চেণ্টাৰে তেজৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে টি-চেল থেৰাপীৰ প্ৰয়োগ কৰি আহিছে । এনবিএমৰ সঞ্চালক ৰাজ কে শিৰুমাল্লাই কয় যে এই আধুনিক অস্ত্ৰোপচাৰৰ ব্যয় আমেৰিকা যুক্তৰাষ্ট্ৰত ৩-৪ কোটি টকা।  এতিয়া ভাৰতত, এই অস্ত্ৰোপচাৰৰ ব্যয় ২৫-৩০ লাখলৈ হ্ৰাস কৰা হৈছে। তেওঁ ভৱিষ্যতে এই চিকিৎসা পদ্ধতিৰ ব্যয় আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে।

তেজৰ কৰ্কট ৰোগ কেইবা প্ৰকাৰৰ।  ইয়াৰে এটা হ’ল ক্ৰনিক মাইল’ইড লিউকেমিয়া (CML)। ই মূলতঃ শ্বেত ৰক্তকণিকাৰ কৰ্কট ৰোগ। যেতিয়া ৰক্তকোষ উৎপন্ন কৰা হাড়ৰ মজ্জাৰ ষ্টেম চেলবোৰ অস্বাভাৱিক আৰু অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া ই কেন্সাৰ ৰোগত পৰিণত হয়।  এই ধৰণৰ কেন্সাৰক ক্ৰনিক মাইল’জেনাছ লিউকেমিয়া বোলা হয়।  অস্বাভাৱিক হাৰত শ্বেত ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি হৈ হাড়ৰ মজ্জাত জমা হয়।  তাৰ পৰা ই তেজৰ দ্বাৰা সমগ্ৰ শৰীৰত বিয়পি পৰে।  শ্বেত ৰক্তকণিকাবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে যদি এই ৰক্তকণিকাবোৰৰ ভাৰসাম্য বিঘ্নিত হয়, তেন্তে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিঘ্নিত কৰে

এই তেজৰ কৰ্কট ৰোগ  অতি সোনকালে শৰীৰত বিয়পে। সেয়ে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে টি-চেল থেৰাপীৰ ব্যৱহাৰ কৰিছে। ইয়াৰ  সম্পূৰ্ণ নাম ‘চাইমেৰিক এন্টিজেন ৰিচেপ্টৰ টি-চেল থেৰাপি’।

আচলতে এয়া এক প্ৰকাৰৰ ইমিউন’থেৰাপি। এই পদ্ধতিয়ে শৰীৰৰ কিলাৰ টি-চেল (immune cells) বা টি-লিম্ফোচাইট কোষ সক্ৰিয় কৰে।  এনে অৱস্থাত দাতাৰ শৰীৰৰ পৰা টি-কোষবোৰ লৈ পৰীক্ষাগাৰত বিশেষ ধৰণে শক্তিশালী কৰা হয়।  তাৰ পিছত সেই টি-কোষবোৰে নিজৰ নিজৰ ৰিচেপ্টৰ উৎপন্ন কৰে। ইয়াৰ নাম দিয়া হৈছে ‘চাইমেৰিক এন্টিজেন ৰিচেপ্টৰ’ (CAR)। এই ৰিচেপ্টৰৰ কাম হ’ল কেন্সাৰ কোষ চিনাক্ত কৰি ধ্বংস কৰা।  তাৰ পিছত এই কোষবোৰ কেন্সাৰ ৰোগীৰ শৰীৰত সংস্থাপন কৰা হয়। চিকিৎসৰ মতে নতুনকৈ সংস্থাপিত কোষবোৰ ৰোগীৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেইবাগুণো বৃদ্ধি কৰে। ফলত কেন্সাৰ কোষৰ বিভাজন আৰু বৃদ্ধি দুয়োটা বন্ধ হ’বলৈ আৰম্ভ কৰে।  আৰু ৰোগীজনো ক্ৰমান্বয়ে সুস্থ হ’বলৈ ধৰে।  লগতে পৰিৱৰ্তিত টি কোষবোৰে শৰীৰত প্ৰৱেশ কৰি এন্টিব’ডিৰ দৰেও কাম কৰে।ফলত পুনৰ কেন্সাৰত অক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।l

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ