--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ চিকিৎসা খণ্ডৰ বাবে সুখবৰ৷  ‘টাটা মেম’ৰিয়েল চেণ্টাৰ’ৰ চিকিৎসকসকলে কেন্সাৰ মেটাষ্টেছিছৰ বাবে এক বিশেষ থেৰাপী আৱিষ্কাৰ কৰিছে।এই চিকিৎসাৰ জৰিয়তে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ নিউট্ৰাচিউটিকেল থেৰাপী উদ্ভাৱন কৰা হৈছে। মৃত্যুমুখত পৰা কেন্সাৰ কোষবোৰে ‘ক্ৰম’জম ফ্ৰেগমেণ্ট’ (ক্ৰ’মেটিন) এৰি থৈ যায়, যিবোৰ কেতিয়াবা সুস্থ কোষৰ সৈতে মিলি নতুন টিউমাৰৰ সৃষ্টি কৰে বুলি এক দশকজোৰা অধ্যয়নত প্ৰকাশ পাইছে।

নিউট্ৰাচিউটিকেল হৈছে এনে খাদ্য বা খাদ্য সামগ্ৰী যিয়ে মৌলিক পুষ্টিৰ বাহিৰেও স্বাস্থ্য উপকাৰীতা প্ৰদান কৰে। ইয়াৰ কাৰণ প্ৰায়ে অতিৰিক্ত জৈৱ সক্ৰিয় যৌগ বা ঔষধি গুণ।

চিকিৎসকসকলৰ গৱেষণাৰ নেতৃত্ব দিয়া ডাঃ ইন্দ্ৰনীল মিত্ৰৰ মতে, কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপীয়ে প্ৰাথমিক টিউমাৰ কোষবোৰক হত্যা কৰাৰ বিপৰীতে মৃত্যুমুখী কৰ্কট কোষবোৰে ক্ৰ’মেটিন নিৰ্গত কৰে। যিবোৰক চিএফচিএইচপি বুলি কোৱা হয়। যি তেজৰ যোগেদি শৰীৰৰ অন্য ঠাইত সুস্থ কোষত প্ৰৱেশ কৰি তাত কেন্সাৰ সৃষ্টি কৰিব পাৰে।

চিএফচিএইচপিৰ ওপৰত অধিক পৰীক্ষাত দেখা গ’ল যে তাম আৰু এটা উদ্ভিদৰ পৰা তৈয়াৰী নিউট্ৰাচিউটিকেল যিয়ে নিষ্ক্ৰিয় কৰি মেটাষ্টেছিছৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।এই ঔষধ নিৰ্মাণৰ বাবে টিএমচিয়ে নিউট্ৰাচিউটিকেল নিৰ্মাতা কোম্পানী এটাৰ সৈতে সন্মিলিত হৈছে। যিটো কেমোথেৰাপিৰ সহায়ত এডজাণ্টেটিভ ট্ৰিটমেন্ট হিচাপে প্ৰেছক্ৰাইব কৰিব পাৰি।

এই চিকিৎসাৰ বাবে কৰ্কট ৰোগৰ টিউমাৰটো আঁতৰাই পেলোৱা হৈছে। তথাপিও ৰোগীৰ মৃত্যু হয়। ডাঃ মিত্ৰৰ মতে, তেওঁৰ দলটোৱে এন্দুৰত মানুহৰ স্তন কেন্সাৰ কোষত বেজী দিছিল। ডাঃ মিত্ৰই কয়, "আমি প্ৰথমে এন্দুৰৰ টিউমাৰৰ চিকিৎসা কৰি মগজুৰ বায়'প্সি কৰি তাত মানুহৰ কৰ্কট কোষৰ চিএফএইচপি পোৱা গৈছিল। অস্ত্ৰোপচাৰ, কেমোথেৰাপি আৰু বিকিৰণ ব্যৱহাৰ কৰি বিভিন্ন গৱেষণা চলাই একেধৰণৰ ফলাফল পোৱা গৈছিল। এটা দলে টিউমাৰ থকা এন্দুৰক নিউট্ৰাচিউটিকেল বেজী দিছিল।আৰু এই এন্দুৰৰ মগজুৰ বায়’প্সিত চিএফচিএইচপিৰ মাত্ৰা কম হোৱা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক