--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ চিকিৎসা খণ্ডৰ বাবে সুখবৰ৷  ‘টাটা মেম’ৰিয়েল চেণ্টাৰ’ৰ চিকিৎসকসকলে কেন্সাৰ মেটাষ্টেছিছৰ বাবে এক বিশেষ থেৰাপী আৱিষ্কাৰ কৰিছে।এই চিকিৎসাৰ জৰিয়তে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ নিউট্ৰাচিউটিকেল থেৰাপী উদ্ভাৱন কৰা হৈছে। মৃত্যুমুখত পৰা কেন্সাৰ কোষবোৰে ‘ক্ৰম’জম ফ্ৰেগমেণ্ট’ (ক্ৰ’মেটিন) এৰি থৈ যায়, যিবোৰ কেতিয়াবা সুস্থ কোষৰ সৈতে মিলি নতুন টিউমাৰৰ সৃষ্টি কৰে বুলি এক দশকজোৰা অধ্যয়নত প্ৰকাশ পাইছে।

নিউট্ৰাচিউটিকেল হৈছে এনে খাদ্য বা খাদ্য সামগ্ৰী যিয়ে মৌলিক পুষ্টিৰ বাহিৰেও স্বাস্থ্য উপকাৰীতা প্ৰদান কৰে। ইয়াৰ কাৰণ প্ৰায়ে অতিৰিক্ত জৈৱ সক্ৰিয় যৌগ বা ঔষধি গুণ।

চিকিৎসকসকলৰ গৱেষণাৰ নেতৃত্ব দিয়া ডাঃ ইন্দ্ৰনীল মিত্ৰৰ মতে, কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপীয়ে প্ৰাথমিক টিউমাৰ কোষবোৰক হত্যা কৰাৰ বিপৰীতে মৃত্যুমুখী কৰ্কট কোষবোৰে ক্ৰ’মেটিন নিৰ্গত কৰে। যিবোৰক চিএফচিএইচপি বুলি কোৱা হয়। যি তেজৰ যোগেদি শৰীৰৰ অন্য ঠাইত সুস্থ কোষত প্ৰৱেশ কৰি তাত কেন্সাৰ সৃষ্টি কৰিব পাৰে।

চিএফচিএইচপিৰ ওপৰত অধিক পৰীক্ষাত দেখা গ’ল যে তাম আৰু এটা উদ্ভিদৰ পৰা তৈয়াৰী নিউট্ৰাচিউটিকেল যিয়ে নিষ্ক্ৰিয় কৰি মেটাষ্টেছিছৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।এই ঔষধ নিৰ্মাণৰ বাবে টিএমচিয়ে নিউট্ৰাচিউটিকেল নিৰ্মাতা কোম্পানী এটাৰ সৈতে সন্মিলিত হৈছে। যিটো কেমোথেৰাপিৰ সহায়ত এডজাণ্টেটিভ ট্ৰিটমেন্ট হিচাপে প্ৰেছক্ৰাইব কৰিব পাৰি।

এই চিকিৎসাৰ বাবে কৰ্কট ৰোগৰ টিউমাৰটো আঁতৰাই পেলোৱা হৈছে। তথাপিও ৰোগীৰ মৃত্যু হয়। ডাঃ মিত্ৰৰ মতে, তেওঁৰ দলটোৱে এন্দুৰত মানুহৰ স্তন কেন্সাৰ কোষত বেজী দিছিল। ডাঃ মিত্ৰই কয়, "আমি প্ৰথমে এন্দুৰৰ টিউমাৰৰ চিকিৎসা কৰি মগজুৰ বায়'প্সি কৰি তাত মানুহৰ কৰ্কট কোষৰ চিএফএইচপি পোৱা গৈছিল। অস্ত্ৰোপচাৰ, কেমোথেৰাপি আৰু বিকিৰণ ব্যৱহাৰ কৰি বিভিন্ন গৱেষণা চলাই একেধৰণৰ ফলাফল পোৱা গৈছিল। এটা দলে টিউমাৰ থকা এন্দুৰক নিউট্ৰাচিউটিকেল বেজী দিছিল।আৰু এই এন্দুৰৰ মগজুৰ বায়’প্সিত চিএফচিএইচপিৰ মাত্ৰা কম হোৱা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু